এয়া পাঁচ মাহতে কার্যকৰী কৰিব পৰা বিষয় নহয়
নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ কেন্দ্রীয় গৃহ মন্ত্রালয়ে গঠন কৰা অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পর্কীয় উচ্চস্তৰীয় সমিতিৰ প্রতিবেদনখন মঙলবাৰে ক্ষোভেৰে ৰাজহুৱা কৰে সদৌ অসম ছাত্র সন্থাই৷ ইয়াৰ পাছতে প্রতিক্রিয়া প্রকাশ কৰিছে ১৪জনীয়া সমিতিখনৰ অধ্যক্ষ, অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মাই৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে আছুৱে সম্পূর্ণ ব্যক্তিগতভাৱে প্রতিবেদনখন ৰাজহুৱা কৰিছে৷ অসম চুক্তি স্বাক্ষৰকাৰী সংগঠন হিচাপে আছু এই সমিতিখনত আছিল৷ ৰাজহুৱা কৰাৰ আগতে তেওঁলোকে প্রতিবেদনখন কি হ’ল, সেয়া জানি ল’ব পাৰিলেহেঁতেন৷ হয়তো অতিমাৰীৰ বাবে প্রতিবেদনখন কার্যকৰী কৰাত কিছু পলম হৈছে৷ কাৰণ যিবোৰ বিষয় তাত উল্লেখ আছে, সেয়া এমাহ বা পাঁচ মাহৰ ভিতৰত কার্যকৰী কৰিব পৰা বিষয় নহয়৷ সমিতিৰ পৰামর্শসমূহ কার্যকৰী কৰিবলৈ যথেষ্ট সংশোধনীৰ প্রয়োজন আছে৷ তদুপৰি প্রতিবেদনখন ২ বছৰৰ ভিতৰত কার্যকৰী কৰিবলৈ চৰকাৰক পৰামর্শ আগবঢ়োৱা হৈছে৷ গতিকে ৫ মাহৰ ভিতৰতে এয়া কার্যকৰী কৰিব পৰা নাযায়৷ ইফালে, একেখন সমিতিৰে সদস্য, বিশিষ্ট আইনজীৱী নিলয় দত্তই এই প্রসংগত কয় যে প্রতিবেদনখন ৰাজহুৱা কৰাটো কোনো গোপনীয়তা ভংগ কৰাৰ বিষয় নহয়৷ বৰং এই প্রতিবেদনত কি আছে, সেয়া জনাটো অসমৰ ৰাইজৰ অধিকাৰহে৷ উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন ৰাজহুৱা কৰা বাবে আছু ধন্যবাদৰ পাত্র বুলি তেওঁ মন্তব্য কৰে৷