বাঁহেৰে নির্মিত সুদৃশ্য পানীৰ বটল টিফিন বক্সক লৈ অসমক প্রশংসা মোদীৰ
নিয়মীয়া বাৰ্তা , ২৭ জুলাই: ৰেডি’ৰ জনপ্রিয় অনুষ্ঠান ‘মন কী বাত’ৰ ৬৭সংখ্যক সংস্কৰণত আজি দেশবাসীক সম্বোধন কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ২১সংখ্যক কার্গিল বিজয় দিৱস উপলক্ষে শ্বহীদ জোৱানসকলক শ্রদ্ধাঞ্জলি জনাই মন কী বাতৰ সংস্কৰণটি আৰম্ভ কৰি প্রধানমন্ত্রী মোদীয়ে কার্গিল বিজয় দিৱসৰ পৰা দেশৰ হস্ততাঁত শিল্পলৈকে, ক’ৰোনাৰ প্রভাৱৰ পৰা ১৫ আগষ্টলৈকে বিভিন্ন বিষয়ত নিজৰ মত ব্যক্ত কৰে৷ মহামাৰী ক’ভিডৰ ফলত সৃষ্ট পৰিৱেশে মানুহৰ জীৱনশৈলী সলনি কৰাৰ প্রসংগ উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে নিজ নিজ অঞ্চলৰ পৰম্পৰাৰে স্বাস্থ্যক সুৰক্ষিত কৰাৰ সমান্তৰালকৈ জীৱিকাৰ সুযোগ সৃষ্টি কৰা বুলি কয়৷ উত্তৰ–পূর্বাঞ্চল বাঁহেৰে সমৃদ্ধিশালী বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে থলুৱা সামগ্রী উৎপাদন কৰি জীৱিকা চলোৱা ৰাজ্যসমূহৰ শিল্পীক ভূয়সী প্রশংসা কৰে৷ বাঁহেৰে নির্মিত উন্নতমানৰ পানীৰ বটল আৰু টিফিন বক্সৰ বাবে অসম, মণিপুৰ আৰু ত্রিপুৰাৰ শিল্পীক ভূয়সী প্রশংসা কৰে প্রধানমন্ত্রী মোদীয়ে৷
এনেধৰণৰ উন্নতমানৰ সামগ্রী বাঁহেৰে উৎপাদন কৰিব পাৰে বুলি সাধাৰণতে বিশ্বাসযোগ্য নহয় যদিও অসমকে ধৰি তিনি ৰাজ্যৰ বাঁহ শিল্পীয়ে এনে উন্নতমানৰ বটল আৰু টিফিন বক্স নির্মাণ কৰিছে আৰু সেইবোৰ পৰিৱেশ বন্ধুত্বমূলক বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ এই সামগ্রীসমূহ উৎপাদন কৰাৰ পূর্বে বাঁহ পানীত উতলাই, নিম আৰু আন ঔষধি তৃণ সংযোগ কৰি ইয়াক প্রস্তুত কৰি তোলে আৰু শেষত উন্নতমানৰ বটল উৎপাদন কৰিবলৈ সক্ষম হয়৷ ই অকল পানী খোৱাৰ বাবেই নহয় ইয়াত ঔষধি মূল্যও জড়িত হৈ আছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ তেনেদৰে বর্ষাকালীন সময়ত অসমকে ধৰি বিহাৰত বানৰ কবলত পৰা ৰাজ্যবাসীৰ হাহাকাৰ পৰিৱেশক লৈয়ো উদ্বিগ্ণতা প্রকাশ কৰে প্রধানমন্ত্রী মোদীয়ে৷ বানৰ বাবে জটিল পৰিস্থিতি আৰু আনফালে ক’ৰোনাৰ প্রত্যাহ্বানৰ মাজতো ৰাজ্য চৰকাৰ, এনডিআৰএফ, দুর্যোগ প্রশমন বিভাগ, আত্মসহায়ক গোটসমূহে বন্যার্তক সাহায্য আৰু উদ্ধাৰ অভিযান চলোৱাত অহোপুৰুষার্থ কৰিছে৷ সকলো দিশেৰে বন্যার্তক সহায় কৰিছে চৰকাৰকে ধৰি বিভিন্ন প্রতিষ্ঠানে৷ এই দুর্যোগৰ সময়ত সমগ্র দেশবাসী ৰাজ্যকেইখনৰ সৈতে আছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ অনুষ্ঠানটোৰ আৰম্ভণিতে প্রধানমন্ত্রী মোদীয়ে আজি ২৬ জুলাই এক বিশেষ দিন বুলি উল্লেখ কৰে৷ ২১ বছৰ পূর্বে কার্গিলত পাকিস্তানী সেনাক ভাৰতীয় সেনাই পৰাভূত কৰি দেখুওৱা বীৰত্ব আৰু ত্যাগক সশ্রদ্ধাৰে সোঁৱৰণ কৰি প্রধানমন্ত্রী মোদীয়ে চুবুৰীয়া ৰাষ্ট্রখনক সমালোচনা কৰে৷ পাকিস্তানৰ সৈতে সু–সম্পর্ক বর্তাই ৰাখিব খোজা ভাৰতক পিছদুৱাৰেদি আক্রমণ কৰিলেও কার্গিলৰ সু–উচ্চ পাহাৰৰ ওপৰত থকা পাক সেনাক তলত থকা ভাৰতীয় সেনাই সু–উচ্চ মনোবলেৰে পৰাভূত কৰিছিল বুলি কয়৷
দুষ্ট স্বভাৱৰ লোকে পিছদুৱাৰেদি হিতকাৰীক অহিত কৰাৰ সংস্কৃত মন্ত্র এটা আওৰাই প্রধানমন্ত্রী মোদীয়ে দুষ্টৰ লগত তুলনা কৰে৷ কার্গিল বিজয় উৎসৱৰ প্রসংগতে প্রধানমন্ত্রী মোদীয়ে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে উক্ত কার্গিল যুদ্ধৰ পিছত ১৫ আগষ্টত প্রদান কৰা ভাষণ এটি দেশবাসীক শুনায়৷ উক্ত ভাষণত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীয়ে জাতিৰ পিতা মহাত্মা গান্ধীৰ মন্ত্র এটি উল্লেখ কৰিছিল৷ মহাত্মা গান্ধীয়ে কৈছিল যিকোনো সিদ্ধান্ত এটা গ্রহণ কৰাৰ সময়তে দ্বিধা হ’লে এই কথা মনলৈ আনিব লাগে যে সেই সিদ্ধান্তই দৰিদ্রজনক লাভৱান্বিত কৰে নে নকৰে৷ এই ধাৰণাটোকে নতুন ৰূপত বাজপেয়ীয়ে কৈছিল– গুৰুত্বপূর্ণ সিদ্ধান্ত লোৱাৰ পূর্বে এই কথা নিশ্চিত কৰিব লাগিব যে দুর্গম অঞ্চলত আত্মবলিদান দিয়া ভাৰতীয় জোৱানক সন্মান জনোৱা হৈছে নে নাই৷ বাজপেয়ীৰ এই সিদ্ধান্তক সন্মান জনাই প্রধানমন্ত্রী মোদীয়ে কার্গিল বিজয় উৎসৱত প্রাণ হেৰুওৱা শ্বহীদ জোৱানসকলক স্মৰণ কৰে৷ ইপিনে ক’ৰোনা যুঁজত ভাৰত সফলতাৰ দিশে আগবাঢ়ি থকাৰ প্রসংগ উল্লেখ কৰি বিশ্বৰ আন দেশৰ তুলনাত ভাৰতত সুস্থ হোৱাৰ হাৰ অধিক বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ ক’ৰোনা মহামাৰী এতিয়াও ঘাতক হৈ আছে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে দেশবাসীক ক’ভিড–১৯ক লৈ অধিক সচেতন হ’বলৈ আহ্বান জনায়৷ ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাৰ লগতে দুই গজ সামাজিক দূৰত্ব বজাই ৰখাৰ আহ্বান জনাই প্রধানমন্ত্রী মোদীয়ে কয় যে কিছুসংখ্যক লোকে প্রয়োজনৰ সময়ত ৰাজহুৱা স্থানত মাস্ক সোলোকাই দিয়ে৷ এয়া উচিত নহয়৷ অসুবিধা পালে তেওঁলোকে এই কথা মনলৈ আনিব লাগে যে ক’ভিড যুঁজাৰু চিকিৎসকসকলে কেনেদৰে ঘণ্টা ঘণ্টা ধৰি চিকিৎসা আগবঢ়াই আছে৷
অহা ৭ আগষ্টত ৰাষ্ট্রীয় হস্ততাঁত দিৱসৰ প্রসংগ উল্লেখ কৰি শতিকা পুৰণি এই হস্ততাঁত শিল্পৰ সামগ্রীসমূহক যথাসম্ভৱ ব্যৱহাৰ কৰিবলৈ প্রধানমন্ত্রী মোদীয়ে আহ্বান জনায়৷ আনপিনে সমাগত ৰাখীবন্ধন উৎসৱৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ভোকেল ফৰ লোকেল হ’বলৈ আহ্বান জনাই থলুৱাভাৱে নির্মিত সামগ্রী ব্যৱহাৰ কৰাত প্রাধান্য দিবলৈ দেশবাসীক আহ্বান জনায়৷ আনহাতে ক্ষুদ্র ভাৰত হিচাপে চর্চিত ‘ছুৰিনাম’ৰ প্রসংগ উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে এই দেশখনৰ সৈতে ভাৰতৰ সম্পর্ক অতি গভীৰ৷ কিয়নো কেইবাশ বছৰ পূর্বে ভাৰতৰ পৰা লোক গৈ তাত থিতাপি লৈছিল আৰু বর্তমান তাত পঞ্চম প্রজন্মৰ লোকে বসবাস কৰি আছে৷ ছুৰিনামত ভাৰতীয় মূলৰ লোক এক চতুর্থাংশতকৈয়ো বেছি৷ দেশখনত ভোজপুৰী উপভাষা হিচাপে চলি আছে৷ ইয়াকে লৈ ভাৰতবাসী গৌৰৱান্বিত৷ তদুপৰি দেশখনত নতুন ৰাষ্ট্রপতি চন্দিকা প্রসাদ সন্তোষীয়ে শপত গ্রহণৰ সময়ত বেদৰ সংস্কৃত শ্লোক আওৰাৰ লগতে ভাষণ ওম শান্তি ওম শান্তিৰে সামৰণি মৰা ৰাষ্ট্রপতিগৰাকীক প্রশংসা কৰে প্রধানমন্ত্রী মোদীয়ে৷ সংস্কৃত ভাষা প্রয়োগ কৰা ৰাষ্ট্রপতিগৰাকীক ১৩০ কোটি ভাৰতীয়ৰ হৈ প্রধানমন্ত্রী মোদীয়ে শুভেচ্ছা জ্ঞাপন কৰে৷ মহামাৰী ক’ৰোনা ভাইৰাছৰ সময়তে ১৫ আগষ্ট দেশজুৰি উদ্যাপন হ’ব৷ এই স্বাধীনতা দিৱসতে দেশৰ যুৱক আৰু জনতাক মহামাৰী ক’ৰোনা ভাইৰাছৰ পৰা মুক্ত হোৱাৰ বাবে প্রতিজ্ঞাবদ্ধ হ’বলৈ আহ্বান জনায়৷ এনেদৰে অহা ১ আগষ্টত লোকমান্য তিলকৰ মৃত্যু শতবার্ষিকী পালনৰ প্রাক্মুহূর্তত তেওঁলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে প্রধানমন্ত্রীগৰাকীয়্৷