ৰাম মন্দিৰৰ ভূমি পূজনত দলিত পুৰোহিত নৰখাক লৈ অসন্তুষ্ট মায়াৱতী
নিয়মীয়া বাৰ্তা ১ আগষ্টঃ অহা ৫ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰত ভূমি পূজনত দলিত পুৰোহিতক আমন্ত্রণ নকৰাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে বি এছ পিৰ মুৰব্বী মায়াৱতীয়ে৷ টুইটাৰত বি এছ পিৰ মুৰব্বীগৰাকীয়ে কয় যে ভূমি পূজন উৎসৱত ২০০ পুৰোহিতক নিমন্ত্রণৰ ভিতৰত দলিত মহামণ্ডলেশ্বৰ স্বামী কানহাইয়া প্রভু নন্দনগিৰিক নিমন্ত্রণ কৰা উচিত৷ এই পদক্ষেপ গ্রহণ কৰিলে দেশত সংবিধানৰ জাতিবিহীন সমাজ গঢ়াত সহায় হ’ব৷ আন এক টুইটত মায়াৱতীয়ে কয় যে এনে পদক্ষেপ গ্রহণ নকৰিলে দলিত সমাজে জাতিগতভাৱে অৱহেলিত, অৱমাননা আৰু অন্যায় হ’ব বুলি ভাবি ল’ব৷ পৰমপূজ্য বাবা চাহেব ড০ ভীমাৰাও আম্বেদকাৰে দেখুওৱা পথক অনুকৰণ কৰাটোও অতিকৈ গুৰুত্বপূর্ণ৷ এই পৰামর্শ বি এছ পিৰ পৰা আগবঢ়োৱা হৈছে৷ উল্লেখ্য যে অহা ৫ আগষ্টত অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমি পূজনত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অংশ ল’ব৷