হর্ছট্রেডিঙৰ অন্য নাম কংগ্রেছঃ কুমাৰাস্বামী
নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ ৰাজস্থানৰ ৰাজনৈতিক সংকটক লৈ কংগ্রেছে দেশজুৰি ‘গণতন্ত্র ৰক্ষা কৰক’ শীর্ষক অভিযান চলোৱাৰ বাবে দলটোক কঠোৰ ভাষাৰে সমালোচনা কৰিছে কর্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী তথা জে ডি এছ নেতা এইচ ডি কুমাৰাস্বামীয়ে৷ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰ এখনক পতন ঘটোৱাৰ চেষ্টা কৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ তোলা কংগ্রেছক আক্রমণৰ লক্ষ্য কৰি লৈ জে ডি এছ নেতা কুমাৰাস্বামীয়ে কয় যে কংগ্রেছ হৈছে বিধায়ক ক্রয় কৰা আৰু ৰাজনৈতিক দল বিভাজন কৰাৰ বিশেষজ্ঞ৷ ৰাজনীতিত হর্ছটেডিং শব্দটি এই দলটোৰ বাবেই আহিছে৷ অর্থাৎ হর্ছটেডিঙৰ অন্য নাম হৈছে কংগ্রেছ৷ উল্লেখ্য যে ৰাজস্থানৰ উপ–মুখ্যমন্ত্রী শচীন পাইলটে ১৮ বিধায়কক লগত লৈ মুখ্যমন্ত্রী অশোক গেহলটৰ বিৰুদ্ধে বিদ্রোহ কৰাত কংগ্রেছ চৰকাৰখন সংকটৰ সন্মুখীন হৈছে৷ ৰাজস্থান উচ্চ ন্যায়ালয়ৰ পিছত বিধানসভাৰ অধ্যক্ষৰ বিধায়কক অযোগ্য ঘোষণা কৰাৰ জাননীৰ নির্দেশ উচ্চতম ন্যায়ালয়ে পায়৷ এইক্ষেত্রত কংগ্রেছে উচ্চ ন্যায়ালয়ত মুখথেকেচা খোৱাৰ পিছত দেশজুৰি বিজেপিৰ বিৰুদ্ধে চৰকাৰৰ পতন ঘটোৱাৰ অভিযোগ তুলি গণতন্ত্র ৰক্ষা কৰক অভিযান চলাইছে৷