নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম মালা ঘাই পথঃ কাৰ চক্ৰান্তত চলিছে বিপথে জৰীপ? সৰ্বস্তৰত প্ৰতিবাদ

নিয়মীয়া বাৰ্তা, ৭ আগষ্টঃ অসম চৰকাৰৰ দ্বাৰা ৰূপায়িত ‘অসম মালা’ নামৰ ৰাষ্ট্ৰীয় ঘাই পথৰ সমপৰ্যায়ত নিৰ্মাণ হ’ব লগা প্ৰথমটো পথেই মাৰ্ঘেৰিটা সমষ্টিত ৰূপায়ণৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক সকলোৱে আদৰণি জনাইছিল যদিও শেহতীয়াকৈ উক্ত পথকলৈ চলা কুটিল ৰাজনীতিয়ে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিক্ষুব্ধ কৰি তুলিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা সমষ্টিৰ বুঢ়ীদিহিং মৌজাবাসীক।

উল্লেখ্য যে পূৰ্ব ঘোষিত সিদ্ধান্ত অনুসৰি মাৰ্ঘেৰিটা সমষ্টিটোক ইমূৰৰ পৰা সিমূৰলৈ সংযোগ কৰা কাকপথাৰ হৈ ডিৰাক গেট- ৰূপাই (ডুমডুমা) ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ডিৰাক সোণজান- কৈলাসপুৰ- বতনি- তালপথাৰ- মহং চাৰি আলি (জৰাজীৰ্ণ সীমান্ত পথ) আৰু বৰহোলোং- চিকৰাজান- বিজুলীবন- পেঙেৰীহৈ মাৰ্ঘেৰিটালৈ সম্প্ৰসাৰণ হ’ব লগা পথটোৰ জৰীপ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল। কিন্তু কি পাকচক্ৰত পৰি জৰীপ কাৰ্যৰে জড়িত দিগন্ত গোস্বামীয়ে পৰৱৰ্তী সময়ত কেইবাকোটি টকীয়া নৱনিৰ্মিত তিনিটাকৈ পথ নষ্ট কৰাৰ পৰিকল্পনাৰে তালপথাৰ- মহং- বৰহোলোং- চিকৰাজানৰ পৰিৱৰ্তে বেতনীৰ পৰা মদাৰখাট- ভূঞাগাঁও- হোলোং গুটিবাৰীহৈ ফিল’বাৰী- বিজুলীবনৰ পথটো জৰীপ কৰাত ক্ষোভত ফাটি পৰিছে স্থানীয় জনতাৰ লগতে খুদ বিজেপি নেতা- কৰ্মীও। কাৰণ ডিৰাক সোণজানৰ পৰা কৈলাসপুৰ- বেতনি- তালপথাৰ- মহং পৰ্যন্ত জৰাজীৰ্ণ অৱস্থাত থকা ব্যস্ততম সীমান্ত পথটোৰ উন্নয়নে সামগ্ৰিকভাৱে সমষ্টিটোৰ ৰাইজক উপকৃত কৰাৰ থল থকাৰ লগতে উক্ত পথটোৰ নিৰ্মাণত আইন শৃংখলাজনিত কাৰণো নিহিত হৈ আছে। জনামতে গড়কাপ্তানি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় বিধায়কৰ সিদ্ধান্ত অনুসৰিয়েই পথটোৰ জৰীপ কাৰ্য সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছিল অভিযন্তা দিগন্ত গোস্বামীক। উক্ত মন্তব্য বিজেপি নেতা কিম্বা জৰীপৰ দায়িত্বত থকা দিগন্ত গোস্বামীৰো। কিন্তু প্ৰশ্ন হৈছে পৰিশেষত বিধায়কেই তেওঁৰ সিদ্ধান্ত সলনি কৰিলে নে কৰোবাৰ প্ৰৰোচনাত পৰি জৰীপকৰ্তাই মনমৰ্জিমতে জৰীপ কৰিলে? এই সন্দৰ্ভত সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰও প্ৰেৰণ কৰি পূৰ্বৰ সিদ্ধান্ত বাহাল ৰাখি পথ নিৰ্মাণৰ বাবে দাবী জনাইছে। কেৱল সেয়াই নহয়, আজি কৈলাসপুৰত এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰি জৰীপ কৰ্তাৰ হঠকাৰী সিদ্ধান্তক গৰিহনা দি পুৰ্বঘোষিত পথটো নিৰ্মাণৰ দাবী জনাইছে। কাৰণ জৰাজীৰ্ণ অৱস্থাত থকা উক্ত পথেৰে বৰডুমচাৰ পৰা ডিৰাক- সোণজানৰ পৰা কাকপথাৰ- ডুমডুমা- মাকুম হৈ তিনিচুকীয়ালৈ যাত্ৰীবাহী বাচৰ চলাচল হয়।

তদুপৰি চাৰিখনকৈ গাঁও পঞ্চায়ত ক্ৰমে কৈলাসপুৰ, পুৰণিপুখুৰী, বুঢ়ীদিহিং আৰু বিজুলীবন স্পৰ্শ কৰিব লগীয়া উক্ত গুৰুত্বপূৰ্ণ পথটোৰ কাষতেই বালিজান অঞ্চলত স্থাপন হ’ব চৰকাৰী আদৰ্শ মহাবিদ্যালয়খন। তেনে স্থলত কাৰ চক্ৰান্তৰ বলি হৈ প্ৰকৃত পথ ত্যাগ কৰি কেৱল কৈলাসপুৰৰ পৰা বুঢ়ীদিহিং পঞ্চায়ত স্পৰ্শ কৰি ফিল’বাৰীলৈ তিনিটাকৈ নতুন পথ বিধ্বস্ত কৰি অসম মালাৰ পথটো নিৰ্মাণৰ প্ৰস্তুতি চলাইছে সেয়া নুবুজা সাঁ‌থৰ। এই সন্দৰ্ভত বিজেপিৰ বুঢ়ীদিহিং মণ্ডলৰ সভাপতি ভাদেশ্বৰ মৰাণে কয় যে বিধায়ক ভাস্কৰ শৰ্মা কিম্বা দলীয় নেতাৰ অজ্ঞাতে জৰীপকৰ্তাই নিজ খেয়াল খুচিমতে জৰীপ কাৰ্য চলোৱাটো একান্তই নিন্দনীয়। প্ৰয়োজনত দলীয়ভাৱেও ৰাজপথলৈ ওলাবৰ বাবে বাধ্য হ’ব বুলিও সকীয়াই দিয়ে।

You might also like