নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীয়কৰ সাংবাদিক মৃদুল বৰুৱাৰ অকাল বিয়োগ

‘নিয়মীয়া বার্তা’–‘নিউজ লাইভ’

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ ‘নিউজ লাইভ’ আৰু ‘নিয়মীয়া বার্তা’ৰ টীয়কৰ সাংবাদিক মৃদুল বৰুৱা আৰু নাই৷ মঙলবাৰে নিশা প্রায় ১০ বজাত যোৰহাট মিছন হাস্পতালত চিকিৎসাধীন অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে উদীয়মান যুৱ সাংবাদিকগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪১ বছৰ৷ মঙলবাৰে নিশা সাংবাদিকগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অগণন বন্ধু–বান্ধৱৰ লগতে শুভকাংক্ষীসকল আহি যোৰহাট মিছন হাস্পতালত উপস্থিত হৈ শোকত ভাগি পৰে৷ জণ্ডিচ আৰু লিভাৰৰ ৰোগত ভুগি থকা মৃদুল বৰুৱাক যোৱা ২ আগষ্টত যোৰহাট মিছন হাস্পতালত ভর্তি কৰোৱা হৈছিল যদিও মঙলবাৰে অগণন গুণমুগ্ধক কন্দুৱাই ইহলোকলৈ গতি কৰিলে সাংবাদিক মৃদুল বৰুৱাই৷ টীয়কৰ বনাইত অঞ্চলত ১৯৭৯ চনত জন্মগ্রহণ কৰা মৃদুল বৰুৱা আছিল এজন প্রথম শ্রেণীৰ গীটাৰবাদক৷ প্রায় এটা দশক ধৰি জনপ্রিয় শিল্পী মহেন্দ্র হাজৰিকাৰ সৈতে গীটাৰ সংগত কৰি নিজৰ কলাসুলভ মনৰ পৰিচয় দিয়া মৃদুল বৰুৱা সমগ্র টীয়ক অঞ্চলতেই জনপ্রিয় আছিল৷ বনাই হাইস্কুলৰ অৱসৰপ্রাপ্ত শিক্ষক ৰিশেশ্বৰ বৰুৱাৰ একমাত্র পুত্র মৃদুল বৰুৱাই বনাই হাইস্কুলৰ পৰা শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হৈ টীয়কৰ চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্রী লাভ কৰি সংবাদ ক্ষেত্রখনৰ সৈতে জড়িত হৈ পৰে৷ নিউজ লাইভৰ জন্মলগ্ণৰে পৰা টীয়কৰ পৰা সংবাদ সেৱা আগবঢ়াই অহা মৃদুল বৰুৱাই মৃত্যুৰ সময়ত পিতৃ–মাতৃৰ লগতে পত্নী আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ গৈছে৷ সাংবাদিকগৰাকীৰ মৃত্যুত ‘নিয়মীয়া বার্তা’ৰ পৰিয়ালবর্গই শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ সাংবাদিক বৰুৱাৰ মৃত্যুত যোৰহাট প্রেছ ক্লাব, আছু, যুৱ–ছাত্র পৰিষদ, যোৰহাট তাই আহোম ছাত্র সন্থা আদিকে ধৰি বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে গভীৰ শোক প্রকাশ কৰাৰ লগতে বিদেহ আত্মাৰ সদ্গতি কামনা কৰে৷সাংবাদিক মৃদুল বৰুৱাৰ মৃত্যুত দেৰগাঁও ই–মিডিয়া এছ’চিয়েচন আৰু দেৰগাঁও সাংবাদিক সন্থাই গভীৰ শোক প্রকাশ কৰিছে৷ মার্ঘেৰিটা সাংবাদিক সন্থাৰ তৰফৰ পৰা মৃদুল বৰুৱাৰ মৃত্যুত শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷ ইফালে, শিৱসাগৰ জিলাৰ বার্তাজীৱী সংঘই এক শোকবার্তাত সাংবাদিকগৰাকীৰ মৃত্যু সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি সাহসী সাংবাদিক তথা উজ্জ্বল মেধাসম্পন্ন গুণৰ অধিকাৰী মৃদুল বৰুৱাৰ মৃত্যুত সকলো মর্মাহত বুলি উল্লেখ কৰে৷ বার্তাজীৱী সংঘই শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে৷

You might also like