ছয়গাঁও আৰক্ষীৰ বৃহৎ সফলতা, ব্ৰাউন চুগাৰ সহ এজনক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে ছয়গাঁও আৰক্ষী থানাত যোগদান কৰাৰে পৰা এটাৰ পিছত আন এটা অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে অভিযান চলাই বহু অপৰাধীক ইতিমধ্যে কৰায়ত্ব কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ঘোঁৰামাৰা পথাৰৰ পৰা যোৱা নিশা ছয়গাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এজন লোকক আটক কৰে ৷ আটক কৰা লোকজন হ’ল ঘোঁৰামাৰা পথাৰৰ আবু তালেবউদ্দিনৰ পুত্ৰ খবিৰুদ্দিন ৷ ঘটনাৰ বিৱৰণীত জানিব পৰামতে খবিৰুদ্দিন নামৰ লোকজনে দীৰ্ঘদিন ধৰি বৃহত্তৰ গৰৈমাৰীকে ধৰি ঘোঁৰামাৰা অঞ্চলত ড্ৰাগছৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আছিল ৷ উক্ত ড্ৰাগছ ব্যৱসায়ী জনক আটক কৰাৰ বাবে যোৱা নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত তথা উপ পৰিদৰ্শক সুমন্ত বৰ্মন আৰু সহকাৰী উপ পৰিদৰ্শক বিপুল ডেকাৰ সৈতে যোৱা এটি বৃহৎ আৰক্ষীৰ দলে এক অভিযান চলাই খবিৰুদ্দিন নামৰ লোকজনক নিজ ঘৰৰ পৰা আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰে ৷ আৰক্ষীয়ে এখন ইলিক্ট্ৰনিক দগা পল্লাও জব্দ কৰে ৷ ছয়গাঁও আৰক্ষীৰ এই বৃহৎ সফলতাক ছয়গাঁৱবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ।