নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ শুনিবলৈ আচৰিত যেন লাগিলেও অসমত এতিয়া উপলব্ধ সাত সাগৰ তেৰ নদীৰ সিপাৰৰ অষ্ট্রেলিয়াৰ বিখ্যাত কেংগাৰু৷ কেৱল কেংগাৰুৱে নহয়, বিদেশৰ আপুৰুগীয়া মাকাও, বিৰল প্রজাতিৰ বান্দৰ, স্থল কাছকে ধৰি মূল্যৱান বন্যপ্রাণী৷ অৱশ্যে অসমত এই বিৰল প্রজাতিৰ বন্যপ্রাণীসমূহ বৈধ উপায়েৰে উপলব্ধ নহয়৷ বৰঞ্চ আন্তঃৰাষ্ট্রীয় বন্যপ্রাণী চোৰাংচোৱা চক্রই অবৈধভাৱে বিক্রীৰ বাবে অনাৰ সময়ত বন বিভাগে চলোৱা অভিযানত জব্দ কৰা হৈছে কেংগাৰু, মাকাও, বান্দৰ আৰু কাছ৷ বুধবাৰে অসম–মিজোৰাম আন্তঃৰাষ্ট্রীয় লাইলাপুৰত কাছাৰ বন বিভাগে এই দুষ্প্রাপ্য বন্যপ্রাণীসমূহ জব্দ কৰে৷ প্রাপ্ত তথ্য অনুসৰি, যোৱানিশা লাইলাপুৰ বীটৰ চেকগেটত নিয়মীয়া তালাচীৰ সময়ত কাছাৰ বন বিভাগৰ এটা দলে টি এছ–০৮ ইউ বি–১৬২২ নম্বৰৰ ট্রাকখনৰ পৰা এটা কেংগাৰু, ৬টা মাকাও, ৩টা কাছ আৰু ২টা বিৰল প্রজাতিৰ বান্দৰ উদ্ধাৰ কৰে৷ এই ঘটনা সন্দর্ভত নৰসিংহ ৰেড্ডী আৰু নৱনাথ তুকৰাম ডাগুডে নামৰ দুজন লোকক আটক কৰে৷ ইতিমধ্যে এই লোক দুজনক সোধা–পোছা অব্যাহত ৰাখিছে৷ আটক কৰা লোক দুজনে সদৰী কৰা অনুসৰি জব্দ কৰা বন্যপ্রাণীসমূহ তেওঁলোকে গুৱাহাটীলৈ অনাৰ কথা আছিল৷ ইতিমধ্যে কাছাৰ বন সংমণ্ডলৰ ডি এফ অ’ ছানীদেউ চৌধুৰীয়ে ৰেঞ্জাৰ ডি দেউৰীক সমগ্র ঘটনাৰ তদন্তৰ নির্দেশ দিছে৷ লাইলাপুৰ বীট বিষয়া উত্তম দাস, বনৰক্ষী হেমোজিৎ সিংহ, ৰাজীৱ বর্মন আৰু সহযোগী কর্মী আলী আহমদ লস্কৰে নিশা অভিযান চলাইছে৷ উল্লেখ্য যে এই আপুৰুগীয়া প্রজাতিৰ কাছ আৰু বান্দৰকেইটা মূলতঃ আমেৰিকা যুক্তৰাষ্ট্র আৰু দক্ষিণ আমেৰিকাত দেখা যায়৷ নিকাৰগুৱাৰ পৰা পাৰাগুৱেলৈ বিস্তৃত হৈ থকা বনাঞ্চলসমূহত এই প্রজাতিসমূহ উপলব্ধ৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে শেহতীয়াকৈ আন্তঃৰাষ্ট্রীয় বন্যপ্রাণী স্মাগলিঙৰ ‘ট্রানজিট হাব’ত পৰিণত হৈছে অসমসহ উত্তৰ–পূর্বাঞ্চল৷ কেইবাখনো দেশৰ আন্তঃৰাষ্ট্রীয় সীমাৰে সংযুক্ত হৈ থকাৰ বাবে অসম তথা উত্তৰ–পূর্বাঞ্চলক বন্যপ্রাণীৰ অবৈধ ব্যৱসায়ৰ সুৰক্ষিত পথ হিচাপে ব্যৱহাৰ কৰি আহিছে এই আন্তঃৰাষ্ট্রীয় চোৰাং চক্রটোৱে৷ বন বিভাগৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি মূলতঃ থাইলেণ্ডৰ পৰা এই বন্যপ্রাণীসমূহ আন্তঃৰাষ্ট্রীয় বজাৰলৈ অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ মাজেৰে লৈ যোৱা হয়৷ থাইলেণ্ডৰ পৰা ম্যানমাৰ হৈ প্রথমে এই বন্যপ্রাণীসমূহ মিজোৰামৰ ৰাজধানী আইজললৈ লৈ অহা হয়৷ ইয়াৰ পৰা অসমৰ মাজেৰে কলকাতা, দিল্লীকে ধৰি দেশৰ বিভিন্ন প্রান্তলৈ বন্যপ্রাণীসমূহ চালান দিয়া হয়৷ গুৱাহাটীৰ পৰা ৰে’লযোগে এই বন্যপ্রাণীৰ অবৈধ বেহা চলাই আহিছে এই আন্তঃৰাষ্ট্রীয় চক্রটোৱে৷ ইয়াৰ পূর্বে ২০১৮ চনৰ ২৫ মার্চতো বিদেশৰ আপুৰুগীয়া বন্যপ্রাণী সৰবৰাহৰ বাবে অনাৰ সময়ত গুৱাহাটীৰ সমীপৱর্তী যোৰাবাটত জব্দ কৰা হৈছিল৷ অসম আৰু বন বিভাগৰ যুটীয়া অভিযানত সেই সময়ত পাঁচডাল গাবুন ভাইপাৰ, আফ্রিকান অজগৰ দুডাল, বিৰল প্রজাতিৰ তিনিটা বান্দৰ জব্দ কৰা হৈছিল৷ সেই সময়ত বন্যপ্রাণীসমূহ দিল্লীলৈ প্রেৰণৰ বাবে অনা হৈছিল৷ লক্ষণীয় যে অসমক ট্রানজিট হাব হিচাপে ব্যৱহাৰ কৰি আহিলেও এতিয়াও এই স্মাগলিং চক্রটোৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই বন বিভাগ তথা আৰক্ষী৷ বিভাগটোৰ উচ্চস্তৰীয় সূত্রই জানিবলৈ দিয়া মতে, এই বন্যপ্রাণীসমূহ কঢ়িয়াই অনা লোকসকলে ইয়াৰ বিষয়ে কোনো তথ্যই নাজানে৷ কোনে, ক’ৰ পৰা ক’লৈ পঠিয়াব, তাৰ কোনো তথ্য তেওঁলোকৰ হাতত নাথাকে৷ বৰঞ্চ বৃহৎ অংকৰ ধন লাভ কৰাৰ বাবে ফোনযোগে লাভ কৰা নির্দেশনাৰ ভিত্তিত এই লোকসকলে বন্যপ্রাণীসমূহ এঠাইৰ পৰা আন ঠাইলৈ চালান দি আহিছে৷