নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটকালত চকীৰ ৰাজনীতি

অসমত চৌদিশে এতিয়া বানৰ তাণ্ডৱ৷ মথাডৰি ছিগিছে, ঘৰ ডটিছে, মানুহ মৰিছে, হাজাৰ হাজাৰ বিঘাৰ কৃষি নষ্ট হৈছে৷ থাকিবলৈ ঠাই নাই৷ চাৰিওফালে মাথোঁ পানী আৰু পানী৷ উপায়ান্তৰ নাপাই বন্যার্তই ওখ ঠাইত নতুবা আশ্রয় শিবিৰত আশ্রয় লৈছে৷ এই সময়ছোৱাত যদি সংবাদ মাধ্যমৰ বাতৰিলৈ মন কৰা যায়, দেখা যাব, সকলোতে দুর্গত লোকে বিচাৰিছে মন্ত্রীজন নতুবা সমষ্টিৰ জনপ্রতিনিধিজন তেওঁলোকৰ কাষলৈ আহক৷ সংকটৰ সময়ত জনসাধাৰণে জনপ্রতিনিধিক কাষলৈ অহাটো অথবা সংকটমুক্তিৰ বাবে কার্যব্যৱস্থা গ্রহণ কৰাটো বিচাৰে৷ এইটো জনপ্রতিনিধিগৰাকীৰ প্রাথমিক দায়িত্ব৷ তেওঁলোকে ইয়াৰ পৰা আঁতৰি থাকিব নোৱাৰে৷ জনসাধাৰণৰ স্বার্থত আত্মনিয়োগ কৰিবই লাগিব৷ প্রেক্ষাপট যদি ৰাষ্ট্রীয়, এই মুহূর্তত ক’ভিড–১৯ নামৰ মাৰাত্মক ভাইৰাছটোৱে দেশখনত সৃষ্টি কৰিছে মহাসংকটৰ৷ সমান্তৰালকৈ সীমান্তত চীনৰ আগ্রাসন, ভগ্ণপ্রায় অর্থনৈতিক ব্যৱস্থা এইবোৰেও দেশখনৰ সন্মুখত একো একোটা ভয়ংকৰ সংকট হৈ থিয় দিছে৷

ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যাই ইতিমধ্যে ১১ লাখৰ ঘৰ অতিক্রম কৰিছে৷ অৱস্থা ইমানেই শোচনীয় হৈ পৰিছে যে চল্লিশ সহস্রাধিক লোক নতুনকৈ আক্রান্ত হৈছে৷ মৃত্যুৰ সংখ্যাও প্রতিদিনে বাঢ়ি আছে৷ জনসাধাৰণক ভাইৰাছটোৰ সংক্রমণৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ অঞ্চল ভিত্তিত নতুনকৈ সম্পূর্ণ লকডাডন বলৱৎ কৰিব লগা হৈছে৷ মুঠতে চতুর্দিশে দেশখনক সংকটে আৱৰি ধৰিছে৷ এই সময়ত দেশখনৰ জনসাধাৰণে বিচাৰিছে, সংকটৰ পৰা সমৃদ্ধিৰ দিশলৈ দেশবাসীক আগবঢ়াই নিয়াত আগভাগ লওক জনপ্রতিনিধিয়ে৷ এয়া জনতাৰ অধিকাৰ৷ আৰু জনতাৰ ইচ্ছা–আকাংক্ষাক বাস্তাৱ ৰূপ দিয়াটো জনপ্রতিনিধিৰ কর্তব্য৷ কিন্তু তাকে নকৰি যদি চৰকাৰ ভঙা–গঢ়াৰ খেলত ব্যস্ত থকা হয়? ৰাজস্থানত বিগত কিছুদিন ধৰি সেয়াই ঘটি আছে৷ ক’ৰোনাই সংকটৰ সৃষ্টি কৰা ৰাজ্যখনত চলি আছে মুখ্যমন্ত্রী হ’ব বিচৰা আৰু মুখ্যমন্ত্রীৰ চকীখন নিজৰ বাবে সুৰক্ষিত কৰি ৰখা নির্লজ্জ যুঁজ৷ তাৰে মাজত আলাই–আথানিৰ সীমা নোহোৱা হৈছে জনতাৰ অধিকাৰৰ৷

