নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ২০১১ৰ ২ এপ্রিলত ভাৰতে সুদীর্ঘ ২৮ বছৰৰ অপেক্ষাৰ অন্ত পেলাই দ্বিতীয়বাৰৰ বাবে বিশ্বকাপত চুম্বন দিবলৈ সক্ষম হৈছিল৷ ঘৰৰ মাটিত বিশ্বজয়ৰ বিৰল গৌৰৱ অর্জনৰ পিছতে টীম ইণ্ডিয়াৰ খেলুৱৈসকলে উৎফুল্লিত হৈ ক্রিকেটৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰক কান্ধত তুলি লৈ ষ্টেডিয়ামৰ চৌদিশ পৰিভ্রমণ কৰিছিল৷ এইক্ষেত্রত আগভাগ লৈছিল টীম ইণ্ডিয়াৰ বর্তমানৰ অধিনায়ক বিৰাট কোহলি, সুৰেশ ৰাইনা আৰু ইউছুফ পাঠানে৷ প্রায় ৯ বছৰ পূর্বৰ এই গৌৰৱময় মুহূর্তৰ স্মৃতি সোঁৱৰণ কৰি তাৰকা ক্রিকেটাৰ কোহলিয়ে আজি ছ’চিয়েল মিডিয়াত কয় যে তেণ্ডুলকাৰৰ প্রতি দলৰ আটাইকেইগৰাকী খেলুৱৈৰে অগাধ শ্রদ্ধা আছিল৷ ‘ফাইনেলত প্রৱেশৰ পিছতে আমি বিশ্বজয়েৰে তেণ্ডুলকাৰক উপহাৰ দিয়াৰ সংকল্প লৈছিলোঁ৷ কাৰণ আমি জানিছিলোঁ যে তেণ্ডুলকাৰৰ বাবে এয়া হ’ল বিশ্বকাপ জয়ৰ অন্তিমটো সুযোগ৷ দেশৰ হৈ তেওঁ দীর্ঘ সময় ধৰি সেৱা আগবঢ়াই অহাৰ পিছত তেণ্ডুলকাৰে বিশ্বজয়ৰ সোৱাদ পোৱাটো আমি সকলোৱে মনে–প্রাণে কামনা কৰিছিলোঁ৷ সেয়ে ঐতিহাসিক জয়ৰ পিছত আৱেগিক হৈ আমি সকলোৱে তেওঁক কান্ধত তুলি ষ্টেডিয়ামৰ চৌদিশ ঘূৰিছিলোঁ৷’ কোহলিয়ে এইদৰে কয়৷ ভাৰতৰ উদীয়মান ক্রিকেটাৰ মায়ংক আগৰৱালৰ সৈতে ছ’চিয়েল মিডিয়াত হোৱা এক বার্তালাপত টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে এই কথা উল্লেখ কৰে৷