নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰত ভোডাফোনৰ নিম্নমানৰ নেটৱর্কত অতিষ্ঠ গ্রাহক

ম’বাইল সেৱা প্রদানৰ নামত বহুজাতিক কোম্পানীৰ লাখ লাখ টকা লুণ্ঠন

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ   বিগত চাৰি মাহ ধৰি বহুজাতিক ম’বাইল সেৱা কোম্পানী ভোডাফোনৰ নেটৱর্ক ব্যৱস্থাই চন্দ্রপুৰৰ কেইবা সহস্র গ্রাহকক জলা–কলা খুৱাই থকাৰ অভিযোগ উত্থাপিত হৈছে৷ গ্রাহকসকলে উত্থাপন কৰা অভিযোগ অনুসৰি মার্চ মাহৰ শেষৰ পৰা বৃহত্তৰ চন্দ্রপুৰ অঞ্চলত ভোডাফোন সেৱা প্রায় বন্ধ হৈ পৰিছে৷ যাৰ ফলত সহস্রাধিক গ্রাহকৰ হাতত ভোডাফোন ছিমযুক্ত ম’বাইলফোন থকাৰ পিছতো সম্পূর্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ আছে৷ উল্লেখ্য যে বৃহত্তৰ চন্দ্রপুৰ অঞ্চলৰ দহখন গঁৱৰ লগতে পশ্চিম মায়ং আৰু পানীখাইতী অঞ্চলৰ কেইবাসহস্র গ্রাহক বহু বছৰৰ পৰা ভোডাফোন সেৱাৰ লগত জড়িত হৈ আছে৷ বিগত এবছৰমানৰ পৰা সমগ্র অঞ্চলটোত ভোডাফোন নেটৱর্ক সেৱা একপ্রকাৰ পয়ালগা ব্যৱস্থাত পৰিণত হয়৷ মাহৰ অধিক সময়ছোৱা প্রায়ে বিকল হৈ থকাৰ পিছতো গ্রাহকসকলে অতিষ্ঠৰ মাজতে ব্যৱহাৰ কৰি আছিল ভোডাফোনৰ ছিম৷ কিন্তু প্রথম লকডাউনৰ সময়ৰ পৰা চলি থকা পয়ালগা সেৱাই বাৰুকৈ অতিষ্ঠ কৰি তুলিছে গ্রাহকক৷ গ্রাহকসকলে জানিবলৈ দিয়া মতে লকডাউনৰ তেতিয়াৰ পৰা মাহটোৰ ২০ দিনতকৈ অধিক দিন বিকল হৈ থাকে নেটৱর্ক সেৱা৷ তাৰ পিছত দুদিন সামান্য উন্নত হয় যদিও পুনৰ একেদৰে বিকল হৈ পৰে ১০–১৫ দিনৰ বাবে৷ তেনেদৰেই আজিপর্যন্ত কোম্পানীটোৰ নেটৱর্ক সেৱা চলি আছে অঞ্চলটোত৷ আনকি হাজোবড়ী, ঠাকুৰকুছি, তাঁতিমাৰা, শিঙিমাৰী, চন্দ্রপুৰ বাগিচা, গোৱর্ধনৰ লগতে পশ্চিম মায়ং আৰু পানীখাইতীৰ বহুকেইটা ভিতৰুৱা অঞ্চলত বিগত চাৰি মাহে নেটকর্ৱ সেৱাৰ পৰা সম্পূর্ণৰূপে বঞ্চিত হৈ আছে গ্রাহকসকল৷ ফলত ম’বাইলত ধন থকাৰ পিছতো সম্পূর্ণৰূপে বিচ্ছিন্ন হৈ আছে গ্রাহকসকল৷ মন কৰিবলগীয়া যে গ্রাহকসকলে গ্রাহক সেৱাৰ ক্ষেত্রত যোগান ধৰি নিৰন্তৰ অভিযোগ দাখিল কৰিছে যদিও কোনো সুফল পোৱা নাই৷ উপায়ান্তৰ হৈ অতিষ্ঠ হৈ পৰা গ্রাহকসকলে ভোডাফোন সংযোগ কর্তন কৰাৰ চিন্তা–চর্চা কৰিছে অঞ্চলটোৰ সহস্রাধিক গ্রাহকে৷ বহুতে আনকি ভাঙি–ছিঙি দলিয়াই অন্য কোম্পানীৰ ছিম লোৱাৰ লগতে একাংশই এয়াৰটেল, বি এছ এন এল সেৱালৈ সলনি কৰিছে নিজৰ নম্বৰটো৷ প্রাপ্ত তথ্য অনুসৰি বিগত কেইমাহত বৃহত্তৰ চন্দ্রপুৰ অঞ্চলৰ গ্রাহকৰ পৰা কোনোধৰণৰ সেৱা প্রদান নকৰাকৈ লক্ষ লক্ষ টকা লুট কৰিছে ভোডাফোন কোম্পানীয়ে৷

You might also like