নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়াৰ সুৰক্ষা–ভূমিৰ পট্টা প্রদান–বেদখলমুক্ত লৈ প্রস্তাৱ গ্রহণ

ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াৰ গুৰুত্বপূর্ণ সভাঃ ২০২১ৰ বিধানসভা নির্বাচনক লৈ ৰণকৌশল যুগুতঃ ৰাষ্ট্রীয় সভাপতিৰ ভিডি’ কনফাৰেঞ্চ

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ২০২১ চনৰ বিধানসভা নির্বাচনত পুনৰ ক্ষমতালৈ অহাৰ লক্ষ্যৰে ব্যাপক ৰণকৌশল যুগুতাইছে শাসকীয় বিজেপিয়ে৷ এই লক্ষ্যৰে মঙলবাৰে দলটোৰ ৰাজ্যিক বিষয়ববীয়াৰ সভাত গ্রহণ কৰা হয় এলানি গুৰুত্বপূর্ণ পদক্ষেপ৷ বিজেপিক প্রতিহত কৰাৰ লক্ষ্যৰে শেহতীয়াকৈ কংগ্রেছ আৰু ইউ ডি এফৰ মাজত গঢ়ি ঠা মিত্রতাৰ পাছতে বিশেষভাৱে তৎপৰ হৈ পৰা গেৰুৱা দলটোৱে আজিৰ এই গুৰুত্বপূর্ণ বৈঠকৰ জৰিয়তে পুনৰ খিলঞ্জীয়াৰ সুৰক্ষা, ভূমিৰ পট্টা প্রদান, অবৈধ নাগৰিকৰ দখলত থকা ভূমি বেদখলমুক্ত কৰাৰ প্রতিশ্রুতি ক্ষিপ্রতাৰে পালনৰ কথা দোহাৰিলে৷ এক গুৰুত্বপূর্ণ ৰাজনৈতিক আৰু অর্থনৈতিক প্রস্তাৱযোগে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে বিগত সময়ছোৱাত খিলঞ্জীয়াক ভূমিৰ পট্টা প্রদান, সত্র–নামঘৰ, কাজিৰঙা বনাঞ্চলৰ মাটি বেদখলমুক্ত কৰা, অসম চুক্তিৰ ৬নং দফা কার্যকৰী আৰু খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ গ্রহণৰ সিদ্ধান্ত গ্রহণ কৰে৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত মঙলবাৰে পুৱাৰ ভাগত অনুষ্ঠিত দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ দ্বিতীয়টো কার্যকালৰ প্রথমখন পূর্ণকালীন বিষয়ববীয়াৰ সভাত কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতাক অশুভ ইংগিত বুলি অভিহিত কৰি দুয়োটা দলে সাম্প্রদায়িক ৰাজনীতিৰ আশ্রয় লোৱা বুলিও অভিহিত কৰা হয়৷

মঙলবাৰৰ বৈঠকতে বিজেপিয়ে ৰাজনৈতিক প্রস্তাৱযোগে স্পষ্ট কৰে যে জাতি–মাটি–ভেটি সুৰক্ষাৰ সংকল্পৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত গঠন হোৱা ৰাজ্য চৰকাৰখনে বিগত চাৰিটা বছৰত খিলঞ্জীয়াৰ সুৰক্ষা, খিলঞ্জীয়াক ভূমিৰ পট্টা প্রদান, প্রতিটো জাতি–জনগোষ্ঠীৰ সমবিকাশৰ ধাৰা শক্তিশালী কৰা, অসম চুক্তিৰ ৬নং দফা কার্যকৰী আৰু ভাৰত–বাংলাদেশৰ উন্মুক্ত সীমান্তত কাঁইটীয়া তাঁৰৰ বেৰ নির্মাণ ক্ষিপ্রতাৰে সম্পন্ন কৰাৰ ক্ষেত্রত বিশেষ সফলতা লাভ কৰিছে৷ ইয়াৰ বিপৰীতে ৫৫ বছৰীয়া কংগ্রেছৰ শাসনকালত ৰাজ্যখনৰ কেইবাখনো জিলা আৰু কিছু বিশেষ অঞ্চলত খিলঞ্জীয়া মানুহে মাটি–ভেটি বিক্রী কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ ৰাজ্যবাসীক ভয়াৱহ দিশলৈ ঠেলি দি কংগ্রেছে খিলঞ্জীয়াবিৰোধী নীতি গ্রহণ কৰিছিল৷ খিলঞ্জীয়াবিৰোধী স্থিতিৰ বাবেই প্রয়াত মুখ্যমন্ত্রী হিতেশ্বৰ শইকীয়াৰ চৰকাৰক ৩০ লাখ বাংলাদেশীয়ে চৰকাৰ ওফৰাই দিয়াৰ ধমকনি দিয়াও অসমবাসীয়ে পাহৰি যোৱা নাই৷

