নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধায়ক–জিলা সভাপতি মুখপাত্র–দলীয় বিষয়ববীয়াৰে মুখ্যমন্ত্রী সোণোৱালৰ ভিডিঅ’ কনফাৰেঞ্চ

নিয়মীয়া বার্তা, ২৬ জুলাইঃ  আঠ মাহ পিছতেই হ’বলগীয়া অসম বিধানসভাৰ নির্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে শাসক দল বিজেপিয়ে৷ ইয়াৰ অংশ হিচাপে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দলৰ বিধায়ক, জিলা সভাপতি, মুখপাত্র, ৰাজ্যিক বিষয়ববীয়াসকলৰ সৈতে এক ভিডি’ কনফাৰেঞ্চত মিলিত হয়৷ দলীয় সূত্রই জানিবলৈ দিয়া মতে, উক্ত ভিডিঅ’ কনফাৰেঞ্চত মুখ্যমন্ত্রী সোণোৱালে আসন্ন বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি কিছুমান গুৰুত্বপূর্ণ বিষয় সম্পর্কত মত বিনিময় কৰে৷ সেই ভিডিঅ’ কনফাৰেঞ্চতে মুখ্যমন্ত্রী সোণোৱালে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে অসমৰ উন্নয়নৰ বাবে প্রতিটো খোজতে গ্রহণ কৰা পদক্ষেপ আৰু প্রত্যাহ্বানৰ সময়বোৰত অসম চৰকাৰক কেনেদৰে সহায়–সহযোগিতা আগবঢ়াই আহিছে, সেই বিষয়েও উল্লেখ কৰে৷

কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰখনে অসমবাসীৰ সর্বাংগীণ কল্যাণৰ বাবে গ্রহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে উল্লেখ কৰি এই সকলো বিষয় জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ লগতে দুর্যোগৰ সময়ছোৱাত জনসাধাৰণৰ কাষলৈ গৈ উৎসর্গিত মনোভাৱেৰে সেৱা কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ আজিৰ এই ভিডি’ কনফাৰেঞ্চত বিজেপিৰ উত্তৰ–পূর্বাঞ্চলৰ প্রভাৰী অজয় জামোৱাল, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা আৰু বিশিষ্ট সমাজসেৱক বশিষ্ঠ বুজৰবৰুৱায়ো অংশগ্রহণ কৰে৷ উল্লেখ্য যে বিজেপি মিত্রজোঁতে অহা বছৰ এপ্রিল মাহত হ’বলগীয়া বিধানসভা নির্বাচনত এশৰো অধিক আসন দখল কৰি চৰকাৰ গঠনৰ লক্ষ্য ইতিমধ্যে স্থিৰ কৰিছে৷ যোৱা লোকসভা নির্বাচনৰ পিছৰে পৰাই দল সেই লক্ষ্যত যাতে উপনীত হ’ব পাৰে, তাৰ বাবে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ নেতৃত্বত সাংগঠনিক কার্যকলাপ অধিক তীব্র কৰি তুলিছে৷ আনকি লকডাউনৰ সময়ছোৱাতো দলে ভার্চুৱেল ৰেলী, জনসম্পর্ক অভিযান আদিৰ জৰিয়তে সাংগঠনিক কার্যকলাপ অব্যাহত ৰাখিছে৷ দলৰ এই তৎপৰতা অব্যাহত থকাৰ সময়তে মুখ্যমন্ত্রী সোণোৱালে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে দলীয় বিধায়কৰ লগতে জিলা সভাপতি, মুখপাত্র আৰু ৰাজ্যিক বিষয়ববীয়াসকলৰ সৈতে মিলিত হোৱা ঘটনাই বিজেপিৰ নির্বাচনী তৎপৰতাত বিশেষ মাত্রা প্রদান কৰিছে৷

You might also like