মৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য: নিচাযুক্ত দ্ৰব্য সহ দুজনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ২৭ জুলাই: মৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য ৷ জিলাখনৰ নৱনিযুক্ত আৰক্ষী অধিক্ষক ড° নন্দ সিং বৰকুলা আৰু মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ যোতিয়া অভিযানত প্ৰায় ৫/৬ লাখ টকাৰ বৃহৎ পৰিমানৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিবলৈ সক্ষম ৷ এই অভিযান কালত মিকিৰভেটা আৰক্ষী থানাৰ অন্তগ’ত বালিজান অঞ্চলৰ টুমুকাবড়ীৰ মুবাচিৰ ইকবাল বাহাৰ নামৰ ব্যক্তিৰ ঘৰৰ গাড়ী ৰখা গেৰেজত থকা এটি সুৰংগৰ পৰা আৰক্ষীয়ে ১১২৩২ টা নিচাযুক্ত দ্ৰব্য আৰু কফচিৰাফৰ বটল জব্দ কৰিবলৈ সক্ষম হয় ৷
আনহাতে এই নিচাযুক্ত দ্ৰব্য লগতে AS 02 W – 4675 আৰু AS 01 BJ – 6162 নম্বৰৰ দুখন বিলাসী গাড়ী আৰু এখন নম্বৰ বিহিন মটৰচাইকেলো জব্দ কৰে আৰক্ষীয়ে ৷ আনহাতে এই নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ লগত জড়িত থকা দুজন ব্যক্তি ক্ৰমে চাজিদুৰ ৰহমান (৩২) আৰু উমৰ আলি (৩৬)নামৰ দুজন ব্যক্তিৰ আতক কৰিবলৈ সক্ষম হয় ৷ চাজিদুৰ হৰমানৰ ঘৰ বৰ তেলাহি আৰু উমৰ আজিৰ ঘৰ মৰিগাঁও নগৰৰ মিলনপুৰত ৷
উল্লেখ্য যে মৰিগাঁও – নগাঁও জিলাৰ সীমান্তৱৰ্তী সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহত দীৰ্ঘদিনে চলি অহা ড্ৰাগছ , জুৱা , সুৰা আদি অনৈতিক কাৰ্য সমূহৰ বিৰুদ্ধে মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত সঘনাই চলাই আহিছিল অভিযান ৷ আৰু এই অভিযান কালচোৱাত বৃহৎ বৃহৎ পৰিমাণৰ ড্ৰাগছৰ ঘাটি সমূহ উৎসাত কৰিবলৈ সক্ষম হৈছিল ৷ সেহতিয়াকৈ যোৱা নিশা জিলা আৰক্ষী অধিক্ষকৰ সহিতে চলোৱা অভিযানত বৃহৎ পৰিমাণৰ নিচাযুক্ত দ্ৰব্য উদ্ধাৰ হোৱাত মৰিগাঁও আৰক্ষীক সকলোৱে শলাগ লৈছে ৷