মঙলবাৰে ৰাজনৈতিক প্রস্তাৱযোগে বিজেপিয়ে স্পষ্ট কৰি দিয়ে যে কংগ্রেছ–ইউ ডি এফৰ মিত্রতাক ৰাজ্যখনৰ খিলঞ্জীয়া ভূমিপুত্রসকলে নিজৰ অধিকাৰ সুৰক্ষা কৰাৰ স্বার্থত গুৰুত্ব সহকাৰে ল’ব৷ বিগত লোকসভা নির্বাচনতো কংগ্রেছ–ইউ ডি এফৰ মিত্রতা হৈছিল৷ ৰাজ্যসভাৰ উপৰি সমাগত বিটিচি নির্বাচনতো কংগ্রেছ, এ আই ইউ ডি এফ আৰু গণ সুৰক্ষা পার্টীয়ে একেলগে নির্বাচনত নমাৰ কথা পোহৰলৈ আহিছে৷ সেয়েহে কংগ্রেছ–এ আই ইউ ডি এফৰ পৰিকল্পিত ষড়যন্ত্রই যাতে অসমখনক পুনৰ ক্ষতি কৰিব নোৱাৰে, তাৰ বাবে অসমবাসী সজাগ হৈ থাকিব লাগিব৷ উল্লেখ্য যে বিধানসভা নির্বাচনলৈ ৬ মাহ বাকী থকা অৱস্থাত বিজেপিক ওফৰাবলৈ শেহতীয়াকৈ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ মিত্রতা প্রায় চূড়ান্ত হৈছে৷ এই মিত্রতাই অহা নির্বাচনত বিজেপিৰ দখলত থকা কেইবাটাও সমষ্টিত প্রত্যাহ্বান সৃষ্টি কৰাৰ সম্ভাৱনা প্রবল৷

এনে সম্ভাৱনা আগত লৈয়ে মঙলবাৰে শাসকীয় দলটোৰ বিষয়ববীয়াৰ সভাত এনে মিত্রতাক প্রত্যাহ্বান জনাবলৈ কি ধৰণৰ ৰণকৌশল গ্রহণ কৰা হ’ব, তাক লৈ এক দীঘলীয়া আলোচনা চলে৷ প্রায় ৭ ঘণ্টাজুৰি চলা বিষয়ববীয়াৰ এই সভাতে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাই কিদৰে দলৰ দখলত থকা একাংশ সমষ্টিত প্রভাৱ বিস্তাৰ কৰিব পাৰে, তাৰ এক বিস্তৃত বিৱৰণ দাঙি ধৰাৰ লগতে এই সমষ্টিসমূহৰ লগতে ৰাজ্যৰ আন সমষ্টিসমূহত দলৰ নেতৃত্বই কি ধৰণে ৰণকৌশল প্রস্তুত কৰিব লাগিব, সেই সম্পর্কে অৱগত কৰে৷ উল্লেখ্য যে বিজেপিয়ে এইবাৰ ১০০+ আসন দখলৰ লক্ষ্য বান্ধি লৈছে৷ এই লক্ষ্যৰে ইতিমধ্যে সাংগঠনিক কাম–কাজ আগুৱাই নিয়া শাসকীয় দলটোৱে আনকি ১২৬টা বিধানসভা সমষ্টিৰ পৰা বিধায়কৰ ৰিপ’ট কার্ডো সংগ্রহ কৰিছে৷ মঙলবাৰে দিশবোৰ উল্লেখ কৰি গুৰুত্বপূর্ণ বৈঠকখনত জ্যেষ্ঠ মন্ত্রী ড০ শর্মাই দলৰ নেতৃত্বই কি ধৰণে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাক ওফৰাই দলৰ প্রার্থী জয় কৰাত অহিৰণা যোগাব লাগিব, সেই সম্পর্কে এক দীঘলীয়া ভাষণ আগবঢ়ায়৷

