নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাই অনা দাৰিদ্র্যৰ পৰিণতি: ৪৫ হাজাৰ টকাত চাৰি মহীয়া কন্যাশিশুক বিক্রী কৰিলে পিতৃয়ে

নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ কোকৰাঝাৰ জিলাৰ কচুগাঁৱত যোৱা কিছুদিন পূর্বে সংঘটিত হয় মানৱ সভ্যতাক লজ্জানত কৰা এক মর্মান্তিক ঘটনা ৷ সমগ্র ৰাজ্যতে ক’ৰোনা মহামাৰী আৰু বানপানীয়ে এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ মাজতে এগৰাকী দৰিদ্র পিতৃয়ে নিজ চাৰিমহীয়া কন্যা সন্তানক ৪৫ হাজাৰ টকাৰ বিনিময়ত দালাল চক্রৰ হাতত বিক্রী কৰে৷ এনে ঘটনা পোহৰলৈ অহাৰ পিছতে কোকৰাঝাৰৰ ‘নাদান ফাউণ্ডেচন’ নামৰ আগশাৰীৰ এটা স্বেচ্ছাসেৱী সংস্থাই আগুৱাই আহে আৰু তৎপৰতাৰে কন্যা শিশুটিক দালালৰ হাতৰ পৰা উদ্ধাৰ কৰে৷ এনে ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্র জিলাখনতে প্রতিক্রিয়াৰ সৃষ্টি হয়৷ কচুগাঁও এলেকাৰ অতি দুর্গম তথা পিছপৰা অঞ্চল কুনটলা মানদাৰীয়া গাঁও নিৱাসী দীপক ব্রহ্ম ওৰফে হাণ্ডি গুজৰাটত ব্যক্তিগত কোম্পানীত কর্মৰত হৈ আছিল যদিও ক’ৰোনাৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি সমগ্র দেশতে লকডাউন ঘোষণা হোৱাত তেওঁ নিজ গৃহলৈ উভতি আহিবলৈ বাধ্য হয়৷

ইপিনে, লকডাউনৰ মাজতে গুজৰাটৰ পৰা খালী হাতে উভতি আহিবলগীয়া হোৱাত তিনি সন্তানৰ পিতৃ দীপক ব্রহ্মই পৰিয়ালটোক পোহপাল দিয়াত যথেষ্ট কষ্টৰ সন্মুখীন হ’লগীয়াত পৰে আৰু অভাৱ–নাতনৰ ফলতে নিজ সন্তানক বিক্রী কৰাৰ দৰে এক চৰম সিদ্ধান্ত গ্রহণ কৰিবলৈ বাধ্য হয় বুলি পৰিয়ালে সদৰী কৰে৷ জানিব পৰা মতে, নিজ পত্নীক সম্পূর্ণ অন্ধকাৰত ৰাখি কোকৰাঝাৰৰ এক দুষ্ট চক্রৰ প্রৰোচনাত দীপক ব্রহ্মই ৪৫ হাজাৰ টকাৰ বিনিময়ত কার্বি আংলঙৰ কোনো সভ্রান্ত পৰিয়ালক চাৰিমহীয়া শিশুটিক বিক্রী কৰাৰ যো–জা চলাইছিল৷ সেই মতে চক্রটোৰ দুগৰাকী মহিলা ক্রমে পৰিণীতা নার্জাৰী (৩৫) আৰু ৰীতা ব্রহ্মই (৩৭) জুলাই মাহৰ প্রথম সপ্তাহত দীপক ব্রহ্মৰ কচুগাঁওস্থিত গৃহত উপস্থিত হৈ কণমানি শিশুটিকবলপূর্বক লৈ যায়৷ মাতৃৰ পৰা কণমানি শিশুটিক বিক্রী কৰাৰ দৰে ঘটনাটোৰ বিষয়ে গঞা ৰাইজ অৱগত হোৱাত কচুগাঁও থানাত এক লিখিত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়েও অতি তৎপৰতাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰে আৰু ঘটনাৰ লগত জড়িত পিতৃ দীপক ব্রহ্ম ওৰফে হাণ্ডিৰ উপৰি দালাল চক্রৰ পৰিণীতা নার্জাৰী আৰু ৰীতা ব্রহ্মক আৰক্ষীয়ে আটক কৰি সোধা–পোছা কৰাৰ অন্তত জে’ল–হাজোতলৈ প্রেৰণ কৰে৷

You might also like