এইবাৰ আই পি এলত চমক দিবলৈ সাজু ৰিয়ান পৰাগ
নিয়মীয়া বাৰ্তা, ২ আগষ্ট: বিগত বর্ষৰ আই পি এলত চমকপ্রদ বেটিঙেৰে সমগ্র দেশত চিনাকি লাভ কৰা অসমৰ উদীয়মান তাৰকা ৰিয়ান পৰাগে এইবাৰ ইউ এ ইত উন্নত প্রদর্শন দাঙি ধৰাৰ লক্ষ্য লৈছে৷ মাত্র ১৭ বছৰ বয়সতে অর্ধশতক অর্জন কৰি আই পি এলত ইতিহাস ৰচা ষ্টাইলিছ বেটছমেনগৰাকীয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ আগত আজি কয় যে বিগত বর্ষৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি এইবাৰো তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ আই পি এলত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিব বিচাৰে৷ ‘বিগত বর্ষটো মোৰ বাবে এটা সুখদায়ক বছৰ আছিল৷
ৰাজস্থান ৰয়েলছৰ দৰে আগশাৰীৰ দলৰ হৈ খেলিবলৈ মই সৌভাগ্য অর্জন কৰিছিলোঁ৷ এইবাৰ আই পি এল ইউ এ ইলৈ স্থানান্তৰিত হৈছে আৰু প্রতিযোগিতাখনৰ বাবে মই মানসিকভাৱে সাজু হৈছোঁ৷ বাহ্যিক দিশৰ পৰা কোনো চাপ অনুভৱ নকৰাকৈ অনাগত দিনত মই প্রস্তুতিৰ ওপৰতহে মাথোঁ গুৰুত্ব দিম৷ মোৰ প্রদর্শনক লৈ কোনে কি আলোচনা কৰিছে তাৰ ওপৰত মই কেতিয়াও ধ্যান নিদিওঁ৷’ ৰিয়ান পৰাগে এইদৰে কয়৷ অষ্ট্রেলিয়াৰ তাৰকা বেটছমেন ষ্টিভেন স্মিথ আৰু বিশ্বৰ অন্যতম শ্রেষ্ঠ অলৰাউণ্ডাৰ তথা ইংলেণ্ডৰ তাৰকা বেন ষ্ট’কছৰ সৈতে একেলগে খেলাৰ সুযোগ লাভ কৰি তেওঁ সৌভাগ্যশালী বুলি অনুভৱ কৰিছে বুলি উল্লেখ কৰি যুৱ ক্রিকেটাৰগৰাকীয়ে কয় যে এই দুই তাৰকাৰ পৰা তেওঁ যথেষ্ট নতুন কথা শিকিব পাৰিছে৷
ষ্টিভেন স্মিথক এগৰাকী দক্ষ অধিনায়ক আখ্যা দি ৰিয়ানে পুনৰ কয় যে অষ্ট্রেলিয়াৰ তাৰকাগৰাকীয়ে যুৱ প্রতিভাক যথেষ্ট গুৰুত্ব দিয়ে৷ উল্লেখ্য যে ২০১৯ৰ আই পি এলৰ নিলামত ৰাজস্থান ৰয়েলছে অসমৰ প্রতিভাৱান ক্রিকেটাৰগৰাকীক ২০ লাখ টকাৰ ভিত্তিমূল্যত ক্রয় কৰিছিল৷