উল্লেখ্য যে মঙলবাৰে গুৰুত্বপূর্ণ বৈঠকখনৰ আৰম্ভণিতে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে ৰাজ্যিক বিজেপিৰ নতুন বিষয়ববীয়াসকলক শুভেচ্ছা জনোৱাৰ লগতে আগন্তুক বিধানসভা নির্বাচনৰ বাবে সকলোকে সাজু হ’বলৈ আহ্বান জনায়৷ ৰাষ্ট্রীয় সভাপতিগৰাকীয়ে জনসংযোগ সম্পর্ক অভিযান অব্যাহত ৰাখি প্রতিটো সমষ্টিতে কার্যকর্তাসকলক ৰাইজৰ ওচৰলৈ যোৱাৰ বাবেও পৰামর্শ প্রদান কৰে৷ তদুপৰি অহা নির্বাচনত বিজেপিৰ লক্ষ্য ১০০+ আসন দখলৰ সংকল্প দৃঢ় কৰাৰ বাবেও আহ্বান জনায়৷ মঙলবাৰৰ বৈঠকতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে দলৰ প্রতিগৰাকী নেতাক ৰাইজৰ ওচৰত থিয় হোৱাৰ বাবে আহ্বান জনোৱাৰ লগতে পুনৰ চৰকাৰ গঠনৰ বাবে দলৰ প্রতিজনকে দৃঢ়তাৰে কাম কৰি যাবলৈ আহ্বান জনায়৷

ইফালে, মঙলবাৰৰ বৈঠকত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আত্মনির্ভশীল ভাৰতৰ প্রতি জনোৱা আহ্বানৰ প্রতি সঁহাৰি জনাই এলানি অর্থনৈতিক প্রস্তাৱো গ্রহণ কৰা হয়৷ এই প্রস্তাৱৰ জৰিয়তে অর্থনীতিক দুগুণ বৃদ্ধি, উন্নতমানৰ প্রযুক্তি ব্যৱহাৰ, যুৱ জনবিন্যাসৰ সদ্ব্যৱহাৰ, কৃষিৰ ক্ষেত্রত ক্ষুদ্র আৰু মজলীয়া উদ্যোগ স্থাপনেৰে বিপ্লৱ সূচনা কৰাৰ পদক্ষেপ গ্রহণৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ আনহাতে, ক’ভিড–১৯এ ৰাজ্যত সৃষ্টি কৰা জটিল পৰিৱেশৰ পাছতো ৰাজ্যখনৰ পৰিস্থিতি স্থবিৰ কৰি ৰাখিবৰ বাবে সক্ষম হোৱা তথা ক’ভিড টেষ্টত আন ৰাজ্যক চেৰ পেলাই অসমে সপ্তম স্থানত থকাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ আজিৰ বৈঠকত ধন্যবাদসূচক প্রস্তাৱ গ্রহণ কৰা হয়৷ বিশেষকৈ চাৰি মাহত ১৬টাকৈ ক’ভিড পৰীক্ষাৰ লেব স্থাপন আৰু ক্ষিপ্রতাৰে সহস্রাধিক কোৱাৰেণ্টাইন কেন্দ্র স্থাপন কৰি অসমৰ স্বাস্থ্যখণ্ড সমগ্র দেশৰ ভিতৰতে এক নিদর্শনস্বৰূপে দাঙি ধৰাৰ বাবে স্বাস্থ্যমন্ত্রী শর্মাক বিশেষ ধন্যবাদ জ্ঞাপন কৰে এই সভাই৷

You might also like