নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তিৰ পূৰ্বেই বিদ্যা বালন অভিনীত ‘শকুন্তলা দেৱী’ৰ সফলতা..শকুন্তলা দেৱীলৈ ‘দ্ৰুততম মানৱ কম্পিউটাৰ’ আখ্যা গীনিজবুকৰ

নিয়মীয়া বাৰ্তা, ৩১ জুলাইঃ বিদ্যা বালন অভিনীত ‘শকুন্তলা দেৱী’য়ে মুক্তিৰ পূৰ্বেই লাভ কৰিছে সফলতা।মুক্তিৰ পূৰ্বেই গিনীজ ৱৰ্ল্ড ৰেকৰ্ডছয়ে স্বৰ্গীয় শকুন্তলা দেৱীক ‘দ্ৰুততম মানৱ কম্পিউটাৰ’ৰ চাৰ্টিফিকেট প্ৰদান কৰিছে।আমাজনৰ দ্বাৰা প্ৰচাৰিত শকুন্তলা দেৱী ভাৰতীয় ভাষাৰ প্ৰথম বায়োপিক।

গণিতৰ সকলোতকৈ দ্ৰুত গণনা ৩৮ ছেকেণ্ডৰ আছিল আৰু এই গণনা শকুন্তলা দেৱীয়ে কৰি দেখুৱাইছিল। তেওঁ ১৮ জুন ১৯৮০ চনত লণ্ডনৰ ইম্পেৰিয়েল কলেজত যাদৃচ্ছিকভাৱে ২বাৰ ১৩ টা সংখ্যা সফলতাৰে পূৰণ কৰি এই ৰেকৰ্ড গঢ়িছিল।গিনীজ বুকৰ ফালৰ পৰা প্ৰদান কৰা চাৰ্টিফিকেট স্বৰ্গীয় শকুন্তলা দেৱীৰ কন্যা অনুপমা বেনৰ্জীয়ে গ্ৰহণ কৰে।

শকুন্তলা দেৱীৰ মূল চৰিত্ৰত বিদ্যা বালন অভিনীত তেওঁৰ এই বায়োপিকত ব্যক্তিগত তথা ব্যৱহাৰিক ৰূপত তেওঁৰ বিভিন্ন উপলব্ধি তথা অভিজ্ঞতাক প্ৰকাশ কৰা হৈছে।ছবিখনৰ লেখন আৰু নিৰ্দেশনা অনু মেননৰ।

You might also like