বাগজান কাণ্ডৰ ৪৭ দিনত বন্ধ-অৱৰোধৰ ফলত অইলৰ খাৰুৱা তেলৰ লোকচান সৰ্বমুঠ ১১৭৬৪ মেট্ৰিক টন
নিয়মীয়া বাৰ্তা, ১৩ জুলাই : শেহতীয়া কৃত্ৰিম বানপানী আৰু নেৰানেপেৰা প্ৰৱল বৰষুণৰ ফলত অইল ইণ্ডিয়াৰ বাঘজান কাণ্ডৰ প্ৰতিৰোধী ব্যৱস্হাসমূহৰ ক্ষেত্ৰত কিছু বাধাৰ সন্মুখীন হ’বলগা হৈছে । ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ জৈৱ-প্ৰতিকাৰৰ প্ৰস্তুতিমূলক কাৰ্যসমূহ আগবঢ়াই নিয়াত বাধাৰ সৃষ্টি কৰিছে মুষলধাৰ বৰষুণৰ সৃষ্ট কৃত্ৰিম বানপানীয়ে ।
অৱশ্যে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পানীৰ পৰিমাণ কমিলে জৈৱ প্ৰতিকাৰ প্ৰক্ৰিয়াৰ বাবে জৈৱ সামগ্ৰী আৰু তাৰ প্ৰয়োগ আৰম্ভ কৰি দিয়া হ’ব বুলি অইলৰ বিবৃতিত প্ৰকাশিত ।
ইফালে কিছু অংশত পানীৰ পৰিমাণ কমিবলৈ আৰম্ভ কৰাত ডাঙৰি নদীৰ পাৰত অৱস্থিত পাম্প ষ্টেচন #১ ডেলিভাৰীৰ বাবে সাজু হৈ উঠাৰ বিপৰীতে পাম্প ষ্টেচন #২ এতিয়াও বানৰ পানীত ডুবন্ত অৱস্হাত আছে । সেইদৰে প্ৰতিকূল বতৰকো নেওচি মেচাৰ্চ ই.আৰ.এম. দলে কালি বাঘজানৰ সমীপৰ ঢেলাখাত চাহ বাগিচা আৰু মতাপুং গাঁৱত বিজ্ঞান সম্বন্ধীয় মূল্যায়ন কাৰ্য সম্পাদন কৰাৰ লগতে
টেৰি(TERI)ৰ দ্বাৰা বিশ্লেষনৰ বাবে বায়ুৰ গুণাগুণ আৰু শব্দৰ প্ৰাৱল্যৰ নমুনাসমূহ সংগ্ৰহ কৰা হৈছে । CSIR-NEIST ৰ দ্বাৰা বাঘজান কূপ নং ৫-ৰ সমীপৱৰ্তী অঞ্চলত ভূ-কম্পন অধ্যয়ন সম্বন্ধীয় ৰেকৰ্ডিং কাৰ্যও অব্যাহত আছে ।
ইফালে অইলৰ কাৰিকৰী দলে অতি তৎপৰতাৰে দিনে- নিশাই পৰ্টা ডেক মেট স্থাপন আৰু মেৰামতি কৰি বিস্তৰভাৱে ক্ষতি হোৱা কূপক্ষেত্ৰৰ পূৰ্বৰ অৱস্থালৈ ঘূৰাই অনাৰ বাবে অহৰহ ব্যস্ত হৈ থকাৰ লগতে ধ্বংসাৱশেষ আঁতৰ কৰা কাৰ্য আজি পুৱাৰে পৰা পুনৰ আৰম্ভ কৰিব পৰাকৈ সকলো পাম্প, সৰঞ্জাম আৰু সহায়ক আহিলাসমূহ সাজু কৰিবৰ বাবে পৰীক্ষণ কৰে এলাৰ্ট ডিজেষ্টাৰ, অ.এন.জি.চি. আৰু অইলৰ কাৰিকৰী দলে ।
ক্ষতিপূৰণৰ মূল্যায়ন অনুসৰি যোৱা ১২ জুলাইত ডুমডুমা আৰু তিনিচুকীয়া চক্ৰৰ অন্তৰ্গত মুঠ ১২৮৫ টা ক্ষতিগ্ৰস্হৰ পৰিয়ালৰ মূল্যায়ন কাৰ্য সম্পন্ন হৈছে । তাৎপৰ্যপূৰ্ণ যে বাঘজান ই.পি.এচ-ত বৰ্তমানে অৱৰোধ কাৰ্যসূচী অব্যাহত আছে । যোৱা ৭ জুলাই বিয়লিৰ পৰা বাঘজান ই.পি.এচ-ত অৱৰোধ কাৰ্যসূচী নিৰন্তৰ চলি থকাত ই.পি.এচ-ৰ সৈতে সংযুক্ত ১২ টাকৈ তেল কূপৰ কাম কাজ আজি পৰ্যন্ত স্হবিৰ হৈ আছে । এই স্হবিৰতাৰ ফলতেই বিগত ৬ টা দিনত ২৫৬৪ মেট্ৰিক টন খাৰুৱা তেল আৰু ৮.৫ নিযুত মেট্ৰিক ঘন মিটাৰ প্ৰাকৃতিক গেছৰ লোকচান হৈছে বুলি অইলৰ বিবৃতিত প্ৰকাশ ।
সমান্তৰালকৈ প্ৰতিবাদী জনতাই তিনিটা ড্ৰিলিং ক্ষেত্ৰ আৰু তিনিটা ৱৰ্কঅভাৰ ক্ষেত্ৰতো অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখিছে । অইলৰ তথ্য অনুসৰি অৱৰোধ আৰু বন্ধ কাৰ্যসূচীৰ ফলত ৪৫২ মেট্ৰিক টন খাৰুৱা তেল আৰু ১.৫১ নিযুত মেট্ৰিক ঘন মিটাৰ প্ৰাকৃতিক গেছৰ উৎপাদনত লোকচানৰ সন্মুখীন হৈছে অইল । ইফালে ১১ টা তেল কূপ আৰু ৫ টা গেছ কূপৰ কামতো বাধাপ্ৰাপ্ত হৈছে । উল্লেখযোগ্য যে যোৱা ২৭ মে’ বাঘজান কাণ্ডৰ সূত্ৰপাতৰ পৰা আজিলৈ বিভিন্ন বন্ধ আৰু অৱৰোধ কাৰ্যসূচীৰ ফলত খাৰুৱা তেলৰ লোকচান হৈছে সৰ্বমুঠ ১১৭৬৪ মেট্ৰিক টন আৰু প্ৰাকৃতিক গেছৰ লোকচান হৈছে সৰ্বমুঠ ২০.৪৭ নিযুত মেট্ৰিক ঘন মিটাৰ ।