নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰহীন উছাহ-আনন্দৰ মাজেৰে সামৰণি পৰিল ফাটবিহুৰ

ঢকুৱাখনাবাসীৰ পাৰহীন উছাহ আৰু আনন্দৰ মাজেৰে শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা ঢকুৱাখনাৰ স্বকীয় লোক উৎসৱ ফাটবিহুৰ সামৰণি পৰিল। শুকুৰবাৰৰ পৰা তিনিদিনে উখল মাখল হৈ থকা চাৰিকড়ীয়াৰ নৈৰ পাৰৰ ম’হঘুলি চাপৰি দেওবাৰেও লোকাৰণ্য হৈ পৰিল।

প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত অনুষ্ঠিত হোৱা গছতলৰ মুকলি বিহু আৰু বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে দেওবাৰৰ দিনটো সকলো জাতি-জনগোষ্ঠীৰ মহামিলনৰ তীৰ্থত পৰিণত হ’ল ঢকুৱাখনাৰ ম’হঘূলি চাপৰি।

অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা জাতি-জনগোষ্ঠী সমূহৰ কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনেৰে জীপাল হৈ পৰিল ফাটবিহুৰ অন্তিম দিনৰ কাৰ্য্যসূচী। অন্তিম দিনটোত অনুষ্ঠিত হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। হাজাৰ হাজাৰ বিহুপ্ৰেমী ৰাইজৰ উপস্থিতিত শোভাযাত্ৰা উদ্ধোধন কৰে জনপ্ৰিয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী দীপলীনা ডেকাই।

ফাটবিহুৰ সাতামপুৰুষীয়া ঐতিহ্য,পৰম্পৰা দেখি অভিভূত হৈ পৰে কণ্ঠশিল্পীগৰাকী। ফাটবিহু বাকৰিৰ পৰা উলিওৱাৰ এই শোভাযাত্ৰাত ঢকুৱাখনাৰ ৰাজপথত এক বৰ্ণিল পৰিৱেশৰ সৃষ্টি কৰে। শোভাযাত্ৰাৰ প্ৰতিফলিত হয় অসমৰ প্ৰতিতো জাতি জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি।

সাংস্কৃতিক শোভাযাত্ৰাত মিচিং,দেউৰী, মৰান, সোণোৱাল কছাৰী, তিৱা, নেপালীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-কৃষ্টি প্ৰদৰ্শিত হয়। তদুপৰি অসমীয়া গ্ৰাম্য জীৱনৰ ভুই ৰোৱা,কঠীয়া সিঁচা,মাছধৰা, বিয়া, মৃতকৰ সকামকে ধৰি বহু দৃশ্য উপস্থাপন কৰাৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ নামাজ পাঠৰ দৃশ্যও ইয়াত প্ৰদৰ্শিত হয়।

ইয়াৰ পিছতে অনুষ্ঠিত হয় ফাটবিহুৰ মুখ্য আকৰ্ষণ মুকলি বিহু প্ৰতিযোগিতা। অৰ্ধ শতাধিক বিহুদলে অংশগ্ৰহণ কৰা মুকলি বিহু প্রতিযোগিতাখন উদ্বোধন কৰে জ্যেষ্ঠ কৃতি বিহুৱা নিৰঞ্জন গগৈয়ে। মুকলি বিহু উদ্ধোধনৰ পিছতেই পুৱাৰ পৰাই গমগমাই থকা বিহু বাকৰিত পুনৰবাৰ উঠিল বিহুনামৰ অপূৰ্ব উজান।

বিভিন্ন জাতি -জনগোষ্ঠীৰ বিহু দলসমূহে একেলগ হৈ গছৰ তলত প্ৰদৰ্শন কৰে বিহু। ঢোল-পেঁপাৰ মাতত কঁপি উঠা হাজাৰ হাজাৰ বিহুবলীয়া ৰাইজৰ উপস্থিতিত পুনৰবাৰ জীপাল হৈ পৰে চাৰিকড়ীয়া নদীৰ সেউজীয়া পাৰ। বিয়লিলৈ ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই সভাপতিত্বত অনুস্থিত হয় মুকলি সভা।

তিতাবৰৰ বিশিষ্ট সমাজকৰ্মী দিপাংকৰ হাজৰিকাই উদ্ধোধন কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট তাই গৱেষক, লোক-সংস্কৃতিৰ সাধক ড০ পুষ্প গগৈয়ে কয়- ফাটবিহু তলীৰ দৰে বিশাল, সেউজ স্থায়ী বিহুতলী অসমৰ ক’তোৱেই নাই। ঢকুৱাখনাবাসীয়ে এই প্ৰশংসনীয় কামেৰে অসমীয়া লোক-সংস্কৃতিলৈ অমূল্য অৰিহণা আগবঢ়াইছে।

