নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ বছৰ বয়সতেই পলাই গৈ ISISত যোগ দিয়া ছেমিমাই পুনৰ লাভ কৰিবনে ইংলেণ্ডৰ নাগৰিকত্ব?

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ মাত্ৰ ১৫ বছৰ বয়সতেই নিজৰ দেশ এৰি সন্ত্ৰাসবাদী ISISত যোগদান কৰিছিল ইংলেণ্ডৰ ছেমিমা বেগমে। ছাত্ৰ অৱস্থাতেই দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰাৰ বাবেই নাগৰিকত্ব বাতিল কৰা হৈছিল ছেমিমাৰ।

দীৰ্ঘদিন সন্ত্ৰাসবাদী সংগঠনৰে জড়িত থকাৰ পাছত ছামিমে বিয়াত বহিছিল এজন যোদ্ধাৰ সৈতে আৰু তেওঁলোকৰ ৩টা সন্তান জন্ম হৈছিল। বিগত বৰ্ষত এক শৰণাৰ্থী শিবিৰত আছিল ছেমিমা আৰু এই সন্দৰ্ভত বাতৰি পৰিবেশন কৰা এজন সাংবাদিকৰ আগত কৈছিল যে তেওঁ সলনি হৈ কেছটোৰ পুনৰ মূল্যাংকণ কৰিব বিচাৰে তাইৰ ওপৰত যাতে দয়া কৰে।

এই সময়তে ছেমিমৰ পৰিয়ালক খবৰ দিয়া হৈছিল যে ব্ৰিটিছ নাগৰিকতা কাঢ়ি নিয়া হৈছে আৰু ছেমিন বৰ্তমান দেশহীন। কোনো দেশৰে বাসিন্দা নহয় তাই। বাংলাদেশেও তেওঁলোকৰ বাসিন্দা নহয় বুলি নাগৰিকত্ব নিদিয়াৰ কথা ঘোষণা কৰিলে।

ছেমিম নিজ দেশলৈ উভটিব বিচাৰে নিজৰ নাগৰিত্ব বিচাৰি যেতিয়া নিজ দেশলৈ প্ৰত্যাবৰ্তন কৰিব তেতিয়া নিজ দেশতেই দীৰ্ঘকালৰ বাবে বাস কৰাৰ অনুমতি লাভ কৰিব। আৰু আদালতত পূৰ্বৰ নাাগৰিত্ব বিচাৰি আৱেদন কৰিব পাৰিব। এক সূত্ৰত প্ৰকাশ পোৱা মতে যদিহে নাগৰিকতা বিচাৰি ছেমিমা নিজ দেশলৈ আহে তেন্তে তেওঁক ঘূৰাই পঠোৱাটো অসম্ভৱ।

You might also like