মায়ং -পকৰীয়াত ভয়াবহ বান পৰিস্থিতি; পবিতৰা অভয়াৰন্যও সম্পূৰ্ণ জলমগ্ন
নিয়মীয়া বাৰ্তা, ১৪ জুলাই : জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়ং আৰু পকৰীয়া মৌজাৰ বানে ভয়াবহ ৰূপ ধাৰণ কৰিছে। সাগৰ সদৃশ বিশাল জলৰাশিয়ে অবৰ্ণনীয় কৰি তুলিছে বন্যাৰ্তৰ জীৱন । ব্ৰহ্ম্পুত্ৰৰ জলপৃষ্ঠ ওফন্দি উঠাত মায়ং ৰাজহ চক্ৰৰ প্ৰায় দুই শতাধিক গাঁৱৰ দুই লক্ষাধিক লোক বানৰ কৱলত পৰিছে। পকৰীয়াত নিৰ্মিত ব্ৰহ্মপুত্ৰৰ মথাউৰীত সহস্ৰাধিক লোকে আশ্ৰয় গ্ৰহন কৰিছে ।
পকৰীয়া মৌজাৰ বাট পথৰ লগতে ভতকগাঁও-বহা সংযোগী গড়কাপ্তানী পথ, মায়ং- ভকতগাঁও সংযোগী পথ , নাৰেঙ্গী-মায়ং সংযোগী পথ আৰু চমতা- মায়ং সংযোগী পথৰ ওপৰেদি পানী বাগৰাৰ ফলত যোগাযোগ বিচ্ছিন্ন হৈ আছে। আজি জাগীৰোড সমষ্টিৰ স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ঝাৰগাঁও, মনহা আদি অঞ্চলত উপস্থিত হৈ বান পৰিস্থিতৰ বুজ লয়।
মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ বানাক্ৰান্ত ৰাইজক বান সাহায্যও প্ৰদান কৰে। তাৰ বিপৰীতে এতিয়ালৈ জিলা প্ৰশাসনে কোনো ধৰণৰ বানসাহায্য প্ৰদান কৰা নাই। বিভিন্ন অঞ্চলত বিশুদ্ধ খোৱাপানী, পশু খাদ্য আৰু চিকিৎসাৰ অভাৱে দেখা দিছে। ৰাইজৰ মাজত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। ক্ৰমাত পানী বৃদ্ধি হোৱাত মনহা, ঘগুৱা, গড়মাৰী, দিপ্ৰাং,ঠেংভাঙা, বৰপাক, বহা-বৰজাৰী অঞ্চল প্লাবিত হৈছে। বহা – ভকতগাঁও সংযোগী গড়কাপ্তানী পথৰ সৰুকুলৈত কপিলী নদীৰ খহনীয়াৰ বাবে যোগাযোগ বিচ্ছিন্ন হোৱাৰ আশংকাই দেখা দিছে।
ইফালে পবিতৰা অভয়াৰন্যতো বান পৰিস্থিত ক্ৰমাত জটিল ৰূপ লৈছে। অভয়াৰন্যখনৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়কে ধৰি আটাইকেইটা বন শিবিৰেই জলমগ্ন হৈ আছে। পবিতৰাৰ গড়ৰ লগতে অন্যান্য জীৱ-জন্তুয়ে হাইলেণ্ডত আশ্ৰয় লৈছে। একমাত্ৰ গ্ৰামোন্নয়ন বিভাগে নিৰ্মাণ কৰা হাইলেণ্ড বাদ দি অন্যান্য এলেকা জলমগ্ন হোৱাৰ ফলত বন্যপ্ৰাণীসমূহৰ নাজল নাথল অৱস্থা হৈছে। অভয়াৰন্য খনৰ ৯৯ শতাংশ অঞ্চল বানৰ কৱলত পৰাৰ ফলত তীব্ৰ খাদ্য সংকটে দেখা দিছে । এশিঙীয়া গড়ৰ সুৰক্ষাৰ বাবে বনৰক্ষী সকলে অতি কষ্টেৰে যন্ত্ৰচালিত নাও আৰু হাত নাৱেৰে দিনে নিশাই টহল দি আছে।