নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী সোণোৱালৰ

নিয়মীয়া বাৰ্তা, ৩০ জুলাইঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মৈত্ৰী আঁচনিৰ অধীনত মাজুলীৰ গড়মূৰ আৰক্ষী থানাৰ নৱনির্মিত ভৱনৰ শুভ উদ্বোধন কৰে।

থানাসমূহে অসম আৰক্ষীৰ দক্ষতাক অধিক শক্তিশালী কৰাত বিশেষ ভূমিকা পালনৰ লগতে নদীদ্বীপটোত আৰক্ষী-জনগণৰ সম্পৰ্কক অধিক সুদৃঢ় কৰিব। থানাখনত শিশু আৰু মহিলাৰ যত্নৰ বাবে বিশেষ সা-সুবিধাযুক্ত কোঠাক শিল্পকৰ্মেৰে সজাই-পৰাই তোলা শিল্পীসকলক মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনায়।

লগতে মুখ্যমন্ত্ৰী সোণোৱালে আজিৰ দিনটোতে মাজুলীৰ গড়মূৰত এটা আৰক্ষী অতিথিশালাও উদ্বোধন কৰে।

অনুষ্ঠানত সাংসদ শ্ৰী প্ৰদান বৰুৱা, বিধায়ক শ্ৰী ৰণোজ পেগু আৰু শ্ৰী বিমল বৰা উপস্থিত থাকে।

You might also like