নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্যৰ পৰা অহা ব্যক্তিৰ কোৱাৰেণ্টাইন ১০ দিনলৈ হ্রাস

স্বাস্থ্য বিভাগৰ নতুন নির্দেশনা

নিয়মীয়া বাৰ্তা ৩০ জুলাইঃ বহিঃৰাজ্যৰ পৰা অহা লোকৰ কোৱাৰেণ্টাইন সন্দর্ভত নতুন নির্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে৷ সেই অনুসৰি এতিয়াৰে পৰা বাহিৰৰ ৰাজ্যৰ পৰা অহা লোকৰ কোৱাৰেণ্টাইনৰ সময় ১৪ দিনৰ পৰা ১০ দিনলৈ হ্রাস কৰা হৈছে৷ হোটেল অথবা প্রতিষ্ঠান কোৱাৰেণ্টাইন আৰু হোম কোৱাৰেণ্টাইন সামৰি মুঠ ১০ দিন বহিঃৰাজ্যৰ পৰা অহা লোক এতিয়াৰ পৰা কোৱাৰেণ্টাইন হৈ থাকিব লাগিব৷ উদাহৰণস্বৰূপে কোনো যাত্রীয়ে ৰাজ্যত উপস্থিত হোৱাৰ পিছত দুদিন হোটেল অথবা প্রতিষ্ঠান কোৱাৰেণ্টাইনত কটায়, তেনেহ’লে সেই ব্যক্তিসকলে পিছৰ ৮ দিন কটাব লাগিব হোম কোৱাৰেণ্টাইনত৷ একেদৰে বহিঃৰাজ্যৰ পৰা আহি পোনে পোনে ঘৰলৈ যোৱা লোকসকলে মুঠ ১০ দিন হোম কোৱাৰেণ্টাইনত থাকিব লাগিব৷ অৱশ্যে আৰটি–পিচিআৰ পৰীক্ষাৰ ফলাফলত পজিটিভ আহিলে তেনে যাত্রীসকলক যাৱতীয় স্বাস্থ্যবিধি অনুসৰি ব্যৱস্থা গ্রহণ কৰা হ’ব৷ উল্লেখ্য যে ইয়াৰ পূর্বে ক’ভিড কেয়াৰ চেণ্টাৰ অথবা হাস্পতালৰ পৰা সুস্থ হৈ ওভতা ৰোগীসকলৰ ক্ষেত্রতো কোৱাৰেণ্টাইনৰ দিন হ্রাস কৰিছিল স্বাস্থ্য বিভাগে৷ এই ৰোগীসকলৰ ক্ষেত্রত হোম কোৱাৰেণ্টাইনৰ সময়সীমা ১৪ দিনৰ পৰা ৭ দিনলৈ হ্রাস কৰা হৈছিল৷

You might also like