অসম কটন বিশ্ববিদ্যালয়ৰ স্নাতক পৰ্যায়ৰ নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান By নিয়মীয়া বাৰ্তা On Jul 24, 2020 Share নিয়মীয়া বাৰ্তা, ২৪ জুলাইঃ ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ে ক’ৰোনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি ২০২০-২১ বৰ্ষৰ স্নাতক মহলাৰ নামভৰ্তিৰ বাবে অনলাইন আবেদনৰ আহ্বান জনাইছে। কটন বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জিয়ক ড০ সঞ্জয় কুমাৰ দত্তই এক জাননী জাৰি কৰি জনাইছে যে কটন বিশ্ববিদ্যালয়ৰ ৱেবচাইট www.cottonuniversity.ac.in. ত গৈ ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে নাম পঞ্জিয়ন কৰাৰ লগতে অনলাইন আবেদন কৰিব পাৰিব । লগতে সকলো ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ ৱেবচাইট (link http://dheonlineadmission.amtron.in/sp/.) ত ইউনিক আইডি তৈয়াৰ কৰিব লাগিব। উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ স্নাতক মহলাৰ নামভৰ্তিৰ বাবে অনলাইন প্ৰক্ৰিয়া আজিৰে পৰা অৰ্থাৎ ২৪ জুলাইৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে ছাত্ৰ-ছাত্ৰীসকলে ৭ আগষ্টৰ সন্ধিয়া ৭ বজালৈ আবেদন কৰিব পাৰিব । লগতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ১১ আগষ্টত প্ৰথমখন তালিকা (মেৰিট লিষ্ট) প্ৰকাশ কৰিব । নামভর্তি প্রক্রিয়াৰ বিষয়ে অধিক জানিবলৈ CU/Acad/UG Admissions/2020/180/503c dated 23/07/2020 জাননীত উল্লেখ কৰা নিৰ্দেশাৱলীসমূহ বিশ্ববিদ্যালয়খনৰ ৱেবচাইট www.cottonuniversity.ac.in ত সহজেই উপলব্ধ হ’ব । ইপিনে আগষ্টৰ দ্বিতীয় সপ্তাহত অতিৰিক্ত পাঠ্যক্ৰম সম্পৰ্কীয় (EC & DA) বাবে জাননী জাৰি কৰা হ’ব আৰু প্ৰাৰ্থীসকলে আবেদন পত্ৰ পূৰাওতে লাভ কৰা আবেদনখনৰ সৈতে প্ৰয়োজনীয় নথি-পত্ৰসমূহ মনোনিত ই-মেইলত প্ৰেৰণ কৰিব লাগিব । আনহাতে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই জাননীত কেৱল অনলাইনৰ মাধ্যমেৰেহে প-পত্ৰ গ্ৰহণ কৰিব বুলি জনাইছে । ১১ আগষ্ট তাৰিখে মেধা ভিত্তিক তালিকা বিশ্ববিদ্যালয়ৰ ৱেবচাইটত উপলব্ধ হ’ব । লগতে নামভৰ্তি/ কাউন্সিলিঙৰ তাৰিখ আগষ্টৰ দ্বিতীয় সপ্তাহত বিশ্ববিদ্যালয়ে জাৰি কৰিব বুলি স্পষ্ট কৰিছে । উল্লেখ্য যে নতুনকৈ স্নাতক পৰ্যায়ৰ কলা শাখাৰ বাবে নামভৰ্তি হ’বলগীয়া বিষয়সমূহ -গণসংযোগ আৰু সাংবাদিকতা, লিবাৰেল আৰ্টছ লগতে বিজ্ঞান শাখাৰ বাবে জৈৱ প্ৰযুক্তি আৰু কম্পিউটাৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে । Featured Share