জলমগ্ন মুম্বাইত এগৰাকী মহিলাৰ মানৱীয় নিদর্শন
নিয়মীয়া বাৰ্তা, ৯ আগষ্টঃ মুষলধাৰ বৰষুণে ভয়াৱহ বানৰ সৃষ্টি কৰা মুম্বাইত মুকলি মেনহলৰ পৰা ৰক্ষা পাবলৈ পথচাৰীক ৫ ঘণ্টা সময় ধৰি পানীৰ মাজত থিয় হৈ এগৰাকী মহিলাই সজাগ কৰি থকা ভিডিঅ’ই দেশজুৰি সৃষ্টি কৰিছে ব্যাপক চর্চা৷
বর্ষাকালত প্রতিবছৰে মায়ানগৰী মুম্বাইক জলমগ্ণ কৰে অতিবৃষ্টিয়ে৷ শেহতীয়াকৈ ২০০৫ চনৰ অভিলেখ ভংগ কৰি মুম্বাইক প্লাৱিত কৰিছে মুষলধাৰ বৃষ্টিপাতে৷ ইয়াৰ ফলত স্বাভাৱিক জীৱনযাত্রা স্তব্ধ হৈ পৰিছে মহাৰাষ্ট্রৰ ৰাজধানী চহৰখনত৷ জলমগ্ন মুম্বাইৰ ৰাজপথত প্রতিদিনে সংঘটিত হৈছে এটাৰ পাছত আনটো দুর্ঘটনা৷
এনে এক পৰিস্থিতিত মুকলি মেনহলত পৰি যোৱাৰ পৰা পথচাৰীক ৰক্ষা কৰিবলৈ ৫ ঘণ্টা সময় ধৰি পানীত থিয় হৈ থাকি বিভিন্ন মহলৰ প্রশংসা আদায় কৰিবলৈ সক্ষম হৈছে৷ বৰষুণৰ মাজতেই পানীৰ মাজত থিয় হৈ মহিলাগৰাকীয়ে সম্ভাব্য বিপদৰ পৰা ৰক্ষা কৰিছে বহু পথচাৰীক৷