নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোষ্ঠীগত সংঘর্ষত উত্তপ্ত বৰছলাৰ অৰিয়াণ্টলী

চানাক কেন্দ্র কৰি সূত্রপাত ঘটা কাজিয়াই ল’লে সংঘাতৰ ৰূপঃ হাতে হাতে যাঠী–জোং–ধনু লৈ ৫ শতাধিকৰ আক্রমণ

নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ   স্বাধীনতা দিৱসৰ ত্রিৰংগ পতাকাৰ তলত দেশৰ ঐক্য–শান্তি–প্রগতিৰ পণ লোৱাৰ দিনটোতেই গোষ্ঠীগত সংঘর্ষই উত্তাল কৰি তুলিলে শোণিতপুৰ জিলাৰ বৰছলা বিধানসভা সমষ্টিৰ অন্তর্গত অৰিয়াণ্টলী৷ বছৰ বছৰ ধৰি বিভিন্ন জাতি–ধর্ম–ভাষাৰ লোকে মিলা–প্রীতিৰে বসবাস কৰি অহা চাহ বাগিচা অধ্যুষিত অঞ্চলটোত সংঘটিত অনাকাংক্ষিত এই ঘটনাই স্থানীয় ৰাইজক স্বাভাৱিকতে শংকিত কৰি তুলিছে৷ চানাচুৰক কেন্দ্র কৰি প্রথমতে তর্কাতর্কি, তাৰ পাছত কাজিয়াৰ পৰা গৈ দুই গোষ্ঠীৰ মাজত সংঘাতে শনিবাৰে নিশা আৰু দেওবাৰে পুৱা অৰিয়াণ্টলীত ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ আনকি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ শোণিতপুৰ জিলা প্রশাসনে অৰিয়াণ্টলী গাঁও আৰু বাগিচা এলেকাত অনির্দিষ্টকাললৈ সান্ধ্য আইন জাৰি কৰিবলগীয়া হৈছে৷ ঘটনা সন্দর্ভত জানিব পৰা মতে, অৰিয়াণ্টলী চ’কত চানাচুৰ বিক্রী কৰা পিংকু ৰাজবংশী নামৰ ক্ষুদ্র ব্যৱসায়ীজনে শনিবাৰে সন্ধিয়া নিজৰ দোকান বন্ধ কৰি ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে ওৰাং উপাধিৰ এজন যুৱক উপস্থিত হয়৷ যুৱকজনে চানাচুৰৰ সৈতে পিংকু ৰাজবংশীৰ পৰা কটা পিঁয়াজ বিচাৰে৷ কিন্তু পিঁয়াজ নথকা বাবে দিব নোৱাৰাত পিংকু ৰাজবংশীৰ সৈতে প্রথমতে তর্কাতর্কিত লিপ্ত হয় যুৱকজন৷ এটা সময়ত এই তর্কাতর্কিয়ে কাজিয়াৰ ৰূপ লয়৷ আনকি ওৰাং উপাধিৰ সুৰাপায়ী যুৱকজনে পিংকু ৰাজবংশীক উপর্যুপৰি প্রহাৰ কৰিবলৈ ধৰে৷ পিংকু ৰাজবংশীক উদ্ধাৰ কৰিবলৈ অহা যুগল নাথ নামৰ আন এজন যুৱককো মাৰধৰ কৰে জনৈক ওৰাঙে৷

ঘটনাৰ ইমানতে ওৰ নপৰিল৷ চানাচুৰক কেন্দ্র কৰি সৃষ্টি হোৱা এই কাজিয়াৰ বাতৰি বিয়পি পৰাত নিশাই হাতে হাতে যাঠী, জোং, লাঠী, ধনু, তৰোৱাল আদি লৈ আদিবাসী–চাহ জনগোষ্ঠী সম্প্রদায়ৰ এদল লোক ওলাই আহে৷ উন্মক্ত দলটোৱে ক্ষুদ্র ব্যৱসায়ী পিংকু ৰাজবংশী আৰু তেওঁক বচাবলৈ আগবাঢ়ি অহা যুগল নাথক বিচাৰি দুয়োৰে ঘৰত আক্রমণ চলায়৷ শিলাবর্ষণ কৰাৰ লগতে এফালৰ পৰা ঘৰৰ দর্জা–খিৰিকীৰ আইনা ভাঙি দলটোৱে লণ্ডভণ্ড কৰে৷ ঘৰৰ চুকত লুকাই কথমপিহে যুৱক দুজনৰ নিৰপৰাধী পৰিয়াল দুটাই প্রাণৰক্ষা কৰিবলৈ সক্ষম হয়৷ ইয়াৰ মাজতে অৱশ্যে আক্রমণকাৰী দলটোক আনটো পক্ষয়ো প্রত্যাক্রমণ কৰে৷ অভিযোগ অনুসৰি ঘটনাস্থলীত বহু পলমকৈ উপস্থিত হৈছিল আৰক্ষী৷ তৎসত্ত্বেও আৰক্ষীৰ হস্তক্ষেপত নিশা পৰিস্থিতি নিয়ন্ত্রণলৈ আহে যদিও দেওবাৰে পুৱা প্রায় ৯ বজাত হাতে হাতে যাঠী–জোং আদি লৈ কমেও ৫ শতাধিক আদিবাসী–চাহ জনগোষ্ঠীৰ লোকে অৰিয়াণ্টলী গাঁৱত সন্ত্রাস সৃষ্টি কৰে৷ উন্মত্ত দলটোৱে নির্দিষ্ট কেইটামান পৰিয়ালৰ ঘৰত আক্রমণ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে৷ আনকি দলটোৱে বাসগৃহৰ ভিতৰত প্রৱেশ কৰি উপদ্রৱ চলোৱাৰ লগতে ঘৰৰ দুৱাৰ–খিৰিকী, টিনপাত, মটৰচাইকেল, টিভি, ফেন, গডৰেজ আদি ভাঙি লণ্ডভণ্ড কৰে৷ ইমানতে ক্ষান্ত নাথাকি উন্মত্ত দলটোৱে ব্যৱসায়িক প্রতিষ্ঠানক আক্রমণৰ লক্ষ্য কৰি লয়৷ আৰক্ষী বাহিনীৰ চকুৰ সন্মুখতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

