নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মই ক’ৰোনা পজিটিভ

    মই এগৰাকী ক’ৰোনাত আক্ৰান্ত ব্যক্তি । বিগত ১৪ জুলাই মঙলবাৰৰ পৰা গুৱাহাটী মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ আছোঁ । সংবাদমাধ্যম তথা জৰুৰীকালীন সেৱাৰ সৈতে জড়িত হৈ থকাৰ কাৰণে বিগত দিনকেইটাত স্বাভাৱিকভাৱে কৰ্মস্থলীলৈ অহা যোৱা কৰি আছিলোঁ । ক’ৰোনা প্ৰতিৰোধৰ বাবে যিখিনি যাৱতীয় সাৱধানতা ল’ব লাগে সেই সকলো খিনি লৈয়ে সদায় কাৰ্যালয়লৈ অহা যোৱা কৰি আছিলোঁ । কিন্তু কেনেদৰে আক্ৰান্ত হ’লো সেয়া মোৰ বাবে এতিয়াও সাঁথৰ ।

  শেহতীয়াকৈ মোৰ দেহত ক’ৰোনাৰ কিছুমান উপসৰ্গই দেখা দিছিল । কেইদিনমান জ্বৰ, মূৰবিষ, কাঁহ হৈছিল। অৱশ্যে কোনোধৰণৰ টেবলেট নোখোৱাকৈ ঠিক হ’ল। তাৰ পাছতেই খোৱা আহাৰৰ সোৱাদ নোপোৱা হ’লো । স্বাস্থ্যৰ বিশেষ অসুবিধা নহ’লেও দায়বদ্ধতাৰ খাতিৰত ১৪ জুলাইত নিজেই পানবজাৰস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হস্পিতালত এন্টিজেন টেষ্ট কৰাবলৈ আগবাঢ়ি গ’লো । খুব কম সময়ৰ ভিতৰত ক’ৰোনা পৰীক্ষাৰ ফলাফল আহিল পজিটিভ । মোৰ দেহত ক’ৰোনাৰ অৱস্থিতি পোৱাৰ পাছত মোক চিকিৎসালয়ত ক’ৰোনা ৱাৰ্ডত ভৰ্তি কৰোৱা হ’ল ।

  চিকিৎসালয়ত প্ৰথম দিনা মোক ৰখা ৱাৰ্ড টোত প্ৰায় ৭জন মান ব্যক্তি চিকিৎসাধীন হৈ আছিল । আৰু এতিয়া সেই ৱাৰ্ডটোত চিকিৎসাধীন হৈ আছে মুঠ ২২ জন ব্যক্তি । ৱাৰ্ডটোৰ অধিক সংখ্যক লোক জৰুৰীকালীন সেৱাৰ লগত জড়িত । ক’ৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে ষাঠিৰুদ্ধৰ পৰা শিশুলৈকে ।
কিন্তু চিকিৎসালয়ত ২৪ ঘণ্টায়ে নিজৰ দায়িত্ব পালন কৰি থকা স্বাস্থ্যকৰ্মীসকলৰ কষ্ট, কৰ্মোদ্যম আৰু ব্যৱহাৰ দেখি সঁচাকৈয়ে আমি অভিভূত হৈছোঁ ।

  খাদ্যৰ কথা যদি উল্লেখ কৰোঁ তেন্তে পুৱা ৮ মান বজাত একাপ চাহ, কল, কণী আৰু পুৰী চবজিৰ সৈতে আৰম্ভণি হয় দিনটো । দুপৰীয়া ১ পৰা ২ বজাৰ ভিতৰত দিনৰ আহাৰ আমাক যোগান ধৰে । সেই আহাৰত কেতিয়াবা যদি মাছ থাকে, কেতিয়াবা থাকে মাংস । আবেলি ৪ মান বজাত একাপ চাহৰ সৈতে বিস্কুট নহ’লে এটা আপেল দিয়ে। ইপিনে সন্ধিয়া আকৌ একাপ হ‌‌‌ৰ্লিকছ । ৰাতি ৯ পৰা ১০ মান বজাৰ ভিতৰত ৰাতিৰ আহাৰ প্ৰদান কৰে । যিসকলে নিৰামিষ খাব বিচাৰে তেওঁলোকৰ বাবে নিৰামিষ আহাৰ আৰু যিসকলৰ মধুমেহ বা অন্য কোনো বেমাৰ থাকে তেওঁলোকৰ সুবিধা অনুযায়ী আহাৰৰ ব্যৱস্থা কৰে হস্পিতাল কৰ্তৃপক্ষই ।

 আনহাতে দিনটোত নিয়মিত দুবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰে চিকিৎসকসকলে । নিয়মীয়া পৰীক্ষাত অক্সিজেন লেভেল, শৰীৰৰ উষ্ণতা , ৰক্তচাপ জোখাৰ উপৰিও কাৰোবাৰ যদি শৰীৰৰ আন কিবা অসুবিধা অনুভৱ কৰে, তেন্তে যিকোনো সময়তে চিকিৎসকৰ পৰামৰ্শ ল’ব পাৰে ।

 এইখিনিতে উল্লেখ কৰিবই লাগিব যে সততে আলোচিত পৰিষ্কাৰ- পৰিছন্নতা দিশটোৰ প্ৰতি গুৰুত্ব দিছে চিকিৎসালয় কতৃপক্ষই । মই থকা ৱাৰ্ডৰ লগতে লেট্ৰিন, বাথৰূম যথেষ্ট পৰিষ্কাৰ । ইয়াত আক্ৰান্ত হৈ থকা লোক সকলৰ মানসিক দিশটোৰ প্ৰতিও লক্ষ্য কৰি স্বাস্থ্যকৰ্মীসকলে সাহস দিয়ে । ইজনে সিজনে দুই এষাৰ কথা পাতিও কিছু সময় পাৰ কৰিছোঁ । নিজৰ চকুৰে যি দেখিছোঁ এনে মহামাৰীৰ ক’ৰোনা যোদ্ধা তথা স্বাস্থ্য কৰ্মী সকলৰ ৰোগীৰ প্ৰতি যি দায়বদ্ধতা, ত্যাগ সঁচাই বৰ কষ্টকৰ । এইয়া মোৰ ব্যক্তিগত অভিজ্ঞতা প্ৰকাশ কৰিলোঁ । ক’ৰোনাক লৈ শংকিত নহ’ব কিন্তু সহজ ভাৱেও নল’ব । অনাৱশ্যকীয় কাৰণত ঘৰৰ পৰা ওলাই নাহিব, বিশেষ কাৰণত ঘৰৰ বাহিৰলৈ যোৱা সকলেও মাস্ক পৰিধান কৰাৰ লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰি সকলো ধৰণৰ প্ৰতিৰোধ মূলক ব্যৱস্থা গ্ৰহণ কৰক । জনসমাগমৰ পৰা নিজকে আঁতৰাই ৰাখক । এইয়া মোৰ আপোনালোকলৈ এটি মাত্ৰ অনুৰোধ ।

-ৰাজা বুঢ়াগোহাঁই,                                                       ৭৮৯৬৬৭০৪৮০

You might also like