নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ জুলাইৰ পৰা মুকলি প্রেক্ষাগৃহ

নিষেধাজ্ঞাৰ মাজতে প্রদর্শন হ’ব চলচ্চিত্র

 নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ  ক’ভিড–১৯ মহামাৰীৰ সংক্রমণৰ ক্ষেত্রত কম বিপদজ্জনক অঞ্চল হিচাপে চিহ্ণিত বিভিন্ন চহৰত চলচ্চিত্র প্রেক্ষাগৃহবোৰ চীনে ২০ জুলাইৰ পৰা মুকলি কৰিব৷ অর্থাৎ চলচ্চিত্র প্রেক্ষাগৃহবোৰত ২০ জুলাইৰ পৰা দর্শকসকলে ছবি উপভোগ কৰিবলৈ সক্ষম হ’ব ক’ভিড–১৯ৰ অভিকেন্দ্র হিচাপে চিহ্ণিত দেশখনত৷  চাইনা ফিল্ম এডমিনিষ্ট্রেচনে এক বিবৃতিত সদৰী কৰিছে এই তথ্য৷ উল্লেখনীয় যে ছমাহ ধৰি ক’ভিড–১৯ মহামাৰীৰ বাবে দেশখনত বন্ধ হৈ আছে চলচ্চিত্র প্রেক্ষাগৃহবোৰ৷ অৱশ্যে পুনৰ এই প্রেক্ষাগৃহবোৰ মুকলি কৰা হ’ব যদিও এলানি নিষেধাজ্ঞা আৰোপ কৰি থৈছে প্রশাসনে৷ এই নিষেধাজ্ঞা অনুসৰি অতি কম ছবিৰহে প্রদর্শন হ’ব প্রেক্ষাগৃহসমূহত৷ ইয়াৰ উপৰি দর্শকসকলে ফেচ মাস্ক পৰিধান কৰাটো বাধ্যতামূলক হ’ব৷ লক্ষণীয়ভাৱে এতিয়াও ক’ভিড সংক্রমণৰ হটস্পট হিচাপে চিহ্ণিত চহৰসমূহত চলচ্চিত্র প্রেক্ষাগৃহ মুকলিৰ বিষয়টোৰ ক্ষেত্রত কোনো ধৰণৰ সিদ্ধান্ত গ্রহণ কৰা নাই প্রশাসনে৷

You might also like