চেন্ট্ৰেল জে’লত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ যো–জা
নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) দ্রুত সংক্রমণে শংকিত কৰি তুলিছে ৰাজ্যবাসীক৷ ৰাজ্য প্রশাসনৰ হূৎপিণ্ডস্বৰূপ জনতাভৱনৰ পৰা ৰাজভৱনলৈ সকলোতে এতিয়া ক’ৰোনাৰ আতংক৷ শেহতীয়াকৈ ৰাজ্যত ক’ৰোনাৰ হটস্পটত পৰিণত হৈছে কাৰাগাৰসমূহ৷ কেন্দ্রীয় কাৰাগাৰৰ লগতে জিলা কাৰাগাৰৰ কয়দী আক্রান্ত হৈছে মাৰাত্মক ক’ৰোনাত৷ বিশেষকৈ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত এজনৰ পাছত আন এজন কয়দীৰ শৰীৰত ধৰা পৰিছে ক’ৰোনাৰ উপস্থিতি৷ ক’ৰোনা আক্রান্ত কয়দীক ভর্তি কৰোৱা হৈছে বিভিন্ন হাস্পতালত৷ কিন্তু এদিন পূর্বে সোণাপুৰৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা দুজন কয়দী পলায়ন কৰাৰ পাছতে উদ্বিগ্ণ হৈ পৰিছে কাৰাগাৰ কর্তৃপক্ষ৷ বিশেষকৈ হাস্পতালত চিকিৎসাধীন হৈ থকা ক’ভিড আক্রান্ত কয়দীৰ সুৰক্ষাক লৈ চিন্তিত কৰি তুলিছে ৰাজ্য চৰকাৰক৷ সেয়েহে কাৰাগাৰৰ কয়দী ক’ৰোনাত আক্রান্ত হ’লে চিকিৎসালয়ত ভর্তি কৰোৱাৰ বিপৰীতে কাৰাগাৰ চৌহদত ৰখাৰ বিকল্প ব্যৱস্থাৰ চিন্তা–চর্চা কৰা হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, শীঘ্রে গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত ক’ভিড কেয়াৰ চেণ্টাৰ স্থাপনৰ যো–জা কৰা হৈছে৷ লক্ষণ নথকা ৰোগীসকলক কাৰাগাৰৰ ভিতৰত থকা ক’ভিড কেয়াৰ চেণ্টাৰত ৰখা হ’ব৷ এই ক’ভিড কেয়াৰ চেণ্টাৰত স্বাস্থ্য বিভাগে নিয়োগ কৰিব চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মী৷ কেৱল গুৱাহাটী কেন্দ্রীয় কাৰাগাৰেই নহয়, ৰাজ্যৰ আন প্রান্তত থকা জিলা কাৰাগাৰৰ লগতে কেন্দ্রীয় কাৰাগাৰসমূহৰ ভিতৰতো অনুৰূপ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ উল্লেখ্য যে ৰাজ্যত বর্তমান কাৰাগাৰৰ সংখ্যা হৈছে ৩১খন৷ এই কাৰাগাৰসমূহৰ বহন ক্ষমতা হৈছে ৮,৯৩৭জন৷ ক’ৰোনাৰ সংক্রমণ আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ কাৰাগাৰসমূহৰ পৰা উচ্চতম ন্যায়ালয়ৰ নির্দেশমর্মে কয়দীৰ মুক্তি প্রক্রিয়া আৰম্ভ কৰা হয়৷ কাৰাগাৰসমূহৰ ভিতৰত সামাজিক দূৰত্ব নিশ্চিত কৰাৰ বাবে গ্রহণ কৰা এই ব্যৱস্থাৰ অধীনত ব্যক্তিগত জামিনত লঘু গোচৰত অভিযুক্ত কয়দীক মুকলি কৰি দিয়া হয়৷
ৰাজ্যৰ কাৰাগাৰসমূহৰ পৰা বর্তমানলৈ মুকলি কৰি দিয়া হৈছে ১,৪৬১জন কয়দীক৷ তৎসত্ত্বেও কাৰাগাৰসমূহত বন্দী হৈ থকা কয়দীৰ শৰীৰত ক’ৰোনাৰ উপস্থিতি ধৰা পৰে৷ গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰ মুঠ ২৬০জন কয়দীৰ শৰীৰত ধৰা পৰিছে ক’ৰোনাৰ সংক্রমণ৷ ইয়াৰে ১২৫জন কয়দী সুস্থ হৈ উঠিছে৷ তেওঁলোকক পুনৰ কাৰাগাৰলৈ ওভতাই অনা হৈছে৷ সম্প্রতি শিঙিমাৰীত ৬৮জন, টেপেচিয়াত ৬৭জন আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ১৬জন বন্দী চিকিৎসাধীন হৈ আছে৷ ইয়াৰ মাজতে এদিন পূর্বে চিকিৎসাধীন অৱস্থাত সোণাপুৰৰ পৰা জালুকবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ছাইবুল আহমেদ আৰু হাতীগাঁও আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ছাদ্দাম নামৰ দুজন অভিযুক্ত পলায়ন কৰে৷ বর্তমানেও তেওঁলোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে৷ কেৱল গুৱাহাটী কেন্দ্রীয় কাৰাগাৰৰে নহয়, ওদালগুৰি জিলা কাৰাগাৰ, মঙলদৈ জিলা কাৰাগাৰ, তেজপুৰ কেন্দ্রীয় কাৰাগাৰ, নগাঁও কেন্দ্রীয় কাৰাগাৰ আৰু গোলাঘাট জিলা কাৰাগাৰৰ কয়দীও আক্রান্ত হৈছে ক’ৰোনাত৷ এই ক’ৰোনা আক্রান্ত কয়দীক চিকিৎসাধীন কৰাৰ ক্ষেত্রত অনেক সমস্যাৰ সন্মুখীন হৈছে জিলা প্রশাসন৷
কিয়নো আন ৰোগীৰ সৈতে কয়দীসকলক ৰাখিব নোৱাৰে৷ হাস্পতালত তেওঁলোকক পৃথকে ৰখাৰ ব্যৱস্থা কৰিব লাগে৷ শেহতীয়াকৈ ক’ভিড কেয়াৰ চেণ্টাৰৰ পৰা হাজোতীয়ে পলায়ন কৰা ঘটনাই কাৰাগাৰ কর্তৃপক্ষক অধিক শংকিত কৰি তুলিছে৷