কংগ্রেছৰ দেশজুৰি কি দুৰৱস্থা, তাক কোৱাৰ আৱশ্যক নাই বুলিয়েই ক’ব পাৰি৷ বহু বছৰ ধৰি দলটোৱে সফলতা লাভ কৰা নাই৷ এটা বিশেষ পৰিয়ালৰ হাতোৰাত বন্দী দলটোৰ প্রতি ভাৰতবর্ষৰ জনসাধাৰণ ইমানেই বীতশ্রদ্ধ যে কংগ্রেছ প্রায় এলাগী হৈ পৰিছে৷ তাৰ মাজতো দলটোৰ যি দুই–এজন নেতাই জনসাধাৰণৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে, তাৰে মাজৰ অন্যতম শচীন পাইলট৷ যুৱনেতাজনৰ প্রতি সমগ্র ভাৰতবর্ষৰ জনসাধাৰণৰ টান এটা আছে৷ তেওঁৰ ৰাজনৈতিক ভৱিষ্যতক লৈ আশাবাদী লোকৰ সংখ্যা সম্ভৱতঃ ৰাহুল গান্ধীতকৈও বেছি৷ কিন্তু যুৱনেতাজনে শেহতীয়াকৈ বহু লোকক নিৰাশ কৰিলে৷ ভুল সময়ত ৰাজনৈতিক ডচ্চাকাংক্ষা পূৰণ কৰিবলৈ গৈ তেওঁ কংগ্রেছৰ সেই নেতাসকলৰ শাৰীলৈকে নিজকে লৈ গ’ল, যিসকলৰ বাবে আজি দেশৰ সবাতোকৈ প্রাচীন দলটোক লৈ দেশৰ জনসাধাৰণে সপোন ৰচিবলৈ প্রায় এৰিয়েই দিলে৷ লগতে এটা কথা বোধগম্য নহ’ল, মাথোঁ কেইজনমান বিধায়কৰ সমর্থন লৈ নিজ চৰকাৰৰ বিৰুদ্ধে বিদ্রোহ ঘোষণা কৰা পাইলটৰ প্রকৃত ডদ্দেশ্য অশোক গেহলটক মুখ্যমন্ত্রীৰ চকীখনৰ পৰা আঁতৰাই নিজেই চকীখনত বহা আছিল নে ব্লেকমেইলৰ জৰিয়তে আন কিবা সিদ্ধি কৰিব বিচাৰিছিল?

দুশখন আসনবিশিষ্ট ৰাজস্থান বিধানসভাত কংগ্রেছৰ বিধায়কৰ সংখ্যা ১০৭জন৷ বিজেপিৰ বিধায়কৰ সংখ্যা ৭২জন৷ নির্দলীয় তথা সৰু সৰু দলৰ বিধায়কৰ সংখ্যা ১৩জন৷ তাৰে মাজত বি টি পি, চি পি আই(এম)ৰ দুজনকৈ বিধায়ক আছে৷ ৰাষ্ট্রীয় লোক দলৰ এজন বিধায়ক আছে৷ এই পাঁচজন বিধায়কৰ সমর্থন অশোক গেহলটৰ সৈতে আছে৷ দলৰ মাজতে সৰু–সুৰা গোটৰ জৰিয়তে গেহলটক মুখ্যমন্ত্রীৰ চকীৰ পৰা আঁতৰাব নোৱাৰি৷ তেনেক্ষেত্রত শচীন পাইলটে লগত মাথোঁ ১৮জন বিধায়কক লৈ অশোক গেহলটক প্রত্যাহবান জনাবলৈ যোৱা মানে নিজৰ ৰাজনৈতিক ভৱিষ্যৎ সংকটত পেলোৱাহে হ’ব৷ অৱশ্যে যদি শীর্ষ পর্যায়ৰ কোনো নেতাৰ সেডজ সংকেত থাকে, সেইটো সুকীয়া৷ যিয়েই নহওক, শচীন পাইলটৰ দৰে সম্ভাৱনাপূর্ণ নেতা এজনে দেশৰ সংকটৰ সময়ত নিজ দলৰে চৰকাৰ ভঙা–গঢ়াৰ খেলত আত্মনিয়োগ কৰাৰ অর্থ এটাই হ’ব, তেওঁ জনতাৰ সংকটলৈ পিঠি দিব বিচাৰিছে৷ এইটো নেতাৰ চৰিত্র হ’বই নোৱাৰে৷ পাইলটে কিছুদিন অপেক্ষা কৰিব লাগিছিল৷

