নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্ঘটনাক কেন্দ্ৰ কৰি ঢালিগাঁৱত একাংশ উত্তেজিত লোকৰ অৰ্ধসামৰিক বাহিনীৰ গাড়ীত আক্ৰমণ

নিয়মীয়া বাৰ্তা ,৩০ জুলাই: চিৰাং জিলাৰ ঢালিগাঁৱত আজি এক দুৰ্ঘটনাক কেন্দ্ৰকৰি উত্তেজিত একাংশ লোকে অৰ্ধসামৰিক বাহিনীৰ গাড়ীত আক্ৰমণ কৰে। প্ৰাপ্ত খবৰ মতে ঢালিগাঁও থানাৰ অন্তৰ্গত বান্দুগুৰিত বিয়লি প্ৰায় ৩ বজাত এ এছ ১৬ চি/৫০২৯ নম্বৰ বলেৰো গাড়ী খনৰ খুন্দাত এগৰাকী মহিলা গুৰুতৰ ভাবে আহত হোৱাৰ উপৰি দুটি শিশু সামান্য পৰিমাণে আহত হয় ।

দুৰ্ঘটনা সংঘটিত হোৱা প্ৰত্যক্ষ কৰি ওচৰতে থকা একাংশ লোক উত্তেজিত হৈ গাড়ী খনত শিল,লাঠী আদিৰে আক্ৰমণ কৰে । ফলত গাড়ী খনৰ দৰ্জা, কাঁচ আদি ভাঙি চূৰ্ণ-বিচূৰ্ণ হয়। গাড়ীৰ ভিতৰত থকা এজন অসামৰিক লোক (চালক) আৰু এজন বিএছএফ জোৱানক উত্তেজিত একাংশ লোকে শাৰিৰীক ভাৱে আক্ৰমণ কৰে । উত্তেজিত লোক সকলে ইমানতে শান্ত নাথাকি গাড়ী খন বগৰাই দিয়ে । পাছত ঘটনাৰ খবৰ পোৱা মাত্ৰেই ঢালিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উদ্ধাৰ কৰি চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে। আহত মহিলা আৰু শিশু দুটিক উত্তৰ বঙাইগাঁওস্থিত এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধিন কৰা হৈছে বুলি জানিব পৰা গৈছে । ঢালিগাঁও আৰক্ষীয়ে অচল হৈ পৰা বলেৰো গাড়ী খন পাছত ক্ৰেনৰ সহায়ত ঘটনাস্থলীৰ পৰা থানালৈ লৈ যায় ।

এক সূত্ৰই জনোৱা মতে বিভিন্ন স্থানত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ থকা বি এছ এফৰ জোৱানক বিয়লিৰ চাহ বিতৰণ কৰি শিবিৰ অভিমুখে গৈ থকা অবস্থাত গাড়ী খনৰ ষ্টিয়েৰিং লক হৈ উক্ত দুৰ্ঘটনা সংঘটিত হৈ মহিলা গৰাকী আৰু শিশু দুটি কম-বেছি পৰিমাণে আহত হৈছিল।ঘটনা সংক্ৰান্তত ঢালিগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।।

You might also like