নিয়মীয়া বাৰ্তা, ২২ জুলাইঃ আমচৈ অঞ্চলৰ আমচৈ আৰু হাটবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত কপিলী উপনৈৰ দক্ষিণ পাৰত থকা তিনিখন গাঁৱৰ ৰাইজ বানপানীত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। কপিলী উপনৈৰ পানী মথাউৰি লৈকে ভৰি থকা বাবে আমচৈ অঞ্চলত হোৱা প্ৰবল বৰষুণৰ পানী ওলাই যাব নোৱাৰাৰ বাবেই এই বানপানীৰ সৃষ্টি হৈছে। কপিলী উপনৈৰ দক্ষিণ পাৰত থকা পূৱবোলা, পশ্চিমবোলা আৰু বৰালিমাৰী ইত্যাদি গাঁৱৰ ৰাইজ বানপানীৰ ফলত অধিক ক্ষতিগ্ৰস্ত হৈছে। এই তিনিখন গাঁৱৰ ৰাইজে কপিলীৰ মথাউৰিৰ ওপৰত আশ্ৰয় লৈ আছে। স্থানীয় গাঁও বুঢ়া অৰুণাভ নায়কৰ পৰা জানিব পৰা মতে এই তিনিখন গাঁৱৰ ১৭০টা পৰিয়াল এই বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।