হার্ড ইমিডনিটী আৰু ক’ৰোনা ভাইৰাছ

বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ সংক্রমণে মানৱ সভ্যতালৈ প্রচণ্ড ভাবুকি কঢ়িয়াই আনিছে৷ ভাইৰাছটোৰ প্রতিষেধক অথবা দৰব আজিলৈকে নোলোৱাত মানুহক মানুহৰ কাষৰ পৰা আঁতৰাই ৰাখি সংক্রমণ ৰোধৰ যুঁজ চলাই থকা হৈছে৷ এইখন যুঁজ কিমান দিনলৈ চলিব, তাৰো নিশ্চয়তা নাই৷ অৱশ্যে দৰব, ভেকচিন প্রস্তুতৰ ক্ষেত্রত কেইবাখনো দেশৰ প্রয়াসে কিছু আশাৰ সঞ্চাৰ ঘটাইছে৷ তেতিয়ালৈকে ঘৰতে থাকক, সুৰক্ষিত হৈ থাকক নীতিৰ বিকল্প নাই৷ এনে সময়তে কিছুমান বিকল্প চিন্তাই মানুহৰ মনলৈ সুখানুভূতি যোগায়৷ তেনে এটা বিষয় হৈছে হার্ড ইমিডনিটী৷ ইয়াক হার্ড ইফেক্ট, ছ’চিয়েল ইমিডনিটী, পপুলেচন ইমিডনিটী আদি ভিন্ন নামেৰে জনা যায়৷ হার্ড ইমিডনিটী ৰোগ প্রতিৰোধ ক্ষমতাৰ সৈতে জডিত৷ সমাজৰ বিশাল জনসমষ্টি এটাৰ যেতিয়া কোনো সংক্রামক ৰোগ প্রতিৰোধৰ ক্ষমতা গঢ়ি ডঠে, তেতিয়া ৰোগ প্রতিৰোধ ক্ষমতা নথকা বা দুর্বল লোকেও সেই ৰোগৰ পৰা পৰোক্ষাভাৱে সুৰক্ষা লাভ কৰে৷ এপিডেমি’লজিষ্টৰ ভাষাত, এই পৰোক্ষভাৱে সুৰক্ষা দিয়াটোৱেই হৈছে হার্ড ইমিডনিটী৷ ইয়াক হার্ড প্রটেকচন বুলিও জনা যায়৷

