নামতহে খোলা, অচল চৰকাৰী কার্যালয়; ক’ৰোনাৰ ভয়াৱহ সংক্রমণ–তলাবন্ধ স্থবিৰতা
নিয়মীয়া বাৰ্তা, ১ আগষ্টঃ সংহাৰী ন’ভেল ক’ৰোনা ভাইৰাছৰ ভয়াৱহ সংক্রমণ তথা ইয়াক প্রতিৰোধকল্পে দীর্ঘদিন ধৰি বলৱৎ হৈ থকা লকডাউন অর্থাৎ তলাবন্ধই চৰকাৰী–বেচৰকাৰী প্রতিটো খণ্ডতে স্থবিৰতাৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ লকডাউনত কেতবোৰ শিথিলতা জাৰি কৰিলেও কৃষি–উদ্যোগসহ উৎপাদনক্ষম ক্ষেত্রসমূহে পূর্বৰ স্বাভাৱিক গতি লাভ কৰা নাই৷ অনুৰূপ অৱস্থা চৰকাৰী কার্যালয়সমূহৰ ক্ষেত্রতো৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা গাইডলাইনৰ লগত সংগতি ৰাখি ৰাজ্য প্রশাসনৰ নাভিকেন্দ্রস্বৰূপ জনতা ভৱনৰ লগতে অসম চৰকাৰৰ কার্যালয়সমূহ ৩০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে চলোৱাৰ ব্যৱস্থা কৰা হৈছে৷ কিন্তু লকডাউনৰ পূর্বে বিষয়া–কর্মচাৰী আৰু দর্শনার্থীৰে গিজগিজাই থকা ৰাজ্য চৰকাৰৰ প্রায়বোৰ বিভাগৰে কার্যালয়ত পৰিলক্ষিত হোৱা নাই কর্মব্যস্ততা৷
মূলতঃ মহামাৰীৰ দ্রুত সংক্রমণ আৰু লকডাউনৰ পৰিপ্রেক্ষিতত চৰকাৰী কার্যালয়ৰ কাম–কাজ সীমিত হৈ পৰাত এতিয়া বিষয়া–কর্মচাৰীৰ টেবুলত ফাইলৰ দ’ম নাই৷ যোৱা মার্চ মাহৰ মাজভাগৰ পৰা বর্তমানলৈকে প্রায় চাৰে চাৰি মাহ এনে ‘অচলাৱস্থা’ বাহাল থকাৰ পৰিপ্রেক্ষিতত নামতহে খোলা ৰখা হৈছে চৰকাৰী কার্যালয়সমূহ৷ কার্যতঃ কাম–কাজ এই সমছোৱাত অচল হৈ আছে৷ উল্লেখ্য যে যোৱা ২৪ মার্চৰ মাজ নিশাৰ পৰা দেশজুৰি বলৱৎ হোৱা লকডাউনৰ কিছু পূর্বৰে পৰাই অসমত চৰকাৰী কার্যালয়ত কর্মচাৰীৰ উপস্থিতি চৰকাৰে নিয়ন্ত্রণলৈ আনে৷ ক’ৰোনাৰ সংক্রমণ ৰোধৰ লগতে সামাজিক দূৰত্ব মানি সীমিতসংখ্যক কর্মচাৰীৰ উপস্থিতিৰে মার্চ মাহৰ মাজভাগৰ পৰাই কার্যালয়সমূহৰ কাম–কাজ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছিল৷ পৰৱর্তী পর্যায়ত দেশজুৰি লকডাউন ঘোষণা কৰাৰ লগে লগে কার্যালয়সমূহ বন্ধ হৈ পৰে৷ মে’ মাহৰ পৰা লকডাউন কিছু শিথিল কৰাত সীমিতসংখ্যক কর্মচাৰীৰ উপস্থিতিৰে কার্যালয় খোলাৰ ব্যৱস্থা কৰা হয় যদিও ব্যক্তিগত যান–বাহনৰ চলাচলত যথেষ্ট নিয়ন্ত্রণ থকাত কার্যালয়সমূহ নামতহে খোলা যেন হৈ পৰে৷ এতিয়াও একেই অৱস্থা বাহাল আছে৷ গুৱাহাটী মহানগৰীস্থিত জনতা ভৱন, বিভিন্ন বিভাগৰ মুৰব্বীৰ কার্যালয় আনকি স্বয়ং কামৰূপ (মহানগৰ) জিলা উপায়ুক্তৰ কার্যালয়তো একেই অৱস্থা বিৰাজমান৷ সম্প্রতি যোৱা ২০ জুলাইৰ পৰা কামৰূপ (মহানগৰ) জিলাত আনলক–১ৰ জৰিয়তে চৰকাৰী কার্যালয়সমূহ ৩০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে চলোৱা হৈছে যদিও কার্যালয়সমূহত নাই কোনোধৰণৰ কর্মব্যস্ততা৷ জনতা ভৱনৰ বিভিন্ন বিভাগৰ কার্যালয়ৰ দৰে মুৰব্বী বিভাগসমূহৰ কার্যালয়, উপায়ুক্তৰ কার্যালয়, ৰাজহ চক্র বিষয়াৰ কার্যালয়, বিভিন্ন বিভাগৰ জিলা পর্যায়ৰ কার্যালয়কে ধৰি সকলোতে এতিয়া নাই দর্শনার্থীৰ ভিৰো৷
