নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ বাতৰিৰ প্ৰতিক্ৰিয়াঃ উপায়ুক্ত পেগুৰ মতে চি এছ আৰ একাউণ্টত ক্ষতিপূৰণৰ টকা ‘পাৰ্কিং’হে কৰিছিল

বাঘজান কাণ্ডৰ বাবে আছুতীয়াকৈ থৈছে ২৫০ কোটি টকা

নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ ‘নিয়মীয়া বাৰ্তাৰ বাতৰিৰ ব্যাপক প্ৰতিক্ৰিয়া/ ডুবাই নিৱাসী খনি অভিযন্তা সমুদ্ৰজিৎ গোহাঁইৰ মতে ক’ৰ্পৰেট এক্ট ভঙ্গ কৰিছে অইলে’ শীৰ্ষক বাতৰি প্ৰকাশৰ পাছত সুকীয়া সুকীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অইলৰ মুখপাত্ৰ আৰু জিলাধিপতিয়ে। তিনিচুকীয়াৰ উপায়ুক্ত ভাস্কৰ পেগুৰ মতে বাঘজান কাণ্ডত বাসগৃহ ভস্মীভূত হোৱা ১১ টা পৰিয়ালক ২০ লাখকৈ সৰ্বমুঠ ২ কোটি ২০ লাখ টকা চি এছ আৰ ফাণ্ডৰ পৰা দিয়া হোৱা নাই। উক্ত একাউণ্টত অইলে প্ৰদান কৰা ক্ষতিপূৰণৰ টকা খিনি ‘পাৰ্কিং’ কৰিহে ৰাখিছিল। বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ ত্ৰিদীপ হাজৰিকাই টেলিফোনযোগে কয় যে চি এছ আৰৰ টকা ক্ষতিপূৰণত ব্যৱহাৰ কৰাটো চৰকাৰী নীতি অনুসৰি দণ্ডনীয়। বাঘজান সম্পৰ্কীয় সকলোবিলাক খৰচ অপাৰেচনেল একাউণ্টৰ পৰাহে আদায় দিয়া হয়। বছৰি ১০০ কোটি টকাৰ প্ৰায় ৬০/ ৭০ কোটি টকা চি এছ আৰৰ নামত খৰচ কৰা হয়। তেওঁ জানিবলৈ দিয়া মতে বাঘজান কাণ্ডত সকলোধৰণৰ খৰচৰ বাবে আনুমানিক খৰচ ধাৰ্য কৰি ২৫০ কোটি টকা সুকীয়াকৈ ৰাখিছে। দিন বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ পৰিমাণো বৃদ্ধি পাব। বাঘজানৰ জুই নিৰ্বাপন সন্দৰ্ভত জানিব বিচৰাত অইলৰ মুখপাত্ৰ হাজৰিকাই কয় – ৬/ ৭ দিন কঠোৰ পৰিশ্ৰমৰ দিন। ইয়াৰ সকলোবোৰ সফলতা নিৰ্ভৰ কৰিছে চাহাব (বিদেশী বিশেষজ্ঞ) সকলৰ ওপৰত। আমি কেৱল নিৰাপদ দূৰত্বৰ পৰা সহযোগহে কৰো। ১৩৫ খন দেশত কাম কৰাৰ অভিজ্ঞতা থকা চাহাবহঁ‌তে বিভিন্ন ঠাইত প্ৰতিবাদৰ সন্মুখিন হৈ আহিছে যদিও সিদিনা বাঘজানত সন্মুখিন হোৱাৰ দৰে অপ্ৰীতিকৰ সমস্যাৰ অভিজ্ঞতা লাভ কৰা নাই। পুৱাৰে পৰা কৰ্মৰত বিদেশী বিশেষজ্ঞ, অইল আৰু অ’ এন জি চিৰ বিষয়া- কৰ্মচাৰীসকলে পুৱতি নিশা ২.