হার্ড ইমিডনিটী প্রতিষেধক (ভেকচিন) লৈ আৰু ৰোগাক্রান্ত হৈ অর্জন কৰিব পাৰি৷ সফলভাৱে হার্ড ইমিডনিটী অর্জিত হ’লে, জনসাধাৰণক নির্দিষ্ট সংক্রামক ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰি৷ এই হার্ড ইমিডনিটীৰ অভাৱতে ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাইছিল৷ ভাইৰাছটোৰ সংক্রমণ আৰম্ভ হোৱা সময়ত কার্যতঃ কাৰোৱেই ইমিডনিটীবা ৰোগ প্রতিৰোধ ক্ষমতা নাছিল৷ কোনো ধৰণৰ বাধা নোপোৱাকৈ ৰোগটো দ্রুতগতিত এটা অঞ্চলৰ পৰা আনটো অঞ্চললৈ আৰু পিছত এখন দেশৰ পৰা আন এখন দেশলৈ বিয়পি পৰে আৰু বিশ্বজোৰা মহামাৰী ৰোগত পৰিণত হয়৷ ভাইৰাছটোৰ অদ্যাপি কোনো প্রতিষেধক বা দৰব ওলোৱা নাই৷ এনে অৱস্থাত হার্ড ইমিডনিটীয়ে বিশ্ববাসীক ক’ৰোনাৰ পৰা ৰক্ষা কৰিব পাৰিব নেকি?
কোনো এখন দেশৰ আশী শতাংশ লোক কোনো এটা ভাইৰাছৰ বিৰুদ্ধে প্রতিৰোধ শক্তিৰে সমৃদ্ধ হ’লে প্রতি পাঁচজনৰ চাৰিজনেই ৰোগীৰ সংস্পর্শলৈ আহিলেও ভাইৰাছটোৰদ্বাৰা সংক্রমিত নহ’ব৷ ফলত ৰোগটোৰ বিস্তাৰ নহ’ব৷ একেদৰে যিসকলৰ দেহত ৰোগ প্রতিৰোধ ক্ষমতা নাথাকে, তেওঁলোকো ৰোগীৰ সংস্পর্শলৈ অহাৰ সম্ভাৱনা কমি যাব৷ হার্ড ইমিডনিটী অর্জনৰ বাবে সংক্রমণ–প্রৱণতা ওপৰত নির্ভৰ কৰি ৫০ৰ পৰা ৯০ শতাংশলৈ জনগোষ্ঠীৰ ৰোগ প্রতিৰোধ সক্ষমতা দৰকাৰ৷

এসময়ত বসন্ত, মাম্পছ, পলি’ আদি ৰোগ মানুহৰ মাজত সততে দেখা গৈছিল৷ কিন্তু প্রতিষেধক প্রয়োগৰ জৰিয়তে মানুহৰ মাজত হার্ড ইমিডনিটী অর্থাৎ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সেইবোৰ ৰোগৰ প্রাদুর্ভাৱ যথেষ্টখিনি কমি গ’ল৷ মাম্পছ তীব্র সংক্রামক ৰোগ৷ ইয়াৰ ৰি–প্রডাকচন হাৰ ১০–১২৷ অর্থাৎ এজন মাম্পছ ৰোগীয়ে ১০–১২জনলৈ বেমাৰবিধ সোঁচৰাব পাৰে৷ মাম্পছৰ বাবে হার্ড ইমিডনিটী অর্জন কৰিবলৈ হ’লে জনগোষ্ঠীৰ ৯২ শতাংশৰ ৰোগ প্রতিৰোধ সক্ষমতা দৰকাৰ৷ এইটো প্রতিষেধকৰ জৰিয়তে সম্ভৱ৷ কিন্তু ছার্ছ–কোভ–২ ভাইৰাছৰ ক্ষেত্রত হার্ড ইমিডনিটী অর্জনৰ জৰিয়তে ভাইৰাছটোক পৰাজিত কৰিব পৰাটো সহজসাধ্য নহ’ব৷ ইয়াৰ কাৰণ হ’ল, প্রতিষেধক বা দৰব নাই৷ নিজে সংক্রমিত হৈ ৰোগ প্রতিৰোধ ক্ষমতা বঢ়াব লাগিব৷ কিন্তু সমস্যাটো হ’ল, ক’ভিড–১৯ৰ মৃত্যু ‘ৰিস্ক’ অধিক৷ দেশৰ যুৱ সমাজক তুলনামূলকভাৱে নিৰাপদবুলি ধৰি সংক্রমিত কৰিলেও কোটি কোটি অপ্রাপ্তবয়স্ক, বৃদ্ধ আদি ৰৈ যাব৷

You might also like