ভাৰতীয় বলাৰে বিপদত পেলাব অষ্ট্রেলিয়াক
নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ আগন্তুক অষ্ট্রেলিয়া ভ্রমণত টীম ইণ্ডিয়াৰ শক্তিশালী বলিং আক্রমণে ঘৰুৱা দলটোৰ তাৰকাসমৃদ্ধ বেটিং বিভাগক তচনচ কৰিবলৈ সক্ষম হ’ব৷ এই আশা ব্যক্ত কৰিছে ভাৰতৰ প্রাক্তন বাঁওহতীয়া অ’পেনাৰ গৌতম গম্ভীৰে৷ বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই চলিত বর্ষৰ নৱেম্বৰত অষ্ট্রেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া চাৰিখন টেষ্ট মেচৰ বিষয়ে উল্লেখ কৰি গম্ভীৰে ষ্টাৰ স্প’টছৰ এক অনুষ্ঠানত কয় যে ষ্টিভেন স্মিথ আৰু ডেভিদ ৱার্নাৰৰ উপস্থিতিয়ে ঘৰুৱা দলটোক শক্তিশালী কৰিব যদিও ভাৰতীয় বলিং আক্রমণে তেওঁলোকক শ’লঠেকত পেলাবলৈ সক্ষম হ’ব৷ শৃংখলাটোত ভাৰতীয় বলাৰে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব লাগিব যদিও অধিনায়ক বিৰাট কোহলিয়ে দীঘলীয়া ইনিংছ খেলাটো প্রয়োজন হ’ব বুলিও গম্ভীৰে উল্লেখ কৰে৷ ‘ভাৰতৰ বলিং শক্তিক লৈ মই অত্যন্ত আশাবাদী৷ ডেভিদ ৱার্নাৰ আৰু ষ্টিভেন স্মিথেৰে গঠিত অষ্ট্রেলিয়ান বেটিং লাইনআপক ভাৰতীয় বলাৰে তচনচ কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ এইবাৰ অষ্ট্রেলিয়ান বেটছমেনসকলে ঘৰৰ মাটিত পৃথক প্রত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব৷ কিয়নো, বিগত সময়ছোৱাত ভাৰতীয় বেগী বলাৰে দুর্দান্ত বলিঙেৰে বিশ্ব ক্রিকেটৰ দৃষ্টি আকর্ষণ কৰিছে৷ বিৰাট কোহলিৰ বাবেও শৃংখলাটো যথেষ্ট গুৰুত্বপূর্ণ হ’ব৷ ভাৰতে অষ্ট্রেলিয়াত শৃংখলা জয় কৰিবলৈ হ’লে কোহলিয়ে দীঘলীয়া ইনিংছ খেলিব লাগিব৷ অৱশ্যে অষ্ট্রেলিয়াৰ তাৰকাসমৃদ্ধ বেগী বলিং আক্রমণৰ পৰা কোহলিয়ে তীব্র প্রত্যাহ্বান লাভ কৰাটো নিশ্চিত৷ নৱেম্বৰৰ এই শৃংখলালৈ মই উৎকণ্ঠাৰে অপেক্ষা কৰিছোঁ৷’ গম্ভীৰে এইদৰে কয়৷ উল্লেখ্য যে বিৰাট কোহলি নেতৃত্বাধীন টীম ইণ্ডিয়াই ২০১৮–১৯ বর্ষৰ অষ্ট্রেলিয়া ভ্রমণত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰিবলৈ সক্ষম হৈছিল৷ অষ্ট্রেলিয়াক ঘৰৰ মাটিত প্রথমবাৰৰ বাবে হৰুৱাই কোহলি ব্রিগেডে ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰিছিল৷ অৱশ্যে অষ্ট্রেলিয়াৰ উক্ত দলটোত ষ্টিভেন স্মিথ আৰু ডেভিদ ৱার্নাৰ নাছিল৷ বল টেম্পাৰিং বিতর্কৰ আৱর্তত সোমাই অষ্ট্রেলিয়াৰ তাৰকা বেটছমেন দুগৰাকী এবছৰৰ নিলম্বনৰ সন্মুখীন হোৱাৰ সময়তে ভাৰতে অষ্ট্রেলিয়াৰ মাটিত ঐতিহাসিক টেষ্ট শৃংখলা জয় কৰে৷ কিন্তু এইবাৰ দুই তাৰকাৰ উপস্থিতিত ভাৰতৰ বাবে অষ্ট্রেলিয়াত টেষ্ট জয় প্রত্যাহ্বানজনক হ’ব৷