আজিৰ দিনত কোনো বিদেশী পৰ্যটক,গৱেষক যদি অসমলৈ বিহুৰ বিষয়ে জানিবলৈ, গৱেষণা কৰিবলৈ আহে তেন্তে তেওঁলোকক দেখুৱাবলৈ ফাটবিহুৰ বাদে স্থায়ী বিহুতলী আৰু নিভাজ বিহু ঢকুৱাখনাৰ ফাটবিহুৰ বাদে একোৱেই নাই। নগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলৰ দৰে ফাটবিহুকো ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তোলাৰ দৰকাৰ বুলি মন্তব্য কৰে।

এইক্ষেত্ৰত স্থানীয় বিধায়ক নৱ কুমাৰ দলেই প্ৰচেষ্টাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই দিশত ইতিমধ্যে আগবঢ়োৱা অৱদানৰ বাবে তেওঁ চৰকাৰক প্ৰশংসা কৰে। মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা।

নিজৰ ভাষণত ছাত্ৰ নেতাজনে কয় যে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয়ে আজি বিজ্ঞান-প্ৰযুক্তিৰ জয়জয়কাৰ অৱস্থাত নিজৰ স্বকীয়তা হেৰুৱাইছে বুলি সৰৱ চৰ্চা চলি থকাৰ ধামখুমীয়াৰ মাজতো ঢকুৱাখনাৰ ফাটবিহুৱে ঐতিহ্যৰ শিপা ধৰি ৰাখি সকলো জাতি জনগোষ্ঠীৰ কৰা সংস্কৃতিৰ মহামিলন ঘটাই ৰাখিব পৰাটো অতি গৌৰৱৰ বিষয়।

তেওঁ লগতে কয় যে ফাটবিহুক ঢকুৱাখনা আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত পৰ্যটনৰ অপাৰ সম্ভাৱনা আছে। ঢকুৱাখনাৰ ফাটবিহুক ৪০ বিঘা মাটি আৰু ৪০ কোটি টকাৰ প্ৰকল্পতে সীমিত কৰি ৰখাৰ পৰিৱৰ্তে ১০০ বিঘাৰ মাটিত ৪০০ কোটি টকাৰ প্ৰকল্প হাতত লোৱা উচিত।

ফাটবিহু ক্ষেত্ৰখন বছৰৰ মাত্ৰ তিনিটা দিন ব্যৱহাৰ কৰি ৩৬২টা দিন চন পেলাই থলে নহ’ব বুলি শৰ্মাই মন্তব্য কৰে। বছৰৰ বাৰ মাহেই ফাটবিহুৰ তলীখন ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰাৰ প্ৰয়োজন। স্থানীয় ভাৱে উপলব্ধ উপাদানেৰে বিপণন খোলাৰ ওপৰতো শৰ্মাই গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে আমি হায়দৰাবাদৰ গামোচা ব্যৱহাৰ কৰি সংস্কৃতি জীয়াই ৰাখিব নোৱাৰোঁ।

থলুৱা শিপিনীয়ে ঘৰতে বোৱা গামোচা আমি ব্যৱহাৰ কৰিব পাৰিব লাগিব। আমি মহাৰাষ্ট্ৰৰ পাওভাজি, দক্ষিণৰ ইডলি -ঢোজা,মাঞ্চূৰিয়ান চাওমিন আৰু ম’ম খালেই নহ’ব আমাৰ তিল পিঠা ঘিলা পিঠাও তেওঁলোকক খোৱাব পাৰিব লাগিব।

ইফালে মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে বিধায়ক ডাঃ ৰণোজ পেগুকে ধৰি বহু কেইজন ৰাজনৈতিক ব্যক্তি উপস্থিত থকাৰ কথা আছিল যদিও উপস্থিত নাথাকিল। অৱশ্যে স্থানীয় বিধায়ক নৱ কুমাৰ দলেই লিখিতভাৱে তেওঁৰ বাৰ্তা প্ৰেৰণ কৰে আৰু সেইটো পাঠ কৰি দিয়া হয়।

ঢকুৱাখনাৰ ম’হঘুলি চাপৰিৰ পৰা পুলকজ্যোতি বৰা, ১১ মে’

You might also like