ক’ভিড–১৯ত মৃত্যু তিৰুমালা বালাজী মন্দিৰৰ প্রাক্তন মুৰব্বী পুৰোহিতৰ
নিয়মীয়া বাৰ্তা ২১ জুলাইঃ ঐতিহাসিক তিৰুমালা শ্রীভেংকটেশ্বৰা স্বামী মন্দিৰৰ প্রাক্তন মুৰব্বী পুৰোহিত শ্রীনিৱাস মূর্তি ডিক্ষিতিলুৰ আজি ক’ভিড–১৯ত মৃত্যু ঘটে৷ তিৰুপতি এছভিআইএমএছ হাস্পতালত ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাত সোমবাৰে পুৱা ৮০ বছৰীয়া তিৰুমালা বালাজী মন্দিৰৰ প্রাক্তন পুৰোহিতগৰাকীৰ মৃত্যু ঘটে৷ তিনিটা দশক ধৰি বংশানুক্রমে মন্দিৰৰ পুৰোহিত হিচাপে সেৱা আগবঢ়োৱা পুৰোহিতগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷ উল্লেখ্য যে এছএম ডিক্ষিতিলুৱে পেডিনতি বংশক প্রতিনিধিত্ব কৰিছিল৷ ঐতিহাসিক মন্দিৰটোত চাৰিটা বংশই প্রতিনিধিত্ব কৰে৷ ইয়াৰে ভিতৰত পেডিনতি অন্যতম৷ বাকী তিনিটা হৈছে গোল্লাপল্লি, পাইডিপল্লি আৰু তিৰুপথম্মা৷