মৰিগাঁৱত নির্মাণ কৰা হ’ব ৭.৫ কিঃমিঃ মথাউৰি
নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি মৰিগাঁও জিলাৰ মায়ং ৰাজহ চক্রৰ অন্তর্গত বানাক্রান্ত অঞ্চলসমূহ পৰিদর্শন কৰে৷ এখন যন্ত্রচালিত নাৱেৰে মুখ্যমন্ত্রী সোণোৱালে জিলাখনৰ বান প্রভাৱিত এই বিস্তীর্ণ এলেকা পর্যবেক্ষণ কৰে৷ মুখ্যমন্ত্রী সোণোৱালে জাগীৰোড বিধানসভা সমষ্টিৰ অন্তর্গত মদনাবডী গাঁৱত নাৱেৰে গৈ উপস্থিত হৈ বন্যার্ত লোকৰ অৱস্থাৰো বুজ লয়৷ মদনাবডী গাঁৱৰ প্রায় ২০০টা পৰিয়ালে আশ্রয় লৈ থকা স্থানত উপস্থিত হৈ মুখ্যমন্ত্রী সোণোৱালে বানাক্রান্তসকলৰ সৈতে মত বিনিময় কৰে৷ মুখ্যমন্ত্রী সোণোৱালে মদনাবডীত উপস্থিত হোৱাৰ পূর্বে ৰাজহ চক্রটোৰ অন্তর্গত ঝাৰগাঁৱত বানত নিহত হোৱা ব্যক্তিৰ নিকটাত্মীয়লৈ ৰাজ্য চৰকাৰে ৪ লাখ টকাকৈ আগবঢ়োৱা এককালীন আর্থিক সাহায্যৰ চেকো প্রদান কৰে৷
বান প্রভাৱিত অঞ্চলসমূহ পৰিদর্শন কৰি সাংবাদিকৰ সৈতে কৰা মত বিনিময়ত মুখ্যমন্ত্রী সোণোৱালে কয় যে সম্প্রতি ৰাজ্যবাসীয়ে বান, গৰাখহনীয়া, ভূমিস্খলন আৰু ক’ভিড–১৯ৰ বিৰুদ্ধে একে সময়তে যুঁজ দিবলগীয়া হৈছে৷ বানাক্রান্ত ৰাইজৰ বাবে সাহায্য, চিকিৎসা সেৱা তথা উদ্ধাৰ কার্যকে ধৰি সকলো প্রকাৰৰ সেৱা ৰাজ্য চৰকাৰে নিষ্ঠাৰে আগবঢ়াইছে৷ এই দুর্যোগপূর্ণ সময়ত ৰাজ্যবাসীয়ে প্রদর্শন কৰা ধৈর্য আৰু সহযোগিতাৰ বাবে তেওঁ বানাক্রান্ত লোকসকলক ধন্যবাদ জনায়৷ মৰিগাঁও জিলাৰ জাগীৰোড বিধানসভা সমষ্টিৰ অন্তর্গত আটাইকেইটা মথাউৰিৰ নির্মাণকার্য জলসম্পদ বিভাগে ইতিপূর্বেই সম্পূর্ণ কৰি তোলাৰ কথা তেওঁ সদৰী কৰে৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ তৰফৰ পৰা পূর্বে নির্মাণ কৰা তথা বর্তমানে জৰাজীর্ণ ৰূপ লোৱা জাগীৰোড বিধানসভা সমষ্টি আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ সীমামূৰীয়া ৭.৫ কিঃমিঃ দৈর্ঘ্যৰ এটা মথাউৰি আগন্তুক দিনত ৰাজ্য চৰকাৰে পুনৰ নির্মাণ কৰিব৷
এই মথাউৰিটো নির্মাণ হৈ উঠিলে বহু হাজাৰ লোক বানৰ পৰা সুৰক্ষিত হ’ব৷ সেইদৰে জলসম্পদ বিভাগে ২৮ কোটি টকা ব্যয় সাপেক্ষে জিলাখনত নির্মাণকার্য চলাই থকা দুখন আঁচনি ক্রমে মিকিৰ গাঁও কাঠনি আৰু কাঠনিৰ পৰা পলাশগুৰিৰ মথাউৰি নির্মাণ শীঘ্রে সম্পূর্ণ হৈ উঠিববুলি তেওঁ সদৰী কৰে৷ শেহতীয়াকৈ ৰাজ্যখনে সন্মুখীন হোৱা এই সংকটপূর্ণ সময়ত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় চৰকাৰে ৰাজ্যবাসীৰ প্রতি প্রদর্শন কৰা সহমর্মিতা আৰু সহযোগিতাৰ কথাও মুখ্যমন্ত্রী সোণোৱালে সাংবাদিকৰ আগত ব্যক্ত কৰে৷ এই সন্দর্ভত তেওঁ কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ড’নাৰ মন্ত্রী ড০ জিতেন্দ্র সিঙে ৰাজ্যখনৰ সাম্প্রতিক পৰিস্থিতি সম্পর্কে নিয়মীয়াকৈ বুজ লৈ আহিছে৷ আজি পুৱাও প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে টেলিফোনযোগে বার্তালাপ কৰি ৰাজ্যখনৰ শেহতীয়া বান, গৰাখহনীয়া, ভূমিস্খলন, ক’ভিড আৰু বাঘজানৰ গেছ কূপৰ অগ্ণিনির্বাপণৰ বিষয়েবুজ লৈছে৷ ইয়াৰ উপৰি আজি লোকসভাৰ অধ্যক্ষ ওম বিৰলায়ো ফোনযোগে বার্তালাপ কৰি ৰাজ্যৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ কথা মুখ্যমন্ত্রী সোণোৱালে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ মুখ্যমন্ত্রী সোণোৱালে লগতে
উল্লেখ কৰে যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ইতিমধ্যে নিটি আয়োগৰ উপাধ্যক্ষৰ নেতৃত্বত ৰাজ্যৰ বান, গৰাখহনীয়া অধ্যয়ন কৰিবৰ বাবে এখন উচ্চস্তৰীয় কমিটী গঠন কৰিছে৷ এই কমিটীখনৰ পৰামর্শৱলীসমূহে ৰাজ্যৰ বান, গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান অনাৰ ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা ল’ব৷ সম্প্রতি ক’ভিড–১৯ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি মুখ্যমন্ত্রী সোণোৱালে জনসাধাৰণক সামাজিক দূৰত্ব মানি চলাৰ লগতে মাস্ক পৰিধান কৰা আৰু সঘনাই হাত ধোৱাৰ নীতি নিষ্ঠাৰে পালন কৰি যাবলৈ আহ্বান জনায়৷ তেওঁ কয় যে ক’ভিড–১৯ৰ পৰীক্ষা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত ৰাজ্যত ক’ভিড পজিটিভ লোকৰ সংখ্যা বৃদ্ধি হৈছে৷ কিন্তু ইয়াৰ বাবে জনসাধাৰণ আতংকিত হ’ব নালাগে৷ ৰাজ্যবাসীক ক’ভিড–১৯ৰ সংক্রমণৰ পৰা ৰক্ষা পাবলৈ স্বাস্থ্য বিভাগে নির্ধাৰণ কৰি দিয়া নীতি–নিয়মসমূহ দায়বদ্ধতাৰে মানি চলিবলৈ তেওঁ আহ্বান জনায়৷ মুখ্যমন্ত্রী সোণোৱালৰ বান পৰিস্থিতি পৰিদর্শনৰ সময়ত জলসম্পদ মন্ত্রী কেশৱ মহন্ত, স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্রী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰিকা আৰু মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী উপস্থিত আছিল৷