গুৰুতৰভাৱে অসুস্থ কণ্ঠশিল্পী অৰ্চনা মহন্ত
নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ গুৰুতৰভাৱে অসুস্থ কণ্ঠশিল্পী অৰ্চনা মহন্ত। মঙলবাৰে ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈছিল শিল্পীগৰাকী। আজি সংকটজনক অৱস্থাত ICUত ভৰ্তি কৰোৱা হয়। মহানগৰীৰ হেল্থ চিটী হাস্পতালত ভৰ্তি হৈ আছে শিল্পীগৰাকী। শিল্পীগৰাকী শীঘ্ৰে সুস্থ হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে।
গণশিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ যুতিয়ে বহু কালজয়ী গীত উপহাৰ দিছে। অসমীয়া সংগীত জগতৰ নক্ষত্ৰ অৰ্চনা মহন্ত কিছুদিন ধৰি অসুস্থ হৈ আছিল। দীৰ্ঘদিন ধৰি নিজ কণ্ঠৰে আপ্লুত কৰি ৰাখিছিল শিল্পীগৰাকীয়ে।