নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষি বিভাগত শীঘ্রে পূৰণ কৰা হ’ব খালী পদ; নিযুক্তিৰ বিজ্ঞাপন আগষ্টত: কৃষিমন্ত্রী

নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ প্রলয়ংকৰী বানে এইবাৰ ৰাজ্যৰ কৃষিখণ্ডৰ অভাৱনীয় ক্ষতি কৰিছে৷ বানে এতিয়ালৈ ৯,৯৫,২৬০টা কৃষক পৰিয়াল ক্ষতিগ্রস্ত কৰাৰ লগতে ২২,৩৩,৮৫০টা পশুধন বানত আক্রান্ত হৈছে৷ তদুপৰি মৃত্যু হৈছে ৩৩১টা পশুধনৰ৷ আজি এই তথ্য প্রকাশ কৰিছে কৃষি, পশুপালন মন্ত্রী অতুল বৰাই৷ জনতা ভৱনৰ নিজ কার্যালয়ত আয়োজিত এখন সংবাদ মেলত সাম্প্রতিক বান পৰিস্থিতিৰ কথা উল্লেখ কৰি মন্ত্রী বৰাই কয় যে বানত এতিয়া ৰাজ্যৰ ২৭খন জিলা আক্রান্ত৷ ইতিমধ্যে ১০,৫৩১খন গাঁও বানৰ কবলত পৰাৰ ফলত কেইবাহাজাৰ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্রস্ত হোৱাটো স্পষ্ট হৈছে৷ বিশেষকৈ কুঁহিয়াৰ, সৰিয়হ খেতিৰ লগতে বর্ষাকালীন খেতিৰ এইবাৰ যথেষ্ট ক্ষতি হৈছে৷ ক্ষতিগ্রস্ত কৃষকসকলক কিছু সকাহ দিবলৈ প্রতিখন জিলাত আগতীয়াকৈ কমিউনিটী নার্ছাৰী প্রস্তুত কৰি তোলা হৈছে৷ ইয়াৰ জৰিয়তে বানত ক্ষতিগ্রস্ত কৃষকসকলক সাহায্য প্রদান কৰা হ’ব৷ আনহাতে, ৰাষ্ট্রীয় কৃষি বিকাশ যোজনাৰ অধীনস্থ ক্ষতিগ্রস্ত কৃষকৰ বাবে ইতিমধ্যে ৯ কোটি টকা মোকলাই দিয়া হৈছে৷

কৃষিমন্ত্রী বৰাই লগতে উল্লেখ কৰে যে কৃষি বিভাগে বানত হোৱা ক্ষতিৰ জোৰা মাৰিবলৈ ৩৮.৪৩ কোটি টকা বাজেটত ৰাখি থৈছে৷ এই ধনৰাশিও কৃষকৰ বাবে এতিয়া মোকলাই দিয়া হ’ব৷ তেওঁ কয়– বানত কৃষিখণ্ডত কিমান ক্ষতি হ’ল, সেয়া স্পষ্ট কৰিবলৈ বিভাগে হিচাপ–নিকাচ কৰি আছে৷ ৰাজ্যৰ বান আক্রান্ত কৃষকসকলক কেন্দ্রীয় চৰকাৰৰ কৃষি আঁচনিসমূহৰ দ্বাৰাও সহায় কৰা হ’ব৷ ইফালে, বানত পশুধনৰ ব্যাপক ক্ষয়–ক্ষতি হোৱাৰ বিষয়টো আঙুলিয়াই দি কৃষিমন্ত্রী বৰাই কয় যে এতিয়ালৈ ২২,৩৩,৮৫০টা পশুধন বানৰ কবলত পৰিছে৷ ইয়াৰে ১৪,৩৯,৩১৮টা হাঁহ–কুকুৰা বানত আক্রান্ত হৈছে৷ আনহাতে ৩৩১টা সৰু–বৰ পশুধনৰ মৃত্যু হৈছে৷ বিভাগে ইতিমধ্যে বানত আক্রান্ত পশুধনৰ বাবে ২২৪১.৯ কুইণ্টল চাপৰ আৰু ১৩৫৮.২২ কুইণ্টল কেঁচা ঘাঁহ যোগান ধৰিছে৷ তদুপৰি ৮৩২টা পশু শিবিৰ স্থাপন কৰি ৫,৫০,৫৩২টা পশুক চিকিৎসা প্রদান কৰা হৈছে৷

ইফালে, আফ্রিকান ছোৱাইন ফিভাৰৰ ফলত ক্ষতিগ্রস্ত হোৱা গাহৰি পালকসকলক পর্যাপ্ত সাহায্য প্রদান কৰা হ’ব বুলিও কৃষিমন্ত্রীজনে আজি জানিবলৈ দিয়ে৷ ইয়াৰ বাবে শেহতীয়াকৈ ৰাষ্ট্রীয় গাহৰি গৱেষণা কেন্দ্রৰ সঞ্চালক ডাঃ স্বৰাজ ৰাজখোৱাক লৈ বিভাগীয় শীর্ষ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰি আলোচনা কৰা হৈছে৷ আনহাতে কৃষি আৰু পশুপালন বিভাগত খালী হৈ থকা পদসমূহ শীঘ্রে পূৰণ কৰা হ’ব বুলি আজি সংবাদ মেলত মন্ত্রী বৰাই জানিবলৈ দিয়ে৷ এই সন্দর্ভত তেওঁ কয় যে কৃষি বিভাগৰ তৃতীয়বর্গৰ ৯২০টা, কৃষি বিষয়াৰ ১১৩টা, কনিষ্ঠ অভিযন্তাৰ ৪২টা আৰু সহকাৰী অভিযন্তাৰ ১২টা পদত নিযুক্তি দিয়া হ’ব৷ লগতে পশুপালন বিভাগৰ তৃতীয়বর্গত ৩১টা, ফিল্ড এছিছটেণ্টৰ ২২৪টা, চতুর্থবর্গৰ ৮৬টা আৰু ৰাজপত্রিত বিষয়াৰ ১৭টা পদৰ বাবে আগষ্ট মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত বিজ্ঞাপন প্রকাশ কৰা হ’ব৷

You might also like