নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“কৃষকসকলক এখন উপযুক্ত বজাৰৰ সুবিধা দিয়াটো আমাৰ অন্যতম লক্ষ্য”- অতুল বৰা

নিয়মীয়া বাৰ্তা, ৭ আগষ্ট: “কৰ্মবিমুখ জাতি কেতিয়াও উন্নয়নৰ শিখৰত আৰোহণ কৰিব নোৱাৰে৷ কৃষি নিৰ্ভৰশীল আমাৰ ৰাজ্যখনৰ প্ৰতিটো প্ৰজন্মই পথাৰৰ পৰাই বিপ্লৱ আৰম্ভ কৰিব লাগিব৷ পথাৰৰ লগতে বজাৰো আমাৰ হ’বই লাগিব৷ পশুপালন খণ্ডৰ সৈতে জড়িত কৃষকসকলক এখন উপযুক্ত বজাৰৰ সুবিধা দিয়াটো আমাৰ অন্যতম লক্ষ্য৷” এই মন্তব্য মন্ত্ৰী অতুল বৰাৰ ।

আজি গুৱাহাটীৰ বামুণীমৈদামত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত সপ্তমটো মাংস, মাছ, কণী, দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰীৰ বিক্ৰী কেন্দ্ৰ উদ্বোধন কৰে মন্ত্ৰী বৰাই ৷

লগতে মন্ত্ৰীগৰাকীয়ে জনায় যে অতিশীঘ্ৰে অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ উদ্যোগত গুৱাহাটীৰ বিভিন্ন স্থানত আৰু ১০০টা অনুৰূপ বিক্ৰী কেন্দ্ৰ আৰম্ভ হ’ব৷

উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত আছিল অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, অসম যুৱ পৰিষদৰ সভাপতি সুনীল ডেকা, উদ্যোগী জিতেন দত্ত, বিভাগীয় কৰ্মকৰ্তাৰ লগতে কেইবাগৰাকী উদ্যমী যুৱক৷

You might also like