মৰিগাঁও অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ ললে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰীয়ে
নিয়মীয়া বাৰ্তা, ৭ আগষ্ট: মৰিগাঁও নগৰৰ বিহুতলীত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহৰ আধাৰশিলা আৰু দ্বিতীয় পৰ্যায়ৰ গৃহ নিৰ্মাণৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসম চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী পিয়ুষ হাজৰিকাই। মৰিগাঁও নগৰৰ ৬ নং ৱাৰ্ডৰ এৰাগাঁৱত ২ জন লোকৰ গৃহ আধাৰশিলা স্থাপন কৰি বিহুতলিত অনুষ্ঠিত সভাখনত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচী শুভাৰম্ভ কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই। শুভাৰম্ভণি সভাত ভাষণ প্ৰদান কৰি মন্ত্ৰী হাজৰিকাই চৰকাৰে জনসাধাৰণৰ হৃতৰ কাৰণে বহু আঁচনি গ্ৰহণ কৰা বুলি উল্লেখ কৰি কয় তৰুণ গগৈ চৰকাৰৰ দিনত দৰিদ্ৰ পৰিয়ালৰ হিতাধিকাৰীক মাত্ৰ ৭৫ হাজাৰ টকাহে দিছিল। কিন্তু আমাৰ চৰকাৰে ২ লাখকৈ টকা দিছে। এইয়া জানো পৰিৱৰ্তন নহয় বুলি প্ৰশ্ন কৰে। ইয়াৰ জৰিয়তে সকলোৰে সপোনৰ ঘৰ হ’ব আপোন বুলি মন্তব্য কৰে। মৰিগাঁও পৌৰসভাৰ কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত দেৱযানী চৌধুৰীয়ে আদৰণী ভাষণ প্ৰদান কৰা সভাখনত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু জিলা উপায়ুক্ত ঋতুৰাজ বৰাই চৰকাৰে ৰূপায়ণ কৰা আঁচনি খনৰ ওপৰত ভাষণ প্ৰদান কৰে।
আৰক্ষী অধীক্ষক নন্দসিং বৰকলা,জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধীকে আদি কৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰা সভাখনতে ৩ জন হিতাধিকাৰীক ৮০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে।
আনহাতে এই অনুষ্ঠানৰ পিছতে ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিয়ুছ হাজৰিকাই মৰিগাঁও অসামৰিক চিকিৎসালয় ভ্ৰমণ কৰি চিকিৎসক চিকিৎসা কৰ্মী সকলৰ অভাৱ অভিযোগৰ বুজ লৈ প্ৰয়োজনীয় প্ৰদক্ষেপ গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে ।