নগাঁও জিলাত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৩৯৫ জনলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৪ জুলাই : যোৱা চৌৱিশ ঘন্টাত নগাঁও জিলাত খনত ৬২ গৰাকী লোক কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ইপিনে আজি আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা ৬২ গৰাকী লোককলৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলা খনত কৰ’নাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১৩৯৫ জনলৈ বৃদ্ধি পায়।আজি কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা সকলৰ ভিতৰত অধিকাংশ লোকৰেই নাই কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত । আজি ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে চিনাক্ত কৰা হয় ৩১গৰাকী ক’ভিড পজিটিভ। এওঁলোকৰ ভিতৰত আছে নগাঁৱৰ ম’হখুলি আৰৱান হেল্থ চেন্টাৰৰ নাৰ্ছ অৰ্চনা নাথ, ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ৰ শিশু আই চি ইউত কৰ্মৰত ৱাৰ্ড গাৰ্ল জুৱেদা বেগম আৰু নগাঁও পুলিচ ৰিজাৰ্ভৰ আৰক্ষী কণিষ্টবল ধনঞ্জয় ৰয়।সকাহৰ বিষয়টো হ’ল আজি দিনটোৰ ভিতৰত ইতিমধ্যেই কৰ’নাৰ অভিকেন্দ্ৰত পৰিণত হোৱা নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আৰু বঢ়মপুৰ নৱম অসম পুলিচ বেটেলিয়ন কেম্পত এজনো কৰ’না আক্ৰান্ত চিনাক্ত হোৱা নাই। অৱশ্যে কাইলৈ পুনৰ তাত ৰেপিড এন্টিজেন টেষ্ট আৰম্ভ কৰা হ’ব। ম’হখুলি আৰৱান হেল্থ চেন্টাৰৰ নাৰ্ছ গৰাকী আৰু ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ৰ আই চি ইউ কক্ষত কৰ্তব্যৰত ৱাৰ্ড গাৰ্ল গৰাকীৰ ৰেপিড এন্টিজেন টেষ্টত তেওঁ লোক ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাত এতিয়া নগাঁও জিলা স্বাস্থ্য বিভাগত হাঁহাকাৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ম’হখুলি মাতৃ আৰু শিশু চিকিৎসালয়ৰ আই চি ইউত কৰ্মৰত ৱাৰ্ড গাৰ্ল গৰাকীৰ দেহত ক’ভিড-১৯ৰ উপস্থিতি ধৰা পৰাত তাত ভৰ্তি হৈ চিকিৎসা গ্ৰহণ কৰা শিশু আৰু শিশুৰ অভিভাৱক সকল আতংকিত হৈ পৰিছে। ইপিনে,নগাঁও চহৰৰ মাজমজিয়াৰ মিছন মাৰ্কেটো এতিয়াৰ কৰ’নাৰ হটস্পটত পৰিণত হৈছে ৷পৰহি মিছন মাৰ্কেটৰ ঔষধৰ বিপণী সুৰক্ষা মেডিশ্বপৰ এজন চেলছমেন কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পাছত যোৱা কালিও তাৰ কাষতে অৱস্থিত বৰোদা মেডিকেলৰ দুই কৰ্মচাৰীৰ দেহটো ক’ভিড পজিটিভ ৰ অৱস্হিতি ধৰা পৰিছে । প্ৰশাসনে ইতিমধ্যে সাময়িকভাৱে বন্ধ কৰা হৈছে দুয়োখন ঔষধৰ বিপণী ।