স্থানীয় ৰাইজে জানিবলৈ দিয়া অনুসৰি আদিবাসী–চাহ জনগোষ্ঠী এই প্রায় ৫০০জনীয়া দলটোৱে অসমীয়াভাষী লোকৰ ৩০টাতকৈও অধিক বাসগৃহ লণ্ডভণ্ড কৰিছে৷ এই আক্রমণত অৰিয়াণ্টলীত ৰূপম গোস্বামী, বিপুল কুমাৰ নাথ, প্রণৱজ্যোতি নাথ, মিলিক নাথ, কেশৱ নাথ, নীলকান্ত নাথ, তপন নাথ, অজিত নাথ আদিৰ বাসগৃহৰ কম–বেছি পৰিমাণে ক্ষতি হৈছে৷ তদুপৰি কালি নিশা আৰু আজি পুৱাৰ ঘটনাত উভয় পক্ষৰ ১৩জনকৈ লোক গুৰুতৰভাৱে আহত হোৱাত আটাইকে চিকিৎসাধীন কৰিবলগীয়া হৈছে৷ এই ঘটনাক কেন্দ্র কৰি সমগ্র অঞ্চলটোত তীব্র উত্তেজনাই বিৰাজ কৰাৰ মাজতে দুপৰীয়া প্রায় ১২.৩০ বজাত ঘটনাস্থলীত উপস্থিত হয় শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, অতিৰিক্ত উপায়ুক্ত, ঢ়েকীয়াজুলি ৰাজহ চক্রৰ চক্র বিষয়া আৰু ঢ়েকীয়াজুলি থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়াকে ধৰি আৰক্ষী–প্রশাসনৰ এটা দল৷ তেওঁলোকে স্থানীয় ৰাইজৰ লগতে দুয়োপক্ষৰ লগত আলোচনা কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হৈছে যদিও বর্তমানেও চেপা উত্তেজনা অব্যাহত আছে৷ সম্ভাব্য পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে শোণিতপুৰ জিলা প্রশাসনে অৰিয়াণ্টলীত আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ এটা বৃহৎ দল মোতায়েন কৰাৰ উপৰি আজিৰে পৰা অনির্দিষ্টকাললৈ জাৰি কৰিছে সান্ধ্য আইন৷

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় বিধায়ক গণেশ লিম্বুৰ লগতে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱা, আটছাৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য মোহন তাঁতী, শোণিতপুৰ জিলা সমিতিৰ সভাপতি লক্ষেশ্বৰ মির্ধা, আছাৰ কেন্দ্রীয় উপ–সভাপতি মেলকাছ তপ্ণ, সংগঠনটোৰ শোণিতপুৰ জিলা সমিতিৰ সভাপতি শচীন দাসকে ধৰি বিভিন্ন দল–সংগঠনৰ প্রতিনিধি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে৷ প্রত্যেকে সকলো পক্ষকে সংযত হৈ শান্তি–সম্প্রীতি অটুট ৰখাৰ বাবে আহ্বান জনোৱাৰ উপৰি ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি বিহাৰ দাবী তুলিছে৷

আনহাতে, ঘটনাৰ সূত্রপাত ঘটোৱাৰ অভিযোগত যুগল নাথ নামৰ যুৱকজনক কালি নিশাই ঢ়েকীয়াজুলি আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দর্ভত ইতিমধ্যে দুয়োটা পক্ষৰ এজাহাৰ গ্রহণ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে৷ এই ঘটনা প্রসংগত অঞ্চলটোত ব্যাপক হাৰত অবৈধ বিলাতী সুৰাৰ প্রচলনৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ বিশেষকৈ আটছা আৰু আছাৰ নেতৃবৃন্দই কয় যে একাংশ লোকে অঞ্চলটোত অবৈধ বিলাতী সুৰাৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে৷ সুৰাৰ লগত খাবলৈ চানাচুৰ বিচাৰি যোৱাক কেন্দ্র কৰি  ঘটনাৰ সূত্রপাত ঘটা বুলিও তেওঁলোকে দাবী কৰিব খোজে৷ উল্লেখ্য যে যোৱা ৫ আগষ্টত অযোধ্যাত ৰাম মন্দিৰত ভূমি পূজন–শিলান্যাস কৰাৰ লগত সংগতি ৰাখি বৰছলাত বিধানসভা সমষ্টিৰ অন্তর্গত গৰুডুবাৰ সমীপৱর্তী ভৰাশিঙৰিৰ ছুটিপাহাৰস্থিত হৰগৌৰী মন্দিৰলৈ পূজা দিবলৈ যোৱা বজৰং দলৰ কর্মী আৰু ভক্তক আক্রমণৰ লক্ষ্য কৰি লৈছিল সংখ্যালঘু সম্প্রদায়ৰ একাংশ লোকে৷ এই ঘটনাক কেন্দ্র কৰি গৰুডুবাত সংঘটিত হৈছিল ভয়ংকৰ কাণ্ড৷ ইয়াৰ চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ অৰিয়াণ্টলীত সংঘটিত হ’ল গোষ্ঠীগত সংঘর্ষৰ দৰে আন এক চাঞ্চল্যকৰ কাণ্ড৷

You might also like