নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেতনা দাসক জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চৰ বসন্ত বঁটা প্ৰদান

ৰাজ্যৰ বিশিষ্ট অভিনেত্ৰী চেতনা দাসক জাতীয়-জনগোষ্ঠীয় ঐক্যমঞ্চ, ডিব্ৰুগড়ে বসন্ত বঁটা-২০২৬ প্ৰদান কৰে৷ দুদিনীয়া বৰ্নাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে চৌকিডিঙ্গী খেলপথাৰত জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড়ৰ উদ্যোগত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় ব’হাগী বিদায় উৎসৱত কালি সামৰণি অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী চেতনা দাসক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়৷

জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড়ৰ সভাপতি ৰাণাৰঞ্জন গগৈৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বসন্ত বঁটা-২০২৬ গ্ৰহণ কৰি বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে কয় যে, জনগোষ্ঠীয় নামটোৱে মোক আকৃষ্ট কৰিছে৷ জাতিটো একগোট হৈ জীয়াই থাকিব লাগিব৷

আমাৰ মাজত ঐক্য বৃদ্ধি পাইছে৷ আমাৰ ঐক্য সদায় আছে আৰু সদায় থাকিব৷ সেই অনুপ্ৰেৰণাতে মই আজি জীয়াই আছো৷ নিজৰ ভাষণ প্ৰসংগত বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে সাংস্কৃতি ক্ষেত্ৰখনত খোজ পেলোৱা স্মৃতি সোঁৱৰণ কৰে৷

ইফালে এই অনুষ্ঠানতে সাংবাদিক জ্যোতিষ কুমাৰ পাতিৰৰ সম্পাদিত স্মৃতিগ্ৰন্থ ‘ঐক্য’ উন্মোচন কৰে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকাই৷ জাতীয়-জনগোষ্ঠীয় ঐক্য মঞ্চ, ডিব্ৰুগড়ৰ সম্পাদক বিতুপন দুৱৰাই আঁত ধৰা অনুষ্ঠানত বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল বুঢ়াগোহাঁই, কৈৱৰ্ত যুৱ-ছাত্ৰ সন্মিলনৰ সভাপতি জয়ন্ত দাস, গৌৰিশংকৰ দাস, কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰাঞ্জল দত্ত, বেংগলী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ সাধাৰণ সম্পাদক তাপস দাস আদিকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

ইফালে নিশা সাংস্কৃতিক সন্ধিয়াৰ গীত পৰিৱেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী গীতাঞ্জলি দাসে৷

বিশেষ বাৰ্তা, ডিব্ৰুগড়, ৮ মে’

You might also like