ক’ভিড যোদ্ধালৈ স্বর্ণপদক উৎসর্গা হিমা দাসৰ
নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ ২০১৮ চনত অনুষ্ঠিত এছিয়ান গেমছৰ x৪০০ মিটাৰ মিক্সড ৰীলে ইভেণ্টত ৰূপৰ পদক জয় কৰিছিল ভাৰতে৷ অসম কন্যা হিমা দাস, এম আৰ পুভাম্মা, মহম্মদ আনাছ আৰু আৰোকিয়া ৰাজীৱৰ দ্বাৰা গঠিত ভাৰতীয় দলটোৱে দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক জয় কৰিছিল৷ এই শাখাত বাহৰেইনৰ ৰীলে দলটোৱে প্রথম স্থান দখল কৰি স্বর্ণপদক জয় কৰিছিল যদিও বাহৰেইন ৰীলে দলটোৱে এতিয়া স্বর্ণপদকটো হেৰুৱাবলগীয়া হয়৷ স্বর্ণপদক জয় কৰা বাহৰেইন দলটোত কেমি আডেক’য়াক এথলেটিক্ছ ইণ্টিগ্রিটী গোটে চাৰি বছৰৰ বাবে নিষিদ্ধ কৰাৰ ফলত বাহৰেইনে এতিয়া স্বর্ণপদকটো ওভতাই দিবলগীয়া হৈছে৷
ইয়াৰ ফলত ভাৰতীয় মিক্সড ৰীলে দলটোৱে স্বর্ণপদকটো লাভ কৰিবলৈ সক্ষম হয়৷ ড’প পৰীক্ষাত ব্যর্থ হোৱাৰ ফলত কেমি আডেক’য়াক নিষিদ্ধ কৰা হৈছে৷ জাকার্টাত অনুষ্ঠিত প্রতিযোগিতাখনত লাভ কৰা ৰূপৰ পদকটো সোণলৈ পৰিৱর্তিত হোৱাত আন এক স্বর্ণ জয়ৰ কৃতিত্ব অর্জন কৰে ধিং এক্সপ্রেছ হিমা দাসে৷ ইয়াৰ লগে লগে প্রতিযোগিতাখনত হিমা দাসে লাভ কৰা স্বর্ণপদকৰ সংখ্যা দুটালৈ বৃদ্ধি পায়৷ ইফালে, প্রতিযোগিতাখনত অসম তথা ভাৰতৰ তাৰকা মহিলা দৌৰবিদগৰাকীয়ে এটা ৰূপৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল৷ মন কৰিবলগীয়া যে প্রতিযোগিতাখনৰ মহিলাৰ ৪০০ মিটাৰ ৰীলেত হিমা দাসে আনটো স্বর্ণপদক জয় কৰিছিল৷ ইফালে, ৪০০ মিটাৰৰ ব্যক্তিগত ইভেণ্টটোত অসম কন্যাগৰাকীয়ে দ্বিতীয় স্থান অধিকাৰ কৰি ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হৈছিল৷
ইফালে, জাকার্টা এছিয়ান গেমছৰ x৪০০ মিটাৰ মিক্সড ৰীলে ইভেণ্টত লাভ কৰা ৰূপৰ পদকটো সোণলৈ উন্নীত হোৱাত উৎফুল্লিত হৈ পৰিছে ধিং এক্সপ্রেছ হিমা দাস৷ অসম কন্যাগৰাকীয়ে এই স্বর্ণপদকটো সম্প্রতি মহামাৰী ক’ৰোনা ভাইৰাছৰ বিপক্ষে যুঁজ দি থকা আৰক্ষী, চিকিৎসক তথা স্বাস্থ্যবিভাগৰ লোকসকলৰ প্রতি উৎসর্গা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ উল্লেখ্য যে হিমা দাস, মহম্মদ আনাছ, এম আৰ পুভাম্মা আৰু আৰ’কিয়া ৰাজীৱৰ দ্বাৰা গঠিত ভাৰতীয় মিক্সড ৰীলে দলটোৱে তিনি মিনিট ১৫.৭১ ছেকেণ্ডেৰে দ্বিতীয় স্থান আৰু বাহৰেইন দলটোৱে তিনি মিনিট ১১.৮৯ ছেকেণ্ডেৰে স্বর্ণপদকটো জয় কৰিছিল৷