নিয়মীয়া বাৰ্তা , ২৩ জুলাইঃ এক হৃদয় বিদাৰক, নিদাৰুণ, অমানৱীয় আৰু অতি মৰ্মস্পৰ্শী। চৱিয়ে হয়তু কেতিয়াও মিছা নকয়। চিলাপথাৰত চাৰিদিন পূৰ্বে চুৰি গৰু সজাই অবৈধ ভাবে আৰক্ষীয়ে জব্দ কৰা ২১৭ টা গৰুৰ অৱস্থা স্বস্বক্ষে নেদেখা জনৰ হয়তু উপলদ্ধি নহ’ব। গৰু কেইটা জব্দ কৰি পহু চিকিৎসা বিভাগক চমজাই দিছে যদিও বান্ধি থোৱা গৰু কেইটাক দানা পানীৰ ব্যৱস্থা নকৰাত খাৱলৈ নাপাই মৃত্যুৰ ক্ষণ গনিছে এটা এটাকৈ। কোনো এজন হৃদয়বান লোকৰ বাবে এই অমনৱনীয় দৃশ্যবোৰ প্ৰত্যক্ষ কৰাতো মুঠেই সহজ নহব। কিন্তু মাত্ৰ কেইটামান টকাৰ বাবে এগৰাকী দ্বায়িত্বশীল আৰক্ষী বিষয়াই কিমান তললৈ যাব পাৰে আৰু বিভাগটোক বিপথে পৰিচালিত কৰি অৱশেষত সমগ্ৰ আৰক্ষী বিভাগটোকে লজ্জানত কৰা এই কাণ্ডৰ মূল মাষ্টাৰ মাইণ্ড আৰক্ষী বিষয়া পদ্মেশ্বৰ বৰকটকীৰ বিৰুদ্ধে কিয় এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই, নে ভণ্ড এই আৰক্ষীৰ কাণ্ডত শীৰ্ষ মহলৰ আৰক্ষীৰ আৰ্শীবাদ আছে বুলি ৰাইজে প্ৰশ্ন কৰিছে। চক্ৰান্তকাৰী আৰক্ষীয়ে বেপাৰীৰ নথিপত্ৰ পৰীক্ষাৰ সৌজন্যতাবোধ নকৰি একপক্ষীয় আৰু দাবী ধমকিৰে চুৰ গৰু সজাই ভাৰতীয় দণ্ড বিধি আইনৰ ৩৭৯/৪২০৪১১/৩৪ ধাৰাৰ ৩০৩/২০ নম্বৰত গোচৰ পঞ্জীয়ন কৰি এক জটিল বিষয় লৈ ঠেলি দিয়ে। ভুক্তভোগী গৰু ব্যৱসায়ীসকলে লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাই সমষ্টিৰ স্থানীয় বিধায়ক ভূৱন পেগুৰ চিলাপথাৰস্থিত ঘৰ ঘেৰাও কৰি আৰক্ষীৰ নিৰ্যাতৰ বিৰুদ্ধে হুছাৰ হয়। বিষয়টোত বিধায়ক ভূৱন পেগুৱে ক্ষুন্ন হৈ আৰক্ষীৰ শীৰ্ষ মহলৰ সৈতে যোগাযোগ কৰি অতি শীঘ্ৰে গৰু মুকলাই দিবলৈ সকীয়নি প্ৰদান কৰে। বিধায়ক ভূৱন পেগুৱে মুখ্যমন্ত্ৰীক বিষয়টো অৱগত কৰি দাবী ধমকিৰে আৰক্ষীয়েহে গৰু চিণ্ডিকেট চলোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইপিনে আৰক্ষীয়ে দাবী ধমকি দি বেপাৰীৰ পৰা টকা লয় আৰু আৰক্ষী বিষয়া পদ্মেশ্বৰ বৰকটকীয়ে ইয়াৰ এজেন্ট হিচাপে কাম কৰে বুলি চিচিবৰগাঁও আৰক্ষী চকীৰ বিষয়া চন্দ্ৰ ফুকনে খুদ আৰক্ষীৰ বিৰুদ্ধে মহা বিস্ফোৰণ ঘটাত সমগ্ৰ আৰক্ষী বিভাগটোৰ মাজতেই তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। বিষয়টোক সাংসদ প্ৰদান বৰুৱাই গুৰুত্ব সহকাৰে লৈ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰি গৰু মোকলাই দিয়াৰ ব্যৱস্থা কৰিবলৈ কয় আৰু বিষয়টোক মুখ্যমন্ত্ৰীক অৱগত কৰি আৰক্ষীৰ এনে কাণ্ড বন্ধ কৰিবলৈ দাবী জনায়। আৰক্ষীৰ অবৈধ গৰু জব্দৰ বিৰুদ্ধে কালি জিলা উপায়ুক্তক বেপাৰীয়ে অভিযোগ দাখিল কৰে।
উল্লেখ্য যে স্থানীয় ব্যৱসায়ী সকলৰ লগত নিজৰ পোহনীয়া গৰু-মহ বিনিময়েই গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকাশক্তি আৰু এই প্ৰথা দশক দশক ধৰি চলি আছে। একাংশ অবিবেচক আৰক্ষীয়ে এই প্ৰথা নিশেষ কৰি আৰক্ষীয়ে চিণ্ডিকেট চলাবলৈ বিছাৰিছে আৰু এই কাৰ্য মই কেতিয়াও সফল হৱলৈ নিদিওঁ বুলি বিধায়ক ভূৱন পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গোহালিৰ গৰু চুৰ, গৰু সজাই জব্দ কৰা আৰক্ষীয়ে শাস্তি নোপোৱা পৰ্যন্ত ক্ষান্ত নাথাকো বুলি স্পষ্ট কৰাৰ লগতে এই কাণ্ডত জৰিত মধ্যভোগী দুস্কৃতিকাৰী সকলকো কঠোৰ সকিয়নী প্ৰদান কৰে। উপায়ুক্তৰ হস্তক্ষেপত গৰু মুকলি কৰিবলৈ আগবাঢ়িছে যদিও আইনৰ মেৰপেচত পৰা গৰু কেইটাৰ আজি পঞ্চম দিনাও মুকলি কৰিবলৈ সক্ষম হোৱা নাই।