নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীমুখৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বকুল কলিতাৰ দেহাৱসান

দিখৌমুখৰ দাঁতিকাষৰীয়া ব্ৰহ্মপুত্ৰ নদী কাষৰীয়া ৰূপহীমুখ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বকুল কলিতাৰ (৬২) আজি পুৱা প্ৰায় ৪ বজাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে৷

উল্লেখ্য যে মধুমেহজনিত ৰোগত আক্ৰান্ত হৈ অসুস্থ হোৱা কলিতা প্ৰায় এটা পষেক পূৰ্বে চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসাধীন হৈ আছিল৷ আজি কলিতাৰ মৃত্যুৰ বাতৰিয়ে কেৱল প্ৰয়াত শিক্ষকগৰাকীৰ জন্মস্থান ৰূপহীমুখেই নহয়, ইয়াৰ দাঁতিকাষৰীয়া দিখৌমুখ গৌৰীসাগৰ, হাতীঘুলি আদি অঞ্চলতো শোকৰ ছাঁ পেলাইছে৷ কাৰণ অতি অমায়িক আৰু নম্ৰ স্বভাৱৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী শিক্ষকতা বৃত্তিৰ লগতে ৰূপহীমুখ আৰু দিখৌমুখৰ লগতে শেহতীয়াকৈ ২নং হাতীঘুলিৰ স্থায়ী নিবাসী হোৱাৰ সূত্ৰে হাতীঘুলি অঞ্চলৰ সমাজ জীৱনৰ লগতো ওতপ্ৰোতভাৱে জড়িত হৈ পৰিছিল৷ শিক্ষকতাৰ বৃত্তিত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৃতী শিক্ষক বঁটাৰ লগতে বি আৰ আম্বেদকাৰ বঁটাৰেও বিভূষিত হ’বলৈ সক্ষম হৈছিল এইগৰাকী দক্ষ শিক্ষক৷

১৯৬৫ চনত জন্মলাভ কৰা প্ৰয়াত কলিতাই ১৯৮৫ চনত ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিকত বিষয় শিক্ষক হিচাপে যোগদান কৰি একেখন বিদ্যালয়তে ১৯৯০ চনত প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ লৈ বিগত ২০২৫ বৰ্ষত সেইখন বিদ্যালয়ৰ পৰাই অৱসৰ গ্ৰহণ কৰিছিল৷ কিন্তু মধুমেহ ৰোগত আক্ৰান্ত হোৱাৰ পৰিণতিতে অৱশেষত অকালতে ইহলীলা সম্বৰণ কৰিব লগা হোৱা কলিতাৰ নশ্বৰ দেহ আজি প্ৰথমে হাতীঘুলিৰ বাসগৃহ আৰু ইয়াৰ পাছত ৰূপহীমুখৰ কৰ্মস্থলী ৰূপহীমুখ জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণলৈ নি স্থানীয় ৰাইজ, বিদ্যালয় কৰ্তৃপক্ষ, ছাত্ৰ-ছাত্ৰী, স্থানীয় সমূহ অনুস্থান-প্ৰতিস্থানৰ বিষয়ববীয়াই এক শোকাকুল পৰিৱেশত প্ৰয়াত কলিতাৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ ইয়াৰ পিছতে পুনৰ শিক্ষকগৰাকীৰ নশ্বৰ দেহ হাতীঘুলিৰ নতুন বাসগৃহ প্ৰাংগণলৈ আনি অন্তিম সৎকাৰ কৰা হয়৷ মৃত্যুৰ সময়ত নিজ পৰিয়ালত পত্নীসহ তিনিগৰাকী কন্যা সন্তান এৰি যোৱা অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ দেহাৱসানে বৃহত্তৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে৷

নিয়মীয়া বাৰ্তা, দিখৌমুখ, ২০ জুলাই :

You might also like