ক’ভিড-লকডাউনক প্ৰত্যাহ্বান জনাই সেউজীয়া চাহ-বাগিছাত চলিছে শৈক্ষিক আখৰা
দুলীয়াজান "আটছাৰ পাঠশালা"ত শ্ৰমিকৰ সন্তানে আওৰাইছে পাঠ্যপুথি
নিয়মীয়া বাৰ্তা , ৭ আগষ্টঃ ক’ভিড-লকডাউনৰ প্ৰত্যাহ্বানৰ মাজতে এতিয়া বাগিছাই বাগিছাই চলিছে নিৰৱ শৈক্ষিক উত্তৰণৰ আখৰা । দুলীয়াজান সমষ্টিৰ বিভিন্ন চাহ বাগিছাত অনেক প্ৰত্যাহ্বান নেওচি আটছাৰ পাঠশালাত জ্ঞান অন্বেষণৰ জোৱাৰ উঠিছে ।
যথাক্ৰমে নতুন আৰু পুৰণি ডিৰিয়াল চাহ বাগিছা, ৰজাআলি চাহ বাগিছা, জালনি চাহ বাগিছা, জুটুলীবাৰী চাহ বাগিছা, বিজুলীবাৰী চাহ বাগিছা, শান্তি চাহ বাগিছা, ভাদৈ ৩ নং চপাতলী, ৪ নং চপাতলী, কেৰেকণী গাঁও, শিমলুবাম, ফেকেলাজান, কল্যাণপুৰ,ভাদৈ পাঁচ আলি আদি বিভিন্ন চাহ বাগিছাঞ্চলত খাটিখোৱা শ্ৰমিকৰ সন্তানে আওৰাইছে পাঠ্যপুথি । কোনো বাগিছাৰ মজদুৰ ক্লাবৰ মজিয়া নতুবা চোতাল নাইবা ৰাশি ৰাশি চাহ-বাগিছাৰ সেউজীয়াৰ মাজত জ্ঞানপিপাসু এদল ছাত্ৰ-ছাত্ৰীক লৈ এনেদৰে বৌদ্ধিক কচৰৎ চলাই আহিছে স্হানীয় এলেকাৰ একাংশ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে ।
ৰাজ্যত লকডাউনৰ পৰিপ্ৰেক্ষিতত বিগত ছমাহ ধৰি বিদ্যা মন্দিৰসমূহ তলাবন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত শিক্ষা নীতিৰ নতুন সংযোজন অনুসৰি একাংশ ছাত্ৰ ছাত্ৰীয়ে অনলাইন মাধ্যমেৰে শিক্ষা লোৱাৰ একেসময়তে আৰ্থিক আৰু সামাজিকভাৱে পিছপৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে অনলাইন শিক্ষা ব্যৱস্হাৰ সৈতে খাপ খাব পৰা নাই সেইসকল ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে কাৰ্যত এই ব্যৱস্হা গ্ৰহণ কৰা হৈছে ।
অসম চাহ জনজাতি ছাত্র সন্হা দুলীয়াজান আঞ্চলিক সমিতিৰ মুখ্য উপদেষ্টা প্ৰকাশ চাহু, সভাপতি মুকেশ গড় আৰু সম্পাদক কিৰণ ভূমিজৰ নেতৃত্বত অঞ্চলটোৰ ১৪ গৰাকীকৈ শিক্ষিত নিবনুৱা যুৱক-যুৱতীয়ে ছাত্ৰ ছাত্ৰীসকলক দি আহিছে পুথিগত আৰু ব্যৱহাৰিক পাঠদান । বিশ্বব্যাপি মহামাৰী ক’ভিড আৰু ইয়াক সংক্ৰমণ প্ৰতিৰোধ উদ্দেশ্যে চৰকাৰীভাৱে ঘোষিত লকডাউন-কাৰ্ফিউ ব্যৱস্হাৰ দোমোজাত একপ্ৰকাৰ স্হবিৰ হৈ পৰা শৈক্ষিক বাতাৱৰণ ঘুৰাই অনাৰ প্ৰয়াসেৰে স্বতস্ফূৰ্তভাৱে এই মহৎ পদক্ষেপ গ্ৰহণ কৰিছে এইসকল যুৱক-যুৱতীয়ে ।
আনহাতে আটছাৰ শৈক্ষিকস্হলী পৰিদৰ্শন কৰি এনে উদ্যমী যুৱক-যুৱতীক সততে প্ৰোৎসাহিত কৰি আহিছে টেঙাখাট শিক্ষাখণ্ডৰ সমল কেন্দ্ৰৰ সমন্বয়ক নিজু ৰাভা গগৈয়ে । সাম্প্ৰতিক পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে প্ৰৱৰ্ত্তন কৰা নতুন নিয়ম-নীতিৰ আধাৰত ক্ৰমাগতভাৱে সম্পূৰ্ণকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ দুৱাৰ মুকলি কৰা হৈছে যদিও পূৰ্বৰ সচ্চলতালৈ এতিয়াও ঘুৰি অহা নাই শৈক্ষিক প্ৰতিষ্ঠানসমূহ ।
শিক্ষকসকলেও ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক পাঠ্যক্ৰম আগুৱাই নিবৰ বাবে হোৱাটচএপৰ যোগেদি শৈক্ষিক পৰামৰ্শৱলী আগবঢ়াই আহিছে যদিও বিভিন্ন সমস্যাবহুল অঞ্চলৰ শিক্ষাৰ্থীসকলক অনলাইন শিক্ষাই স্পৰ্শ কৰিব পৰা নাই । আটছাৰ উদ্যোগত এইধৰণৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰে শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সপোন সাকাৰ কৰি তুলিবলৈ সমৰ্থ হৈছে বুলি স্হানীয় সচেতন মহলে প্ৰশংসা কৰিছে ।