সোৱণশিৰি নৈৰ গৰাখহনীয়া পৰিদর্শন মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লখিমপুৰৰ হেকেৰাজান অঞ্চলত সোৱণশিৰি নৈৰ গৰাখহনীয়া পৰিদর্শন কৰে আৰু সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়।
মেৰামতিৰ লগতে যাৱতীয় সকলো কাম ক্ষিপ্ৰ আৰু নিয়মিতভাৱে তদাৰক কৰিবলৈ বিষয়াবৰ্গক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে। পৰিদর্শনস্থলীত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় কেশৱ মহন্ত, নৱ কুমাৰ দলে আৰু সাংসদ প্ৰদান বৰুৱা উপস্থিত থাকে।