পূর্বৰ দৰে স্বাভাৱিক কাম–কাজৰ বিপৰীতে এই কার্যালয়সমূহৰ অধিকাংশই ব্যস্ত ক’ৰোনা নিয়ন্ত্রণৰ কাম–কাজত৷ সমান্তৰালভাৱে ফাইল আৰু ডাকৰ সংখ্যাও যথেষ্ট কমিছে৷ আন্তঃজিলা যাতায়াত বন্ধ থকাৰ লগতে জনতা ভৱনকে ধৰি কার্যালয়সমূহত দর্শনার্থীৰ প্রৱেশ এতিয়াও বন্ধ হৈ থকাৰ বাবেই এনে অৱস্থাৰ সৃষ্টি হৈছে৷ ফলত দৈনন্দিন নিয়মমাফিক কাম–কাজ, দৰমহা–পেন্সনৰ বিলতেই যেন কার্যালয়সমূহৰ কাম–কাজ এতিয়া সীমাবদ্ধ৷ ৰাজ্য চৰকাৰৰ এক সূত্রই জানিবলৈ দিয়া মতে, ৩০ শতাংশ কর্মচাৰীৰে কার্যালয়সমূহ খোলাৰ ব্যৱস্থা কৰা হৈছে যদিও প্রায়বোৰ কার্যালয়তেই মহিলা কর্মচাৰীৰ সংখ্যা অধিক৷ অথচ চৰকাৰৰ নির্দেশনা অনুসৰি ৫ বছৰ বয়সৰ তলৰ সন্তান থকা মহিলা কর্মচাৰী, সন্তানসম্ভৱা মহিলা কর্মচাৰীসকলক স্বাস্থ্য বিভাগৰ ক’ভিড প্রট’কল অনুসৰি কামত আহিবলৈ দিয়া হোৱা নাই৷ সেইদৰে কর্কট, কিড্নী আদি গুৰুতৰ ৰোগত আক্রান্ত কর্মচাৰীৰ লগতে বয়োজ্যেষ্ঠ কর্মচাৰীসকলকো মানৱীয় দৃষ্টিভংগীৰেই কামত নিয়োজিত কৰা হোৱা নাই৷ আটাইকে এই সময়ছোৱাত ঘৰৰ পৰাই ডিজিটেল ব্যৱস্থাৰে কার্য সম্পাদন কৰিব দিয়া হৈছে৷ বাকী যিসকল কর্মচাৰী থাকিল সেইসকলৰো যথেষ্টসংখ্যক ক’ৰোনাবিৰোধী যুঁজত নিয়োজিত হৈ আছে৷ যোৱা মে’ মাহৰ পৰাই স্ক্রীনিং চেণ্টাৰ, ক’ভিড কেয়াৰ চেণ্টাৰ আদিত বিভিন্ন কামত নিয়োজিত হৈ আছে৷ ফলত প্রতিটো বিভাগতে বর্তমান বিভাগীয় কাম–কাজ একপ্রকাৰ তল পৰিছে৷ এই সম্পর্কত সদৌ অসম কর্মচাৰী পৰিষদৰ যুটীয়া সম্পাদক তথা অসম সচিবালয় সেৱা সন্থাৰ সাধাৰণ সম্পাদক পার্থ হাজৰিকাই কয় যে ৩০ শতাংশ কর্মচাৰীৰে কার্যালয়সমূহ চলোৱাত এতিয়ালৈ বিশেষ অসুবিধা হোৱা নাই৷ কাৰণ বাহিৰৰ পৰা কার্যালয়ত দর্শনার্থী অহা বন্ধ থকাৰ লগতে আন্তঃজিলা যাতায়াত ব্যৱস্থা নিয়মীয়া নোহোৱাৰ পৰিপ্রেক্ষিতত নতুনকৈ ফাইল, ডাক আদি অহা নাই৷
স্বাভাৱিকতে ইয়াৰ বাবেই পূর্বৰ দৰে কামৰ হেঁচা কার্যালয়সমূহত পৰা নাই৷ হাজৰিকাৰ মতে, প্রতিটো বিভাগৰ কাম–কাজ বর্তমান নিয়াৰিকৈ চলি আছে৷ ঘৰত থকা কর্মচাৰীসকলেও কাম–কাজ ঘৰৰ পৰাই সম্পাদন কৰি আছে৷ আন্তঃজিলা যাতায়াত ব্যৱস্থা যেতিয়া নিয়মীয়া হ’ব আৰু কার্যালয়সমূহত দর্শনার্থী আহিব পাৰিব, তেতিয়াহে পূর্বৰ দৰে কার্যালয়সমূহত কাম–কাজৰ ব্যস্ততা বাঢ়িব৷ কিন্তু মাৰাত্মক ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণৰ পৰিপ্রেক্ষিতত চৰকাৰী কার্যালয়সমূহৰ কাম–কাজ এইদৰে স্থবিৰ হৈ পৰাত স্বাভাৱিকতে উন্নয়নমূলক বিভিন্ন আঁচনি ৰূপায়ণ ক্ষিপ্রতৰ হোৱাত স্বাভাৱিকতে প্রতিবন্ধকতাৰ সৃষ্টি হৈছে৷