ভৰলুমুখত ড্রাগছ দুই ব্যৱসায়ীক গ্রেপ্তাৰ
গুৱাহাটীত ড্রাগ্ছৰ বিৰুদ্ধে ক্রাইম ব্রাঞ্চৰ ধাৰাবাহিক অভিযান
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ লকডাউনৰ মাজতো গুৱাহাটী মহানগৰীত আন্তঃৰাষ্ট্রীয় ড্রাগছ সৰবৰাহকাৰী চক্রই ড্রাগছৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ কালি পল্টন বজাৰৰ চোলাপাৰাৰ এটা এপার্টমেণ্টৰ পৰা ৭৪ লাখ টকাসহ ড্রাগছ ব্যৱসায়ত জড়িত মণিপুৰৰ তিনিজন লোকক গ্রেপ্তাৰ কৰাৰ পিছতে গুৱাহাটী মহানগৰীত চলি থকা ড্রাগছৰ সাম্রাজ্যখনৰ ন ন তথ্য পোহৰলৈ আহিছে৷ ধৃত ড্রাগছ ব্যৱসায়ীকেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আজি ক্রাইম ব্রাঞ্চে বুধবাৰে পুৱা ১০.৪৫ বজাত মহানগৰীৰ ভৰলুমুখ কুমাৰপাৰাৰ ৬নং গেটত অভিযান চলায়৷ এই অভিযানত আছাদুল হক (৩৫), জয়নাব ভানু (২০) নামৰ ড্রাগছ ব্যৱসায়ী দুজনক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ অভিযানকাৰী দলটোৱে ২১ গ্রাম হিৰ’ইন, নগদ ২,৫৫,৭৭০ টকা, দুটা ম’বাইল ফোন, এডাল সোণৰ নেকলেছ, এযোৰ সোণৰ খাৰু আৰু এএছ০১–ইই–৬৮৫৬, এএছ০১–ইই–৬৭৮১ নম্বৰৰ দুখন স্কুটী জব্দ কৰে৷ অৱশ্যে আৰক্ষী অহাৰ পূর্বেই মূল অভিযুক্ত ড্রাগছ ব্যৱসায়ী মহিলাগৰাকী পলাই যাবলৈ সক্ষম হয়৷ পল্টন বজাৰৰ চলাপাৰাৰ পৰা গ্রেপ্তাৰ কৰা ধৃত তিনি ড্রাগছ ব্যৱসায়ীৰ স্বীকাৰোক্তিৰ ভিত্তিত মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত ড্রাগছ ব্যৱসায় চলাই থকা চক্রটোৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে৷ ইফালে আজি তিনি ড্রাগছ ব্যৱসায়ীক আদালতত হাজিৰ কৰি পাঁচ দিনৰ আৰক্ষীৰ জিম্মাত লয়৷ সম্প্রতি আৰক্ষীয়ে ধৃত ড্রাগছ ব্যৱসায়ীকেইজনক মাৰাথন জেৰা অব্যাহত ৰাখিছে৷ আৰক্ষীৰ জেৰাত গুৱাহাটীৰ ড্রাগছৰ সাম্রাজ্যখনৰ বহু ৰথী–মহাৰথীৰ তথ্য ফাদিল কৰিছে যদিও তদন্তৰ খাতিৰত সেই তথ্য ৰাজহুৱা কৰা নাই মহানগৰ আৰক্ষীয়ে৷