৩০ বজাতহে প্ৰতিবাদী জনতাৰ বেহুৰ পৰা মুক্ত হয়। যাৰ বাবে তেওঁলোকে অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালকলৈ ফোন যোগে বাঘজান ত্যাগ কৰাৰ কথা অৱগত কৰে। নিশা ১১ বজাত সেই সন্দৰ্ভত চি এম ডিয়ে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো অৱগত কৰে। বহু কাকূতি- মিনতি কৰাতহে তেওঁলোকে বাঘজান ত্যাগৰ সিদ্ধান্ত সলনি কৰে। এনে ঘটনাই বিশ্বজুৰি অসম কিম্বা ভাৰত সম্পৰ্কে বিয়োগাত্মক প্ৰভাৱ পেলাইছে বুলি তেওঁ তাৎপৰ্যপূৰ্ণভাৱে উল্লেখ কৰে। ইফালে ভূৰখা মহলৰ মতে বিদেশী ক’ৰ্পৰেট হাউচসমূহে ক’ৰ্পৰেট বিছনেছ এথিকছ অনুসৰি ঘটনাস্থলিৰ জনসাধাৰণ আৰু কোনো অনুষ্ঠানৰ আৱগ- অনুভূতিত আঘাত হানিব পৰা কাম নকৰে। যিহেতু তেওঁলোকৰ কাম গেছ লিক আৰু ব্ল’ আউট নিয়ন্ত্ৰণহে। বাঘজান বাসী, অইল ইণ্ডিয়া আৰু চৰকাৰৰ মাজৰ সংঘাত তেওঁলোকৰ বিচাৰ্য বিষয় নহয়। ত্ৰিদীপ হাজৰিকাৰ মতে ক্ষতিপূৰণ ধাৰ্য নিৰ্ভৰ কৰে চৰকাৰী নীতি- নিৰ্দেশনাৰ ওপৰত। ক্ষতিগ্ৰস্তৰ মূল্যায়ন চলি আছে। ফলাফল আহিলেই আমি ক্ষতিপূৰণ প্ৰদান কৰিম। জুই নিৰ্বাপনটো প্ৰধান কথা নহয়। অনিয়ন্ত্ৰিত অৱস্থাত থকা গেছ আৰু তেলৰ নিৰ্গমন বন্ধ হ’লেই জুই নুমাই যাব। ৰসায়নিক দ্ৰব্যসহ বিভিন্ন প্ৰক্ৰিয়াৰে গেছ- তেলৰ নিৰ্গমন বন্ধ কৰা প্ৰক্ৰিয়াকেই কাৰীকৰী অৰ্থত ‘কিলিং’ বোলা হয়। মাজতে কোনো অঘটন নহ’লে অহা শুক্ৰ/ শনিবাৰ (২৪/ ২৫ জুলাই)ৰ ভিতৰত বি জি আৰ ৫ ৰ সমস্যা সমাধান হোৱাৰ সম্ভাৱনা আছে।
ইফালে ক্ষতিপূৰণ প্ৰদান সন্দৰ্ভত প্ৰৱাসী অসমীয়া সমুদ্ৰজিৎ গোহাঁইয়ে কয় যে অইল ইণ্ডিয়াৰ দ্বাৰা বাঘজানৰ কিছু ক্ষতিগ্ৰস্ত লোকক ক্ষতিপূৰণ আদায় দিয়া কাৰ্যক চি এছ আৰ শিতানত খৰচ হৈছেে বুলি দেখুৱা কাৰ্যটো আছিল অতি আচৰিত৷ চকু কপালত উঠা চৰকাৰী জাননীখনত তিনিচুকীয়াৰ উপায়ুক্তৰ স্বাক্ষৰ আছে৷ তেওঁৰ মতে হয়তো তিনচুকীয়াৰ উপায়ুক্তক অইলৰ দ্বাৰা সম্পূৰ্ণ বিপথে পৰিচালিত কৰা হৈছে৷ কাৰণ চি এছ আৰ স্পেণ্ডিং বুলি অইলে নিজৰ ৱেবছাইটৰ ক’তো উল্লেখ কৰা নাই। কেৱল তিনিচুকীয়াৰ উপায়ুক্তৰ স্বাক্ষৰ থকা জাননীখনতহে চি এছ আৰ একাউণ্টৰ পৰা এই টকা দিয়া হৈছে বুলি উল্লেখ আছে৷ অতি দুখঃজনক বিষয় যে আজি বিয়লি বাঘজান ৰিগ ৫ ত জুই নিৰ্বাপন কৰি থকা মুহূৰ্ততে এক ভয়ংকৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। উল্লেখ্য যে জুই নিৰ্বাপনৰ কামত নিয়োজিত হৈ থকা দুগৰাকী বিদেশী বিশেষজ্ঞকেধৰি তিনিগৰাকী বিশেষজ্ঞ গুৰুত্বৰ ভাৱে আহত হৈছে। অগ্নিদগ্ধৰ ফলত আহত সকলক ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰলৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

You might also like