নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাক লৈ ভয় নাখাব, চাওক অমিতাভ বচ্চনৰ অনুপ্ৰেৰণামূলক ইনষ্টাগ্ৰাম পোষ্ট

নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ক’ভিড-১৯ত আক্ৰান্ত অমিতাভ বচ্চনৰ এটা ইনষ্টাগ্ৰাম পোষ্ট, য’ত তেওঁ এখন ষ্টেডিয়ামভৰ্তি খেলপথাৰত এগৰাকী ফুটবল খেলুৱৈৰ দৰে ভৰিৰে মাৰি পঠিয়াইছে এটা ক’ভিড-১৯ ভাইৰাছক।

ফাটি ছিৰাছিৰ ভাইৰাছৰ দেহ। কাষত পুত্ৰ অভিষেক বচ্চন। ফটোৰ কাষত দিছে অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰায় বচ্চনৰ কবিতা। 

কবিতাত লিখিছে- धनुष उठा, प्रहार कर, तू सबसे पहला वार कर, अग्नि सी धधक–धधक, हिरन सी सजग सजग, सिंह सी दहाड़ कर, शंख सी पुकार कर, रुके न तू, थके न तू झुके न तू, थमे न तू …

অমিতাভ বচ্চনৰ এয়া ক’ৰোনা বিজয়ৰ প্ৰতীকী চিহ্ন, এগৰাকী ৭৭ বছৰীয়া প্ৰৌঢ়ৰ সফলতাৰ স্মাৰক।

সম্পাদনা কৰা এই ছবিখনেৰে বিগ বি অমিতাভ বচ্চনে ক’ৰোনা আক্ৰান্ত লাখ লাখ ভাৰতীয় নাগৰিকক অনুপ্ৰাণিত কৰিছে ক’ভিড-১৯ৰে যুঁজাৰ বাবে।

উল্লেখ্য যোৱা ১১ জুলাইত অমিতাভ বচ্চন আৰু অভিষেক বচ্চন ক’ৰোনাত আক্ৰান্ত হোৱাত মুম্বাইৰ হাস্পতালত ভৰ্তি হৈছিল। যোৱা ২ আগষ্টত তেওঁৰ পুনৰ পৰীক্ষা কৰাত ফলাফল নিগেটিভ হোৱাত হাস্পতালৰ পৰা তেওঁক ঘৰলৈ আহিবলৈ দিয়া হয় যদিও অভিষেক বচ্চন এতিয়াও হাস্পতালতে চিকিৎসাধীন হৈ আছে।

You might also like