খৈৰাবাৰীত পিতৃৰ ছুৰিকাঘাতত প্রাণ গ’ল পুত্রৰঃ কমলপুৰত পুত্রই মৰিয়াই মাৰিলে মাক–বাপেকক
নিয়মীয়া বাৰ্তা ১৭ আগষ্টঃ ওদালগুৰি জিলাৰ খৈৰাবাৰী থানাৰ অন্তর্গত ঝাৰগাঁৱত যোৱানিশা সংঘটিত হয় এক লোমহর্ষক হত্যাকাণ্ড৷ নিশা ১১মান বজাত সংঘটিত ঘটনাটোৱে খৈৰাবাৰী–ঝাৰগাঁও অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণীত প্রকাশ যে ঝাৰগাঁও নিৱাসী উত্তম শৰণীয়াই (৪৫) মদ্যপান কৰি পাৰিবাৰিক কন্দল লগাই ঘৰখনত প্রায়ে অশান্তিৰ সৃষ্টি কৰি থাকে৷ যোৱানিশাও সুৰাসক্ত হৈ কোনো কাৰণ নোহোৱাকৈ উত্তমে দুই পুত্রক আক্রমণৰ লক্ষ্য কৰি লয়৷ প্রতিৱেশীৰ ভাষ্য অনুসৰি সুৰামত্ত উত্তমে উগ্রমূর্তি ধৰি প্রথমে সৰু পুত্র ৰজনী শৰণীয়াক (১৬) এখন চোকা ছুৰীৰে হানি–খুঁচি আক্রমণ কৰে৷ ৰজনীৰ বুকুত প্রচণ্ড জোৰেৰে ছুৰী সুমুৱাই দি আঘাত কৰাত ডাঙৰ পুত্র বিক্রম শৰণীয়াই (১৯) বাধা দিবলৈ চেষ্টা কৰে৷ বাধা প্রদান কৰা বিক্রমকো পিতৃ উত্তমে একেখন ছুৰীৰে বুকুত আঘাত কৰে৷ ফলত দুই পুত্র ৰজনী আৰু বিক্রম গুৰুতৰভাৱে আহত হয়৷ নিশাৰ ভাগতে দুয়োকে ততাতৈয়াকৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও সৰু পুত্র ৰজনী শৰণীয়াৰ আদবাটতে মৃত্যু হয়৷ ডাঙৰ পুত্র বিক্রম শৰণীয়া সম্প্রতি জি এম চি এইচত চিকিৎসাধীন হৈ আছে৷ ইপিনে, আজি পুৱা খৈৰাবাৰী আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত হত্যাকাৰী উত্তম শৰণীয়াক নিজ গৃহৰ পৰা আটক কৰি ওদালগুৰিৰ জে’ল–হাজোতলৈ প্রেৰণ কৰে৷
কমলপুৰৰবৰমাৰৈ পুত্রই মৰিয়াই মৰিয়াই হত্যা কৰিলে পিতৃ–মাতৃক
কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তর্গত বৰমাৰৈত আজি পুৱা সংঘটিত এক নৃশংস হত্যাকাণ্ডই বৃহত্তৰ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আৰক্ষী সূত্রই প্রকাশ কৰা অনুসৰি বৰমাৰৈ গাঁৱৰ দেৱৰু কাকতি আৰু বাসন্তী কাকতিৰ নিজ পাষণ্ড পুত্র দ্বীপেন কাকতিয়ে মৰিয়াই মৰিয়াই হত্যা কৰে পিতৃ–মাতৃক৷ পিতৃ–মাতৃ দেৱৰু কাকতি (৭২) আৰু বাসন্তী কাকতি (৬৫)ক নৃশংসভাৱে হত্যা কৰা পাষণ্ড পুত্র দ্বীপেন কাকতিক ইতিমধ্যে কমলপুৰ আৰক্ষীয়ে আটক কৰিছে৷ কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া মৃণাল কুমাৰ দাসৰ নেতৃত্বত যোৱা এটা আৰক্ষী দলে হত্যাকাৰীগৰাকীক আটক কৰি সোধা–পোছা আৰম্ভ কৰিছে৷ ওচৰ–চুবুৰীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া অনুসৰি আজি পুৱা প্রায় ৭.৩০ বজাত পিতৃ–মাতৃৰ পুত্রগৰাকীৰ সৈতে সামান্য কথাক লৈ বাক্–বিতণ্ডা হয়৷ এই বাক্–বিতণ্ডাই চৰম ৰূপ লোৱাত পাষণ্ড পুত্রই এডাল বাঁহেৰে মৰিয়াই মৰিয়াই ঘৰৰ পৰা ৰাজপথলৈ নি হত্যা কৰে বৃদ্ধ পিতৃ–মাতৃক৷ এই ঘটনাই সমগ্র কমলপুৰ অঞ্চলকে জোকাৰি গৈছে৷ দুর্ভগীয়া পিতৃ–মাতৃৰ চাৰিগৰাকী পুত্রৰ তিনিগৰাকী পুত্র কর্মসূত্রে বাহিৰতে থাকে৷ পিতৃ–মাতৃক হত্যা কৰি হত্যাকাৰী পুত্রই পাছত ঘৰৰ আচবাব আদিও লণ্ডভণ্ড কৰে৷ এগৰাকী ওচৰৰ যুৱকে এই কার্যক বাধা দিয়াত যুৱকজনকো বাঁহেৰে বেয়াকৈ মাৰধৰ কৰে হত্যাকাৰীয়ে৷ কমলপুৰ আৰক্ষী থানাত সংবাদ মাধ্যমৰ সন্মুখত অনুতপ্ত হত্যাকাৰীগৰাকীয়ে নিজে আৰক্ষীৰ ওচৰত এতিয়া ফাঁচি বিচাৰিছে৷ কমলপুৰ আৰক্ষীয়ে সমগ্র ঘটনা সন্দর্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ মৃতদেহ দুটা আৰক্ষীয়ে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰিছে ৷